ৰুণজুন (খণ্ড-২৩) ধাৰাবাহিক উপন্যাস

©Admin
0
   
পুৱা শুই উঠি ৰুণে পুতেক মুনলৈ ফােন লগালে । সি ফােন ধৰিলে মাকৰ । তাৰ খবৰ ল'লে মাকে । ঠিকে - ঠাকে গৈ পালিনে নাই সুধিলে । পুৱা চাহ আৰু ব্ৰেকফাষ্ট খাই ৰুণ আজি মাকৰ ঘৰলৈ বুলি ওলাল ।
অমল খুৰাক ক'লে ," মই মাৰ ঘৰলৈ যাও , মােৰ কাৰণে ভাত নবনাবা "।

ৰুণ ওলাল । এখন plain শাৰী  পিন্ধি ল'লে - মুগা ৰঙৰ । লগত সদায় ড্ৰাইভাৰতোৱেই থাকে -গাড়ী চলাবৰ বাবে ।
মাকৰ ঘৰ গৈ পালে ।
মাকে সকলােৰে কথা সুধিলে  আৰু ৰুণে ভালবুলি কৈ থৈ দিলে ।
    ৰুণে দেউতাকক ক'লে,"
দেউতা মােৰ নামত থকা দুমহলীয়া ঘৰতােৰ চাবিতো দিবাচােন ।
: দেউতা - কিয় খুজিলি হঠাতে ?  কি কৰিবি এতিয়া ?
: ৰুণ -মই কিবা এটা  টিউচন Centre  খুলাে বুলি ভাবিছাে ।
: দেউতা : কি টকাৰ অভাৱ হৈছে নেকি ?
: ৰুণ - নাই দেউতা । এনেয়ে ।
: দেউতা - দৰকাৰ যদি ল ।
তােৰেই সম্পত্তি ।
: মাক - কিয় হঠাৎ এই সিদ্ধান্ত ল'লি?
: ৰুণ- মা বহি বহি bore হৈ গৈছাে  ।
: মা - মই তােক মন কৰিছাে  - আগৰ দৰে  তােৰ মুখত হাঁহি তামাচা নাই , কি হৈছে ক'
ৰুণ লাহে লাহে গম্ভীৰ হৈ আহিবলৈ ধৰিলে । ক'বলৈ আৰম্ভ কৰিলে -----
মা, মই মিছা সজাত বন্দী হৈ আছাে ।
তোমালােকে নাজানা ।
মই সকলাে ত্যাগ কৰিম ।
মনতাে দৃঢ় কৰি লৈছাে -
কাৰো সহায় বা আশ্ৰয় নিবিচাৰো । মই আৰু কাৰো পত্নী হৈ থাকিব নিবিচাৰো ।
মই মাত্ৰ তোমালােকৰ ৰুণ হৈ থাকিম ।
মই সংকল্প লৈছাে -অকলশৰে থকাৰ ।
কাৰণ , ৰিহণ নিজা পৃথিৱীত থাকে । নিজৰ কামতেই ব্যস্ত হৈ থাকে ।
মই যে আছাে এগৰাকী পত্নী কেৰেপেই নকৰে ।
নে , মানুহে কামৰ খাতিৰত কৰিছেনে - নে অন্য কাৰণত কৰিছে মই একাে বুজি পোৱা নাই ।
সেয়েহে, মই একেবাৰে আতৰি আহাে বুলি ভাৱিছাে ।
কাৰণ-  তেওঁৰ মানসিক টান মই কাহানিবাই হেৰুৱাইছাে, তোমালােকক কোৱাহে নাছিলাে ।
কিমান সহ্য কৰিম?
নােৱাৰো  আৰু ।

সেই পৃথিৱীখনৰ ( ৰিহণৰ ঘৰৰ) পৰা একেবাৰে গুচি আহিম ।
কাৰো সহচয্য নিবিচাৰো ।
মনতাে মই থিৰ কৰি
পেলালাে ।
মােক কােনেও বাধা নিদিবা ।
অকলশৰে থকাৰ সিদ্ধান্ত লৈছাে ।

মাক আৰু দেউতাকে শিল পৰা কপৌৰ দৰে তাইৰ মুখলে চাই থাকিল ।
তেওঁলােকে তাইৰ কথাত একাে প্ৰশ্ন কৰাৰ আঁত বিছাৰি নেপালে ।

কথাখিনি কৈ উঠি তাই আগৰ নিজৰ ৰুমত সোমাই থাকিল আৰু চিঞঁৰি চিঞঁৰি কান্দিবলৈ ধৰিলে ।
মাক- দেউতাকে সেই সময়ত
তাইক একাে আমনি নকৰিলে । তাইক হেপাহঁ পলুৱাই কান্দিবলৈ দিলে ।
দিনতােত কাৰো ভাত খােৱা নহ'ল ।
তাইক জােৰ কৰিও একাে খুৱাব নােৱাৰিলে আৰু ঘৰৰ চাবিও নল'লে ।
কিছু সময় থকাৰ পাছত তাই ঘৰলৈ যাবলৈ ওলাল ।
মাক -দেউতাকৰ মুখৰ মাত সৰি গ'ল ।
তাই ঘৰ অভিমুখে যাত্ৰা কৰিলে .....।
              আগলৈ

📝মীনা পামে গাম

Post a Comment

0Comments

নমস্কাৰ স্বাগতম জনাইছোঁ আপোনাক । লেখাটো বা সংখ্যাটো পঢ়ি কেনেকুৱা পাইছে তলত কমেন্ট বক্সত লিখি আমাক জনাবলৈ নাপাহৰিব । লগতে লেখাটোৰ তলত দিয়া হোৱাটচএপ, ফেচবুক বুটামত টিপি লেখাটো আপোনাৰ শুভাংকাশী সকলৰ সৈতে শ্বেয়াৰ কৰি দিব । ধন্যবাদ

Post a Comment (0)