ফাগুন অহা বাটেৰে
তুমি নাহিবা
মোৰ চ'তৰ বৰদৈচিলালৈ
ভয় লাগে।।
বৰদৈচিলাই ধ্বংসহে
ৰিঙিয়াই মাতে।।
অহা যদি শৰততে আহিবা
শৰতত সুগন্ধি ফুলে
হৃদয় ভৰাই তোলে।।
তোমালৈ যতনাই ৰাখিম
মোৰ পদুলিৰ দুৱৰীৰ দলিছা।।
নিয়ৰে ধুঁৱাব তোমাৰ দু-ভৰি
আলফুলে আদৰিম তোমাক
হৃদয় পজালৈ বুলি।।
পল অনুপলকৈ পাৰ হৈ যাব
এটি ঋতু
নকলেও বুজি পোঁৱা চাগে
মই যে তোমাৰ নিশাৰ আলহী।।
এঙামুৰি দি যেতিয়া সুৰুয ওলাই
গোপনে তোমাৰ পৰা মাঁগো বিদায়
দি থৈ যাওঁ
পুনৰ মিলনৰ প্ৰতিশ্ৰুতি।।
তুমি শৰৎ আৰু মই
তোমাৰ উশাহত উশাহ থোঁৱা কুঁৱলি.......!!!
✍️প্ৰতিভা বৰ্মন
নলবাৰী
নমস্কাৰ স্বাগতম জনাইছোঁ আপোনাক । লেখাটো বা সংখ্যাটো পঢ়ি কেনেকুৱা পাইছে তলত কমেন্ট বক্সত লিখি আমাক জনাবলৈ নাপাহৰিব । লগতে লেখাটোৰ তলত দিয়া হোৱাটচএপ, ফেচবুক বুটামত টিপি লেখাটো আপোনাৰ শুভাংকাশী সকলৰ সৈতে শ্বেয়াৰ কৰি দিব । ধন্যবাদ