জনজাতীয় ৰাভাসকলৰ গীত মাত বগেজাৰী-০৪

Rinku Rajowar
0
যোৱা সংখ্যাৰ পিছৰ পৰা...
বিহুগীত পৰিবেশন কৰোতে আৰম্ভণীতে আই সৰস্বতী , হৰি আৰু সমজুৱা ৰাইজলৈ প্রণাম জনাই গীত আৰম্ভ কৰে | তেনেকৈ বগেজাৰী গীত পৰিবেশন কৰাৰ আৰম্ভণীতেও সৰস্বতী মোহিনীক স্মৰণ কৰি ঢাক , ঢেল , বাঁহী , গবেনা প্রভৃতিৰ সন্মোহিনী বাদ্যৰ লগতে কণ্ঠত সুললিত গীতআৰু নাচোনত সুন্দৰ ভঙ্গীমাৰে যাতে মানুহৰ লগতেই দেওভূতকো মুহিব পৰা শক্তি লভিব পাৰে তাৰেই প্রাৰ্থনা জনাই----
সৰস্বতী মোহিনী গীতৰ চাহিনী 
কায়ো বজাই ঢাক ঢোল
কায়োবজাই বাঁহি
কায়ো বজাই গৰেনা থৰকা
কায়ো বজাই কাঁহৰ বাতি
দেও মন মুহিবা 
ফুৰে উজান ভাটি  |
গান দিয়া কণ্ঠত আমাৰ
ভৰিত নাচৰ ছেও
দেও ভূত মহিবা 
খাওক নাচৰ চেও  |
অসমীয়া বিহুগীতত নাচিব জনা ডেকা গাভৰুৱে যেনেকৈ ঢোল পেঁপাৰ মাত শুনিলে মনক দমাব নোৱাৰি সকলো কাম পেলাই থৈয়ো গীতত যোগদান কৰি নাচিবলৈ ধৰে তেনেকৈ বগেজাৰী এজনী তিৰোতায়ো বগেজাৰী গীত শুনিলে চিফুং বাঁহি , দীঘল পেটী  দুগুৰীৰ শব্দ শুনিলে বোকোচাত কেঁচুৱা বান্ধি লৈও নাচিবলৈ ধৰে | নাচোনৰ ছেৱত কেঁচুৱাকো পাহৰি উত্রাৱল হৈ নাচে | কেঁচুৱা মাটিত পৰি গলেও আনেহে সঁকিয়াই দিব লগা হয় |
  অ  হে  ৰূপে  মালী
  নাচোং  হালি  জালি
  নাচোনত  চানা  পৰিল
  লোও  বুটলি
  হে  ৰূপে  মালী  |  আগলৈ••

    🖍️হেমেন হাজৰিকা

Post a Comment

0Comments

নমস্কাৰ স্বাগতম জনাইছোঁ আপোনাক । লেখাটো বা সংখ্যাটো পঢ়ি কেনেকুৱা পাইছে তলত কমেন্ট বক্সত লিখি আমাক জনাবলৈ নাপাহৰিব । লগতে লেখাটোৰ তলত দিয়া হোৱাটচএপ, ফেচবুক বুটামত টিপি লেখাটো আপোনাৰ শুভাংকাশী সকলৰ সৈতে শ্বেয়াৰ কৰি দিব । ধন্যবাদ

Post a Comment (0)