ভ্ৰম

Rinku Rajowar
0
তুমি মোৰ  প্ৰেমত  পৰিছা।
কথাবোৰ ভাবিয়েই মোৰ  ভাল লাগি গ'ল ।
সিদিনাৰ পৰাই  মোৰ
আকাশখন  আপোন যেন  লগা  হ'ল।
পুৱতিৰ পখীৰ কাকলিত ছন্দ বিচাৰি পালো ।
দুপৰৰ  ৰ'দালি চুমি লেখিলো  প্ৰেমৰ কবিতা ।
কথাবোৰ  পৰস্পৰে কোৱা নহ'ল !
তোমাৰ  ব্যস্ততাত ব্যাঘাত জন্মাৰ আশংকাত যোগাযোগো  প্ৰায় শূন্য ।
মাথোন  বৃত্তৰ ভিতৰতে অলীক কল্পনাবিলাসী হৈ
বিচৰণ কৰিলো।
মোৰ চৌপাশৰ ঘটনাক্ৰমৰ পৰা  নিজকে  বিচ্ছিন্ন কৰিলোঁ ।
এদিন, তোমাৰ  ব্যস্ততাৰ অন্ত পৰিল; 
মোহনীয়া ৰূপেৰে কাষ চাপি তুমি কৈ গ'লা বহু কথা ।
মোৰ সান্নিধ্য আৰু  সহায়ৰ বাবে ভূয়সী প্ৰশংসাৰে উপচাই, 
মই  প্ৰস্তাৱ ডাঙি ধৰাৰ  মূহুৰ্তত অকপটে কৈ  গ'লা তোমাৰ নিবিড় প্ৰেমৰ কাহিনী, যাৰ  নায়ক মই  কোনোদিনেই নাছিলো।
কিন্তু এক ভ্ৰমত যে মই  ডুব  গৈ আছিলো !!

🖋️ৰীতামণি বৰদলৈ (গুৱাহাটী )

Post a Comment

0Comments

নমস্কাৰ স্বাগতম জনাইছোঁ আপোনাক । লেখাটো বা সংখ্যাটো পঢ়ি কেনেকুৱা পাইছে তলত কমেন্ট বক্সত লিখি আমাক জনাবলৈ নাপাহৰিব । লগতে লেখাটোৰ তলত দিয়া হোৱাটচএপ, ফেচবুক বুটামত টিপি লেখাটো আপোনাৰ শুভাংকাশী সকলৰ সৈতে শ্বেয়াৰ কৰি দিব । ধন্যবাদ

Post a Comment (0)