ক'বলৈ
নিবিচৰা কথাবোৰ যন্ত্ৰণা হৈ উঠে ,
কিন্তু
কোৱাৰ অধিকাৰ নাই আনক মুঠেও ।
কেতিয়াবা কোনোবাই ক'ব পাৰেনে ? হঠাৎ বতাহজাক কোন দিশে বলিব
জীৱনৰ প্ৰতি মুহূৰ্তত লুকাই থাকে ,
নতুন পোৱা নোপোৱা কিবা এটা ।
যি সকলোৰে অচিনাকি অজনা ,
নৈ য়ে বান আনে পলস পেলাই ।
শুকান খেৰকুটা উটি ভাহিঁ যায় , অনিশ্চাসত্বেও নৈ ৰ বানৰ লগত ।
ধৰি যে ৰাখিব নোৱাৰে সময়ক ,
কোনেওঁ এদিন নিজৰ হাতৰ বন্ধনত ।
📝ৰিংকী মণি নাথ
নমস্কাৰ স্বাগতম জনাইছোঁ আপোনাক । লেখাটো বা সংখ্যাটো পঢ়ি কেনেকুৱা পাইছে তলত কমেন্ট বক্সত লিখি আমাক জনাবলৈ নাপাহৰিব । লগতে লেখাটোৰ তলত দিয়া হোৱাটচএপ, ফেচবুক বুটামত টিপি লেখাটো আপোনাৰ শুভাংকাশী সকলৰ সৈতে শ্বেয়াৰ কৰি দিব । ধন্যবাদ