উত্তৰ দায়িত্ব (চুটিগল্প)

©Admin
0
  

 মালিনীয়ে মাহীয়েকক নঙলামুখলৈ আগবঢ়াই দিবলৈ বুলি আগবাঢ়িল ৷মাহীয়েকে তাইক সাৱধানে থকাৰ কথা ক’লে ৷লগতে মাহীয়েকৰ ল’ৰা ৰিকিয়ে সুস্থ হৈ হস্পিতালৰ পৰা আহিলেই আকৌ কেইদিনমানৰ বাবে আহিব বুলি ক’লে ৷ঘৰৰ দুৱাৰ খিৰিকি ভালদৰে দি লৈহে শুব ক’লে ৷মালিনীয়ে কান্দি কান্দি মাহীয়েকক বিদায় দিলে ৷তিনিবছৰীয়া লৰা "ঋষভ"ৰ সৈতে অকলে কেনেদৰে থাকিব কেনেদৰে তাৰ পোহপাল দিব ভাবি এক অজান শংকাই হেঁচা মাৰি ধৰিলে ৷গিৰিয়েক হঠাতে গাড়ী দুৰ্ঘটনাত নিহত হোৱা ২০ দিনহে হ’ল মাত্ৰ ৷আজি তাই অকলে লৰাটোৰ লগত কেনেকৈ থাকিব ?মুখা পিন্ধা ভদ্ৰ শিয়ালবোৰে জানো ৰাতি দুৱাৰৰ সন্মুখত হোৱা দিবলৈ নাহিব ?কাক মাতি আনিব তাই ৰাতিটো কটাবলৈ ?মালিনীৰ ঘৰখন গাৱৰ সিমূৰত আছিল ৷ মানুহৰ বসতিস্থল সেৰেঙা আছিল ৷তাইৰ বৃদ্ধ মাককে তাই গৈ লৈ আনিব বুলি ঠিৰাং কৰিলে ৷নাই মোমাইতকৈ কনা মোমায়ে ভাল বুলি ভাবিলে তাই ৷
         গধূলি হৈ অহাৰ লগে লগে তাইৰ শংকা বাঢ়িল ৷ল’ৰাটোক দিনতে ৰন্ধা খাদ্য অলপ খুৱাই টোপনি যাবলৈ বুলি বিচনাত তাই শুৱাই ল’লে
 ৷ৰাতি হৈ আহিল শোকে সন্তাপে তাইক আগুৰি ধৰিলে ৷দুৱাৰ খিৰিকিবোৰ পুনৰ এবাৰ চাই তাই নোখোৱাকৈ মনৰ দুখতে বিচনাত বাগৰি উচুপি থাকিল ৷ল’ৰাটো টোপনি গৈছিলহে মাথোঁ ৷কোনোবাই দুৱাৰখন টানিবলৈ আৰম্ভ কৰিলে ৷তাইক কোনোবাই দুৱাৰ খুলিবলৈ ক’লে ৷তাই ভয়তে উচপ খাই উঠিল ৷দুৱাৰ আৰু কাৰোবাৰ মাতত ঋষভ সাৰ পাই খুব জোৰকৈ কান্দি উঠাত দুৱাৰমুখৰ পৰা কোনোৱে দৌৰ মাৰিলে ৷তাক বুকুত সাৱটি দুয়ো বহু সময় কান্দি কান্দি শুই পৰিল ৷ৰাতিটো কিবাকৈ কটালে ৷
         দ্বিতীয় দিনা পুৱাতে উঠি গা পা ধুই খোৱা লোৱা কৰি তাই মাকক আনিবলৈ এক কিঃমিঃ বাট খোজ কাঢ়ি গাড়ী ধৰিবলৈ বুলি যাত্ৰা কৰিলে ৷নিৰ্জন লুংলুঙীয়া ৰাস্তাৰে ঋষভক কোলাত লৈ গৈ থাকোতে একেখন গাৱৰে তাইৰ এককালৰ প্ৰেমিক কাশ্যপ  এখন বিলাসী বাহনেৰে আহি আছিল ৷কাশ্যপে মাক দেউতাকবিহীন নিজা ঘৰখনলৈ বুলি ৪ বছৰৰ মূৰত ওলাল ৷
            হঠাতে কোলাত সন্তান এটি লৈ সন্মুখৰ পৰা মালিনীক দেখি গাড়ীখন ৰখাই দিলে ৷তাইৰ শোকাকুল মুখমণ্ডল দেখি কাশ্যপৰ বৰ দুখ লাগিল ৷কি হৈছে ধৰিবকে নোৱাৰি তাইক বাৰে বাৰে শুধিলে - তোমাৰ কিবা হৈছে নেকি বুলি ৷মালিনী আৰু থাকিব নোৱাৰিলে ৷তাইৰ দুচকুৰে পাৰ ভাঙি নামি আহিল অশ্ৰুৰ ঢল ৷পুনৰ উৎকণ্ঠাৰে  কাশ্যপে তাইক সোধাত তাই কান্দি কান্দি সকলো বিৱৰণ দিলে ৷কাস্যপে তাইৰ হাত এখনত ধৰি ধৰি ক’লে-তুমি মোৰ জীৱনৰ পৰা যোৱাৰ দিনাৰে পৰা মোৰ চৌদিশ অন্ধকাৰে আৱৰি ধৰিছিল ৷চাকৰি, বিলাসী বাহন , অট্টালিকা সকলোবোৰে মোক পোহৰ দিব নোৱাৰিলে ৷ কিয়নো মই তোমাক সঁচাকৈ বৰ ভাল পাইছিলো কাশ্যপৰ দুচকুৰে দুধাৰি চকুলো ওলাই আহিল ৷মালিনীয়েই উচুপি উচুপি কান্দি থাকিল ।
              এনেতে কাশ্যপে চকুলো মচি লৈ মালিনীৰ কান্ধত শুই পৰা মৰমলগা ঋষভৰ মূৰত হাত বুলাই দি কি নাম ৰাখিছা বুলি সোধাত মালিনীয়ে ঋষভ বুলি ক’লে ৷ কাশ্যপে মূৰত হাত বুলাই ক’লে মোতকৈ আৰু কোনে ভালকৈ বুজিব দেউতাক বিহীন জীৱনৰ দুখ কষ্ট কিমান হ’ব পাৰে ৷যিহেতু মোৰো দেউতা মই সৰু থাকোতে মৃত্যু হৈছিল ৷তেতিয়াৰে পৰা মোৰ মন অন্ধকাৰ হৈ পৰিছিল ৷কিন্তু মায়ে মোক বহুত মৰমত ডাঙৰ দীঘল কৰিছিল ।তথাপিও দেউতাৰ কমি মই অনুভৱ নকৰাকৈ থকা নাছিলো।প্ৰতিপলেই দেউতাৰ অনুপস্থিতি মই আৰু মাই অনুভৱ কৰি গৈছিলো।জীৱনত এটি দুখ লৈ জীয়াই থকাৰ পিচত পুনৰ তুমি মোক এৰি গুচি যোৱাৰে পৰা মই ইমান আঘাত লৈ জীয়াই থাকিলো তাক বৰ্ণনা কৰি শেষ কৰিব নোৱাৰিম। তাৰ পিছত মা গ’ল মোক এৰি ৷জীৱনটো মোৰ অভিশপ্ত যেন লাগিল। চহৰত গুচি গ’লো তাত গৈ নিজকে প্ৰতিষ্ঠা কৰিলো। চাকৰি পালো ৷সকলো হ’ল বিলাসী বাহন অট্টালিকা ৷কিন্তু মনৰ শান্তি বিচাৰি নাপালোঁ ।মালিনী- সকলো কিনিব পাৰি মনৰ শান্তি টকাৰে জুখিব নোৱাৰি আৰু কিনিবও নোৱাৰি জানা ? মালিনী কেৱল উচুপি থাকিল ৷
                কাশ্যপে ক’লে মই তোমাক এটি কথা কব খোজো ৷মই তোমাক আপোন কৰি লব খোজো। আৰু দেউতাকহীন ঋষভৰ দেউতাক হিচাপে উত্তৰদায়িত্ব পালন কৰিব বিচাৰো ৷
            শোকাকুল পৰিৱেশৰ মাজতো এটি বুজাব নোৱাৰা আনন্দ আৰু শান্তিয়ে মালিনীৰ হিয়া উপচাই পেলালে ৷আৰু মালিনীৰ মুখত আনন্দৰ পাৰ ভাঙি হাঁহি বাগৰি আহিল ৷

✒️ৰঞ্জুমা ৰহমান 
বাইহাটা চাৰিআলি 

Post a Comment

0Comments

নমস্কাৰ স্বাগতম জনাইছোঁ আপোনাক । লেখাটো বা সংখ্যাটো পঢ়ি কেনেকুৱা পাইছে তলত কমেন্ট বক্সত লিখি আমাক জনাবলৈ নাপাহৰিব । লগতে লেখাটোৰ তলত দিয়া হোৱাটচএপ, ফেচবুক বুটামত টিপি লেখাটো আপোনাৰ শুভাংকাশী সকলৰ সৈতে শ্বেয়াৰ কৰি দিব । ধন্যবাদ

Post a Comment (0)