আধৰুৱা প্ৰেমকাহিনী-সত্যমৰ চিনেমা ৰিলিজ (খণ্ড-২৪)

©Admin
0

সত্যম বিচনাৰ পৰা লৰালৰিকৈ উঠি প্ৰাতঃকৰ্ম সমাপন কৰি তৈয়াৰ হৈ মবাইলত নম্বৰ এটা ডায়ল কৰিলে ৷

সত্যমঃ হেল্ল ৰঘু গুড মৰ্ণিং উঠিলানে?

ৰঘুঃ গুড মৰ্ণিং দাদা মই কেতিয়াবাই উঠি          তৈয়াৰ হৈ আপোনাৰ ফোনটোলৈ              

অপেক্ষা কৰি আছিলো যাওঁনে ?

সত্যমঃ আহা আকৌ শুভ কামত দেৰি কিয় 

ৰঘুঃ অকেয় ফ’ন কাটক মই তুৰন্তে আহি          আছোঁ ৷                                              

সত্যমঃ অকে শীঘ্ৰে আহা ৷        

সত্যমে ফ’ন কাটি 

মিঃ ৰাজুলৈ ফ’ন লগালে

সত্যমঃ  হেল্ল ৰাজু দা গুড মৰ্ণিং                           আপোনালোক ৰেডীনে ?         

মিঃ ৰাজুঃ  হয় নিশ্চয় আমি ৰেডী হৈয়ে                    আছোঁ ৷                     

সেইসময়তে দিবাকৰ আহি মিঃ ৰাজুৰ হাতৰ পৰা মবাইল কাঢ়ি               

দিবাকৰঃ হেল্ল সত্যম দা গুড মৰ্ণিং কি            খবৰ ৷                           

সত্যমঃ অঃ ডিয়েৰ আ’ম ফাইন এণ্ড য়ু ?দিবাকৰঃ অঃ ব্ৰু আ’ম অলচ’ ফাইন কিন্তু              আপোনালৈ বৰ মনত পৰে  আই মিছ ইউ ৷                            

সত্যমঃ  মোৰো তোমালৈ মনত পৰে ,চিন্তা             নকৰিবা  এজ এ লংগ টাইম আজি  লগ হম , তুমি যাবানে ?                 

গুৱাহাটী মোৰ চিনেমা চাবলৈ ৷

দিবাকৰঃ  কি কথা কৈছে আপুনি মই এই ২৭ তাৰিখটোলৈ ৱেট কৰি আছিলোঁ , মোৰ ব্ৰুৰ মুভি ৰিলিজ হব আৰু মই চাবলৈ পাম এনেতে সত্যমে চোতালত গাড়ীৰ হৰ্ণ শুনি পালে ৷ সত্যম বাৰু ফ’ন ৰাখা ৰঘু গাড়ী লৈ আহি পালেহি মই ওলাইছোঁ তোমালোকে হাইৱেৰ কাষত আহি ৰৈ  থাকা ৷সত্যমে ফ’ন কাটি লৰালৰিকৈ ঘৰখনত তলা লগাই গাড়ীত বহি ৷

সত্যমঃ ৰঘু সকলো ঠিকঠাক নে ?        

ৰঘুঃ  হে চিন্তাই নকৰিব আজি ২৭                    তাৰিখটো মোৰ বাবে এক স্পিচিয়েল দিন ৷

সত্যমঃ অকে বলা ৷ গাড়ী বতাহৰ লগত কথা পাতি পাতি , গছ গছনি আদি সকলোকে যেন পাছলৈ এৰি আগুৱাই গৈ আছে ৷ কিছুসময়ৰ পাছত নাহৰজান তিনিআলি পালেহি ৷ আগৰেপৰাই ৰৈ থকা দিবাকৰ তাৰ মা দেউতা তিনিও গাড়ীত উঠিল ৷ যাত্ৰা আকৌ আৰম্ভ হ'ল ৷ মাজে মাজে সিহঁতৰ মাজত কথাবতৰা চলি আছে ৷

সত্যমঃ ( দিবাকৰক সাবটি ধৰি ) ডেকা                  ল'ৰা আৰ য়ু ফাইন ?

দিবাকৰঃ ভালেই আছোঁ , কিন্তু আপুনি                  আমাৰ গাঁৱৰ পৰা যোৱাৰ পাছত ফ’ন এটাও কৰিবলৈ সময় নাপালে  নে ? আমাক মনতে          পেলাবলৈ ৷

সত্যমঃ তেনে কথা নহয় , মই নুমলীগড়লৈ           যোৱাৰ পাছত বহুত ব্যস্ত হ'বলগা  হ'ল সেইকাৰণে ফ’ন কৰিবলৈ সময়  মিলা নাছিলে ৷

দিবাকৰঃ  আপুনি ভাই ডাঙৰ কৰা মানুহ            ব্যস্ত থাকিবই , আমিহে সৰু মানুহ মিছাকৈ মানুহক মনত পেলাই কান্দি থাকো ৷

সত্যমঃ ( দিবাকৰ মূৰত হাত ফুৰাই ) বাৰু               এয়া মোৰ প্ৰথম ভুল সেইকাৰণে মোক ক্ষমা কৰা ৷

দিবাকৰঃ মাত্ৰ ক্ষমা বিচাৰিলেই নহব মোৰ            চৰ্তও মানিব লাগিব কওঁক ৰেডী                 

নে ?

সত্যমঃ অকে মহাশয় আই এম ৰেডী কোৱা 

দিবাকৰঃ কৰ'না ভাইৰাছৰ কাৰণে আমাৰ            স্কুলবোৰ বন্ধ হৈ আছে গতিকে মোক আপুনি নিজৰ ঘৰলৈ নিব লাগিব ৷

সত্যমঃ ঠিক আছে বাৰু উভতি আহোতে              লৈ  যাম এতিয়া হেপ্পী ৷

দিবাকৰঃ  হেপ্পীয়ে নহয় আই এম এক্সাইটেড ৷      গাড়ীখন গৈ গৈ কাজিৰঙা ৰাষ্ট্ৰীয় উদ্যান পাৰ হৈ বুঢ়াপাহাৰৰ একাবেঁকা বাটেৰে গাড়ীখন গৈ গৈ জখলাবন্ধা পালেহী তাতে গাড়ী ৰখাই সকলোৱে দুপৰীয়া আহাৰ গ্ৰহণ কৰি পুনৰ যাত্ৰা আৰম্ভ কৰিলে ৷ সন্ধিয়া পাঁচটামান বজাত গাড়ীখন গৈ বুকিং কৰি থোৱা হোটেলৰ সন্মুখত ৰলহি লগেলগে কেইজনমান চুটবুট পিন্ধা ডেকা আহি সকলকে আদৰি নি হোটেলত একোটাকৈ কোঠাৰ চাবি দি ক’লে

" আপোনালোকে নিজৰ কোঠাত গৈ ফ্ৰেছ হৈ লওক তাৰ পাছত তলত আহিব চাহৰ ব্যৱস্থা কৰা হৈছে " 

সকলোৱে গৈ চাফচিকুণ হৈ তলত আহি চাহত বহিল এনেতে মাইকেলহঁত আহি সত্যমৰ সৈতে হাত মিলাই ক’লে

" যাত্ৰাত কিবা অসুবিধা হ'ল নেকি ? "সত্যমে কিবা কোৱাৰ আগতে দিবাকৰে কৈ দিলে                      " হয় হয় বৰ অসুবিধা হ'ল "                     

মিঃ ৰাজুৱে দিবাকৰক ধমক দি ক’লে " সোণ লিমিট ক্ৰচ কৰিছা মনে মনে থাক "

মাইকেলঃ ( মিঃ ৰাজুলৈ চাই ) একো নাই সৰু ল'ৰা কবলৈ দিয়কচোন ( দিবাকৰৰ মূৰত হাত ফুৰাই ) হয় ছাৰ কওকচোন আপোনাৰ কিনো অসুবিধা হ'ল ? 

দিবাকৰঃ  নকব দিয়ক সত্যম দাই বাটত                আইচক্ৰীম এটাও  নোখোৱালে 

মাইকেলঃ অ হয় নেকি , চিন্তা নকৰিবা                  চিনেমাৰ  শেষত মই বহুত                        আইচক্ৰীম খোৱাম ৷

সত্যমঃ সকলো তৈয়াৰী হ'ল নে ?                        মাইকেলঃ হ'ল সকলো তোমাৰহে              অপেক্ষাত ৷

সত্যমঃ জুবিন দা আহি পালে নে ?                      মাইকেলঃ জুবিন দা আহি আছে এতিয়া যোৱাটোৱেই ভাল হব নেকি ?

দিবাকৰঃ কলৈ যাম ?                      

মাইকেলঃ হললৈ আকৌ বলা তুমি মোৰ                লগত বলা ৷ ( বাটতে ) বাৰু তোমাৰ নামটো দিবাকৰ নহয় জানো ৷

দিবাকৰঃ হয়তো , আপুনি দেখােন আমাৰ              ঘৰলৈ গৈছিলে দেখােন                          পাহৰিলেই৷

মাইকেলঃ নাই পাহৰা এনেই সুধিছিলো                  বাৰু  সৌৱা আগফালে গৈ বহা মই কামত লাগুগৈ মাইকেল যোৱাৰ পাছত দিবাকা সত্যমহঁতৰ             লগত গৈ আগত বহিল ৷ 

সত্যমঃ ঠিক আছে বাৰু আপোনালোকে                বহক চোন মই আহিছো ৷ সত্যম গুচি গ'ল ৷

                    আগলৈ••

📝দুলাল ৰবিদাস




Post a Comment

0Comments

নমস্কাৰ স্বাগতম জনাইছোঁ আপোনাক । লেখাটো বা সংখ্যাটো পঢ়ি কেনেকুৱা পাইছে তলত কমেন্ট বক্সত লিখি আমাক জনাবলৈ নাপাহৰিব । লগতে লেখাটোৰ তলত দিয়া হোৱাটচএপ, ফেচবুক বুটামত টিপি লেখাটো আপোনাৰ শুভাংকাশী সকলৰ সৈতে শ্বেয়াৰ কৰি দিব । ধন্যবাদ

Post a Comment (0)