শিশুবোৰ ফুলৰ দৰে

Rinku Rajowar
0
ফুলৰ স্থান সদাই ফুলনিত |
ঘৰৰ সন্মুখত দেশী বিদেশী বহুৰঙী ফুলেৰে সুশেভিত এখনি ফুলনিৰ কি দুৰ্বাৰ আকৰ্ষণ | চাই থাকিলে মনৰ ভাগৰ পলায় | মনলৈ প্রশান্তিৰ ভাৱ আহে | ফুলৰ সৌৰভে দেহ মন পুলকিত কৰি তোলে | সেয়াই ফুলৰ গৌৰৱ | ফুল প্রকৃতি দেৱীৰ নুমলীয়া জীয়ৰী | ফুল ভাল নোপোৱা মানুহ পৃথিৱীত নাই বুলিবই পাৰি | ঠিক সেইদৰে শিশুক ভাল নোপোৱা মানুহ | যিয়ে শিশু আৰু ফুল ভাল পাব নোৱাৰে সি চয়তান হবই লাগিব | 
     এই ফুলৰ দৰে শিশুবোৰক আমি আজিৰ চয়তানবোৰে সিহঁতক শিশুৰ দৰে জীয়াই থাকিবলৈ দিছোনে ? সিহঁতক প্রকৃতিৰ নিৰ্মল বতাহ মুক্তভাবে লবলৈ দিথোনে ? চকুদুটা মুদি বুকুত হাতখন থৈ নিদক সুধকচোন এবাৰ আমি কি কৰিছোঁ | যাৰ মুখৰ সুকোমল হাঁহি চাবলৈ , থুনুক থানাক এষাৰ মাত শুনিবলৈ ব্যগ্র হৈ থাকো , যাৰ পৰা আমি স্বৰ্গীয় সুখ লাভ কৰো , অবুজ আনন্দই মনটো ভৰাই তোলে আৰু সিহঁতেই হৈছে শিশু | শিশু ভগবানৰ অমূল্য দান | যাক লাভ কৰিবলৈ কোনো কোনোৱে ক্ যে নকৰে | কি কি কৰিব লগীয়া নহয় | তথাপিও এই দানৱৰূপী মানৱৰ সু-মতি হ'ব কেতিয়া ?
      নানুহ কেনেকৈ ইমান তললৈ নামিব পাৰে ? এটা দুষ্কৰ্ম কৰিবলৈ দিবলৈ তেওঁলোকৰ বিবেক কি টোপনী যায় নেকি ? কোন সতেৰে এজন হৃদয়বান মানুহে  , এজন বিবেকবান মানুহে মুখেৰে উচ্চাৰণ কৰিব নোৱাৰা , লিখিতৰূপত প্রকাশ কৰিব নোৱাৰা কামবোৰ কৰিব পাৰে ? এই লেখাত সেই ঘৃননীয় কামবোৰৰ লেখ দিবলৈ মোক বিবেকে বাধা দিছে | তাৰো পৰি এক মৰ্যাদা সম্পন্ন দিশে বাট বুলিবলৈ অগ্রসৰ হোৱা অসমীয়া সাহিত্যৰ চানেকি নামৰ আলেচনীখনৰ সন্মানত আঘাট হানিব বুলি বিবেচনা কৰিছোঁ | আজিৰ মানুহবোৰ দেখাতহে মানুহ হৈ আছে | নিজেই নিজক বিশ্বাস কৰিব নোৱাৰা দিনত আমি বসবাস কৰিছোঁ |
      কুৰুকাত ধুলি , বালি , দি ভাত ৰান্ধা , বিভিন্ন বন পাত শাকেৰে আঞ্জা ভাজি বনোৱা , লুকা ভাকু খেলা , দৰা কইনা খেলা আমাৰ এই ভৱিষ্যত প্রজন্মৰ ফুল সদৃশ শিশুবোৰ সিহঁত সিহঁতৰ মনৰ জোখাৰে সুখী | সিহঁতে নিজে আনন্দ পোৱাৰ লগতে আনকো কিমান যে  আনন্দ দিয়ে তাৰ কথা কাৰ সৈতে তুলনা কৰিব পাৰি | সেই কথা জানিও , বুজিও আমি সিহঁতৰ শৈশৱ কাঢ়ি অনা ঘৃননীয় কামবোৰ আমি কেনেকৈ কৰিব পাৰো ?
      নিজে সভ্য নহলে , এনেবোৰ কামত নিজে দৃঢ় প্রতিজ্ঞ নহলে , নিজৰ মন বিবেকক নিজে নাকি নলগালে আনে কৈ মেলি আনক ঠিক কৰিব নোৱাৰে | আহক আমি নিজক সংশেধন কৰি আমি মানুহ হোৱাৰ গৌৰৱ অৰ্জন কৰো |

    🖋️হেমেন হাজৰিকা

Post a Comment

0Comments

নমস্কাৰ স্বাগতম জনাইছোঁ আপোনাক । লেখাটো বা সংখ্যাটো পঢ়ি কেনেকুৱা পাইছে তলত কমেন্ট বক্সত লিখি আমাক জনাবলৈ নাপাহৰিব । লগতে লেখাটোৰ তলত দিয়া হোৱাটচএপ, ফেচবুক বুটামত টিপি লেখাটো আপোনাৰ শুভাংকাশী সকলৰ সৈতে শ্বেয়াৰ কৰি দিব । ধন্যবাদ

Post a Comment (0)