মোৰ
মৰমৰ কুঞ্জলতা
প্ৰথমতে মোৰ আন্তৰিক মৰম তোমাক যাচিলোঁ।
বৰ্তমান হয়তো তোমাৰ ভাল , মই বৰ্তমান ভালে আছো । পিছে দিন কাল যিহে চলিছে ভাল বুলি ক'বলৈকে ভয় লাগে কোন মুহূৰ্তত বা ক'ৰোণাৰ আক্ৰমণৰ বলি হওঁ।
সখী তোমাক এৰি অহা বহুবছৰে হ'ল , এৰি অহা দিনৰ পৰা আজিলৈকে লগ পোৱা নাই
কেতিয়াবা বৰ মনত পৰে জানা ...
ক্লাছত দুয়োজনী একেলগে বহিছিলোঁ,
হাফ চুটিত একেলগে দোকানলৈ গৈছিলোঁ আৰু ক'ত যে কি কৰিছিলোঁ ।
মোৰ হাতত পইছা নাথাকিলে তুমিয়ে দেখোন এটকাৰ চানা কিনি দিছিলা ।
শনিবৰীয়া হাটত দুটকাৰে কিনি খাইছিলো মনত পৰেনে...?
শনিবাৰে স্কুল চুটীৰ পাছত জেনিতা , তুমি আৰু মই সোকান মহাজনৰ হলত যে চিনেমা চাবলৈ গৈছিলো মনত আছেনে...?
মঞ্জু , মই , নিৰদা আৰু তুমি ৰেলত চিৰিবোৰত জপিয়াই জপিয়াই শিলগুটি বোৰ দি ফুৰিছিলো মনত আছেনে...?
কাষৰ তাঁৰবোৰত বহি বহি ৰেল অহাৰ যে উমান লৈছিলো ।
মনত পৰে জানা অতীতৰ দিনবোৰলৈ, সোণালী দিনবোৰ ক'ত যে হেৰাল ।
তোমাৰ বাইদেউ এতিয়া মোৰ মামী,
যদিও দুৰৈত থকাৰ বাবে লগ নাপাওঁ।
সেয়ে তোমালৈ চিঠি লিখিলো।
কৰ্মব্যস্ততাৰ মাজতেই সময় উলিয়াই পঢ়ি চাবা । বহু নাৰীৰ জীৱন যন্ত্ৰণাৰে ভৰা তোমাৰ যাতে তেনে নহয় তাৰেই কামনা কৰিলোঁ।
আজিলৈ ইমানতে সামৰো দিয়া । উত্তৰ পালে আকৌ লিখিম।
ইতি
তোমাৰ বান্ধবী
'' ৰুমী''
🖊️ৰুমী কলিতা দত্ত
নমস্কাৰ স্বাগতম জনাইছোঁ আপোনাক । লেখাটো বা সংখ্যাটো পঢ়ি কেনেকুৱা পাইছে তলত কমেন্ট বক্সত লিখি আমাক জনাবলৈ নাপাহৰিব । লগতে লেখাটোৰ তলত দিয়া হোৱাটচএপ, ফেচবুক বুটামত টিপি লেখাটো আপোনাৰ শুভাংকাশী সকলৰ সৈতে শ্বেয়াৰ কৰি দিব । ধন্যবাদ