চুবুৰীটোত নৰেন মাষ্টৰ বুলি ক'লে সকলোৱে চিনি পায়। এসময়ত এই নৰেন মাষ্টৰে আছিল বাদুলীপাৰা অঞ্চলটিৰ একমাত্ৰ শিক্ষক। সকলো ছাত্ৰ-ছাত্ৰীকে তেখেতে মৰম আৰু আদৰেৰে শিক্ষা দিছিল সেইবাবে এই বৃদ্ধ বয়সতো তেখেতক সকলোৱে সমীহ কৰি চলে। নৰেন মাষ্টৰৰ দুটা সন্তান -ডাঙৰটোৰ নাম বিনোদ আৰু সৰু পুতেকৰ নাম দিগন্ত। দুয়ো দেখাত প্ৰায় একে। সৰুতে দুয়ো বৰ মিলা-প্ৰীতিৰে আছিল। ক'ৰবালৈ গ'লেও লগতে গৈছিল,যিকোনো বস্তু ভগাই খাইছিল। বিনোদ দিগন্ততকৈ তিনি বছৰৰ ডাঙৰ ।সৰুৰে পৰাই দুয়ো পঢ়াত মেধাৱী আছিল আৰু সেইবাবেই দেউতাক নৰেন মাষ্টৰে দুয়ো পুতেকৰ উজ্জ্বল ভৱিষ্যতৰ কথা ভাবি দুয়োকে চহৰৰ এখনি নামী ইংৰাজী মাধ্যমৰ বিদ্যালয়ত নাম ভৰ্তি কৰি দিলে। প্ৰথম কেইটামান শ্ৰেণীত দুয়ো ভালদৰেই উত্তীৰ্ণ হ'ল। কিন্তু অষ্টম শ্ৰেণীত পোৱাৰ লগে লগে হঠাৎ বিনোদৰ কি হ'ল জানো? তাৰ পঢ়া শুনাৰ প্ৰতি আগ্ৰহ নোহোৱা হ'ল। সি দিনক দিনে দুষ্টামি কৰিবলৈ ধৰিলে। ক্লাছতো মনোযোগ নিদিয়া হ'ল। মাজে সময়ে স্কুললৈ বুলি আহি বাটে -পথে মাৰ্বলগুটি খেলি সময়বোৰ অতিবাহিত কৰিবলৈ ধৰিলে।
মাহৰ শেষৰ দিনটোত অভিভাৱকৰ সভা অনুষ্ঠিত কৰাটো বিদ্যালয়খনৰ নিয়ম আৰু তেনেকুৱা প্ৰতিখন সভাতেই নৰেন মাষ্টৰ উপস্থিত থাকে। আগতে কাহানিও তেওঁ পুতেক দুটিৰ বিষয়ে একো অভাৱ অভিযোগ শুনা নাছিল। বৰঞ্চ প্ৰশংসামূলক কথাহে শুনিছিল। কিন্তু এইবাৰ বিনোদৰ বিষয়ে যিবোৰ অভিযোগ শুনিলে নৰেন মাষ্টৰৰ বুকুত যেন এডাল গজালহে সোমাল। শিক্ষক হৈয়ো নিজ পুতেকক সুপথে পৰিচালিত কৰিব নোৱাৰাৰ বাবে অনুতাপত দগ্ধ হ'ল। সি নিজকে লজ্জিত অনুভৱ কৰিলে। ঘৰলৈ আহিয়েই দুয়ো পুতেকক ওচৰলৈ মাতিলে আৰু প্ৰথমে দিগন্তক সুধিলে, "ক' চোন তহঁত দুয়োটা স্কুললৈ বুলি ক'লৈ যাৱ?" দিগন্তই একো উত্তৰ নিদি তলমূৰ কৰি ৰ'ল। বিনোদেও একো নোকোৱা দেখি দুয়োকে চেকনিৰে দুকোব চৰালে আৰু বিনোদলৈ চাই ক'লে-"তহঁতে মোৰ নাকটো কাটিলি। ভালদৰে পঢ়া -শুনা কৰিব মন আছে যদি ক', ন'হলে ঘৰৰ পৰা ওলাই যা। " বিনোদৰ মগজুত কেৱল শেষৰ শাৰী বাক্যৰ বাদে বাকীখিনি নোসোমাল।দেউতাকে কেৱল দিগন্তকে নিজৰ পুত্ৰ বুলি ভাবে। এনেধৰণৰ চিন্তাক সাৰোগত কৰি কাকো নজনোৱাকৈ বিনোদ মনে মনে ঘৰৰ পৰা ওলাই গুছি গ'ল। দেউতাকে সকলোতে বিচাৰি চলাথ কৰিলে কিন্তু বিনোদৰ একো শুংসূত্ৰ উলিয়াব নোৱাৰিলে। হতাশ মনেৰে নৰেন মাষ্টৰ ঘৰলৈ উভতি আহিল আৰু দিগন্তকে কণাৰ লাখুটি ভাবি ভালদৰে পঢ়া-শুনা কৰিবলৈ ক'লে। দিগন্তই দেউতাকৰ কথামতে মনপুতি পঢ়িবলৈ ল'লে আৰু হাইস্কুল শিক্ষান্ত পৰীক্ষাত সুখ্যাতিৰে উত্তীৰ্ণ হৈ দেউতাকৰ লগতে অঞ্চলটোৰ নাম উজলাই তুলিলে। নৰেন মাষ্টৰক বিনোদৰ হেৰুওৱা বেদনাই এতিয়াও দুখ দিয়ে। মাজে সময়ে তেখেতে বিনোদৰ কথা ভাবি চকুলো টুকে।
প্ৰথম বিভাগত উত্তীৰ্ণ হোৱা দিগন্তক দেউতাকে বিজ্ঞান শাখাত নাম ভৰ্তি কৰি দিয়ে। উচ্চতৰ মাধ্যমিক পৰীক্ষাত সুখ্যাতিৰে উত্তীৰ্ণ হোৱাৰ লগতে ডাক্তৰী পঢ়াৰ যি হাবিয়াস পুহি ৰাখিছিল তাতো দিগন্তই সুযোগ লাভ কৰে আৰু সেই উদ্দেশ্যেৰে এদিন দিগন্ত অসমৰ বাহিৰলৈ গুছি যায়। দিগন্ত যোৱাৰ পিছত ঘৰখনত নৰেন মাষ্টৰ অকলশৰীয়া হৈ পৰিল। সি কেতিয়াবা বৰ নিঃসংগ যেন অনুভৱ কৰে। যি কি নহওক তেওঁৰ পুতেক যেতিয়া বাহিৰলৈ পঢ়িবলৈ গৈছে এদিন তেওঁ নিশ্চয় নামজ্বলা ডাক্তৰ হ'ব ইয়াকে ভাবি নৰেন মাষ্টৰে দিনবোৰ পাৰ কৰিবলৈ ধৰিলে। দেউতাকৰ বাধ্য সন্তান দিগন্তই এদিন ডাক্তৰী পাছ কৰি চাকৰিসূত্ৰে আমেৰিকালৈ ৰাওনা হয় আৰু তাতে চাকৰি কৰিবলৈ ল'লে। পুতেকক ইমান দূৰলৈ পঠাবলৈ নৰেন মাষ্টৰ প্ৰথমাৱস্থাত অমান্তি হৈছিল যদিও দিগন্তই যাবলৈ ইচ্ছা কৰাত বাধা নিদিলে। দিগন্তই দেউতাকক তালৈ লৈ যোৱাৰ কথা ভাবিছিল যদিও নিজৰ জন্মস্থান তথা স্বহস্তে সৃষ্ট নিজৰ ঘৰ বাৰী এৰি যাবলৈ নৰেন মাষ্টৰ অপ্ৰস্তুত হ'ল। বৰপুত্ৰ বিনোদ উভতি অহাৰ আশাত তেওঁ তাতে থকাটো থিৰাং কৰিলে। নৰেন মাষ্টৰৰ পৰা বিদায় মাগোঁতে তেখেতে দিগন্তক ক'লে, "মই বৰ অকলশৰীয়া বোপাই, মাজে সময়ে ঘৰলৈ আহি থাকিবি, বৰপোণাক হেৰুৱালো যদিও মোৰ বোধেৰে সি এতিয়াও জীৱিত। " দিগন্তই ক'লে -"তই সেইবোৰ চিন্তা নকৰিবি দেউতা, মই তোৰ খা-খবৰ লৈ থাকিম নহয় আৰু বিহুৰ বন্ধতটো ঘৰলৈ আহিমেই। "
আমেৰিকালৈ গৈ প্ৰথম কেইদিন দিগন্তই নিয়মীয়াকৈয়ে দেউতাকৰ খা-খবৰ লৈছিল। পিছলৈ আমেৰিকাৰ যান্ত্ৰিকতা তথা জলবায়ুয়ে দিগন্তকো গ্ৰাস কৰিলে। লাহে লাহে সি দেউতাকৰ খা -খবৰ লোৱাটো কমাই দিলে। দেউতাকৰ ফোন আহিলেও কাটি দিয়া হ'ল। এনেকৈয়ে কেইবামাহো পাৰ হৈ গ'ল। ক'তা বিহুৰ বন্ধতো দিগন্তৰ ঘৰলৈ আহিবলৈ সময় নহ'ল মাথোঁ কৰ্মব্যস্ততাৰ অজুহাত দেখুৱালে। দেউতাকে এইবাৰ মনত বেজাৰ পালে।"ইমান কষ্টৰে পঢ়াই -শুনাই শিক্ষিত কৰিলো আজি আক' বিহুৰ বন্ধতো ঘৰলৈ আহিবলৈ আজৰি নাই। " - দেউতাকে মনতে ভোৰভোৰালে। ইয়াৰ পিছত নৰেন মাষ্টৰ মাজে সময়ে খাবলৈ -ববলৈ মন নকৰা হ'ল। ইফালে দিগন্তই তাৰে ছোৱালী এজনী বিয়া পাতি সংসাৰো কৰিলে। দেউতাকৰো একো খা-খবৰ নোলোৱা হ'ল। নৰেন মাষ্টৰ পুতেকৰ চিন্তাত মানসিকভাৱেও দুৰ্বল হৈ পৰিল।পিছলৈ তেওঁৰ মূৰ আচন্দ্ৰাই ধৰিবলৈ ল'লে। দিনক দিনে তেওঁৰ শৰীৰৰ অৱস্থা বেয়াৰ ফাললৈ গতি কৰিলে। সি খাব -বব,খোজ কাঢ়িব নোৱাৰা হ'ল।
কেইবাদিনো ধৰি বাহিৰলৈ নোলোৱা দেখি ওচৰৰে সীমান্তই নৰেন মাষ্টৰৰ খবৰ ল'বলৈ গৈ দেখে যে তেওঁৰ অসুখ। সি দিগন্তক দেউতাকৰ বেমাৰৰ বিষয়ে জনালে যদিও একো ইপ্সিত উত্তৰ নাপালে। সীমান্তই চুবুৰীয়া কেইজনমানৰ লগ হৈ নৰেন মাষ্টৰক হস্পিতালত ভৰ্তি কৰিলে। পুতেক ডাক্তৰ হৈয়ো নৰেন মাষ্টৰৰ এনে অৱস্থা দেখি সকলোৱে দুখ অনুভৱ কৰিলে। আনহাতে নৰেন মাষ্টৰৰ বেমাৰ কমক চাৰি বাঢ়িবলৈহে ধৰিলে। যিমানেই বেমাৰ বাঢ়িবলৈ ধৰিলে সিমানেই তেখেত ভ্ৰম বকিবলৈ আৰম্ভ কৰিলে। নৰেন মাষ্টৰৰ মুখত কেৱল বিনোদৰ নামটো কেইবাবাৰো উচ্চাৰণ কৰা শুনি নতুনকৈ বদলি হৈ অহা চকীদাৰজনে কাকনো মাতিছে বুলি জানিব বিচৰাত নৰেন মাষ্টৰে ঘেঁহাই ঘেঁহাই তেওঁৰ বৰপুতেকৰ কথা ক'লে। তেতিয়া চকীদাৰজনে তেওঁলোকৰ অঞ্চলৰে সফল ব্যৱসায়ী ৰিপণ আগৰৱালাৰ ঘৰত কাম কৰা এজন বিনোদক চিনি পোৱাৰ কথা ক'লে। বিনোদৰ কথা শুনি বৃদ্ধ নৰেন মাষ্টৰৰ মুখত হাঁহি বিৰিঙিল। তাৰ পিছত চকীদাৰজনে বিনোদক লগ কৰি দেউতাকৰ বিষয়ে সকলো বিৱৰি কোৱাত লগে লগেই বিনোদ দেউতাকৰ ওচৰলৈ ঢাপলি মেলিলে। দেউতাকক এনে অৱস্থাত দেখিব বুলি বিনোদে কল্পনাও কৰা নাছিল। দেউতাকক দেখিয়েই বিনোদে সাৱটি ধৰিলে আৰু হুকহুকাই কান্দি পেলালে। দেউতাকে প্ৰথমে বিনোদক চিনিব পৰা নাছিল যদিও যেতিয়া তেওঁৰেই ডাঙৰ পুত্ৰ বিনোদ বুলি নিশ্চিত হ'ল তেৱোঁ কান্দিবলৈ ধৰিলে। যি নহওক মৃত্যুৰ সময়ত হেৰুওৱা পুতেকক ঘূৰাই পাই আৰু নিজৰ সম্পত্তিখিনি পুতেকক চমজাই দিবলৈ পাই নৰেন মাষ্টৰে শান্তিৰে চকু মুদিলে দেউতাকৰ মৃত্যুত আৰু নিজে কৰা ভুলৰ বাবে বিনোদ অনুশোচনাত দগ্ধ হ'ল যদিও দেউতাকৰ স্মৃতিকে সাৰোগত কৰি দিগন্তক মিলনৰ আশাৰে সি পুৰণা ঘৰতে স্থায়ীভাৱে থাকিবলৈ ল'লে। এবছৰমানৰ পিছত গাঁৱৰে ছোৱালী এজনী বিয়া পাতি সুখেৰে দিন অতিবাহিত কৰিবলৈ ল'লে। বিনোদৰ জীৱনত নৱপ্ৰভাতৰ উদয় হ'ল।
🖌দীপাৱলী কুৰ্মি
নমস্কাৰ স্বাগতম জনাইছোঁ আপোনাক । লেখাটো বা সংখ্যাটো পঢ়ি কেনেকুৱা পাইছে তলত কমেন্ট বক্সত লিখি আমাক জনাবলৈ নাপাহৰিব । লগতে লেখাটোৰ তলত দিয়া হোৱাটচএপ, ফেচবুক বুটামত টিপি লেখাটো আপোনাৰ শুভাংকাশী সকলৰ সৈতে শ্বেয়াৰ কৰি দিব । ধন্যবাদ