আত্মোপলব্ধি

Rinku Rajowar
0
কোনোবাজনে মোক সুধিলে,"হে প্ৰাণসখা মানুহে সদায় কি বিচাৰি হাবাথুৰি খায়? "
    উত্তৰত মই ক'লো,  হে প্ৰিয় সুহৃদ , মানুহৰ জীৱ বৰ জটিল, যিমান পৰিমাণে মানুহ লোভী সিমান ৰূপে মানুহ আক্ৰোশী হয় ৷ মানুহে কেতিয়াও নিজতে পৰিপূৰ্ণতা অনুভৱ নকৰে ৷ যিজন মানুহে  সদায় লাভ কৰাখিনিতে পৰিপূৰ্ণ ভাৱিব পাৰে সেইজন সুখী মানুহ হয় ৷ মানুহে ধন,ঐশ্বৰ্য, সুনাম,সুখ এইবোৰ বিচাৰে সঁচা কথা ৷ কিন্তু এইবোৰ মাত্ৰ মাত্ৰ এক নিমিত্ৰ উপাদানহে মাথোঁন ৷
     শ্ৰী কৃষ্ণই গীতাত কৈছিল,'পৰিৱৰ্তনেই সংসাৰৰ নিয়ম' ৷ এই কথাষাৰ সংসাৰৰ প্ৰত্যেক জীৱৰ ক্ষেত্ৰতে বিদ্যমান হয় ৷ গীতাৰ এই বাক্যশাৰীয়েই তোমাৰ প্ৰশ্নৰ উত্তৰ ৷ মানুহে নিজৰ জীৱনত একমাত্ৰ পৰিৱৰ্তন বিচাৰে ৷ মানুহে প্ৰত্যেক সময়তে ভাৱে যে নিজৰ জীৱনটো বৰ্তমান যিদৰে আছে তাতকৈ সলনি হওঁক,পৰিৱৰ্তন হওঁক ৷ লাগিলে সি সুৰূপেই হওঁক বা কুৰূপ পৰিৱৰ্তনেই হওঁক ৷ আজি যদি দুখৰ জীৱন কোনোজনে জীয়াই আছে সেইজনে সুখৰ জীৱনলৈ পৰিৱৰ্তন বিচাৰে, আজি যদি কোনোৱে দৰিদ্ৰ হৈ জীয়াই আছে সেইজনে আধ্যৱন্ত জীৱনলৈ পৰিৱৰ্তন বিচাৰে ইত্যাদি ইত্যাদি কেতবোৰ বহু উদাহৰণ আমাৰ মাজত আছে ৷ পৰিৱৰ্তন সকলোতে প্ৰয়োজনীয়, লাগিলে সি ব্যক্তি বিশেষ হওঁক বা ৰাষ্ট্ৰ বিশেষ হওঁক ৷ পৰিৱৰ্তন সকলোতে আছে কিন্তু প্ৰত্যেক মানুহৰ বিচাৰ কাৰ্যৰ ওপৰতহে পৰিৱৰ্তনে ভাল বা বেয়াৰ প্ৰতিৰূপ বহন কৰে ৷
 
✍️দিব্যজ্যোতি ৰাজখোৱা

Post a Comment

0Comments

নমস্কাৰ স্বাগতম জনাইছোঁ আপোনাক । লেখাটো বা সংখ্যাটো পঢ়ি কেনেকুৱা পাইছে তলত কমেন্ট বক্সত লিখি আমাক জনাবলৈ নাপাহৰিব । লগতে লেখাটোৰ তলত দিয়া হোৱাটচএপ, ফেচবুক বুটামত টিপি লেখাটো আপোনাৰ শুভাংকাশী সকলৰ সৈতে শ্বেয়াৰ কৰি দিব । ধন্যবাদ

Post a Comment (0)