ক'ভিড ১৯ সংক্ৰমণৰ সময় আৰু আমাৰ বাবে শিক্ষণীয় পাঠ-০৪

©Admin
0
 এনে সময়ত বহুতো দেশে অন্যান্য দেশসমূহক সহায়ৰ হাতো আগবঢ়াইছে। জাপান আৰু চীনে অন্যান্য দেশসমূহক চিকিৎসাৰ বাবে প্ৰয়োজনীয় সামগ্ৰী যোগান ধৰিছে। পূৱ এছিয়াৰ দেশ- দক্ষিণ কোৰিয়া, টাইৱান আদি দেশেও এই ক্ষেত্ৰত গুৰুত্বপূৰ্ণ ভূমিকা আগবঢ়াইছে। 'Taiwan can help' এই শ্লোগান ব্যৱহৃত হোৱা দেখা গৈছিল। এই পূৱ এছিয়াৰ দেশসমূহে ইউনাইটেড ষ্টেটচ, ইউৰোপিয়ান ইউনিয়নক PPE ৰ যোগান ধৰিছে।
               এইদৰে ক'ভিড ১৯ এ বৈদেশিক, প্ৰতিৰক্ষা, দেশীয় ৰাজনীতিকে ধৰি অন্যান্য দিশৰ পৰিৱৰ্তনৰ সূচনা কৰিছে।

গ) অৰ্থনৈতিক দিশৰ পৰিৱৰ্তন :
                ক'ভিড ১৯ এ আটাইতকৈ বেছি প্ৰভাৱিত কৰা দিশটো হৈছে অৰ্থনৈতিক দিশ। একবিংশ শতিকাৰ এই দ্বিতীয়টো দশকত বিশ্বৰ প্ৰায়বোৰ দেশৰ অৰ্থনীতি বেয়াকৈ ক্ষতিগ্ৰস্ত হৈছে। প্ৰত্যেকেদিনাই বহুতো শ্ৰমিকে জীৱিকা হেৰুৱাই পেলাইছে। শ্ৰমিকসকলে অনিশ্চিত ভৱিষ্যতৰ জুমুঠি ধৰি আগুৱাই গৈ আছে। বিভিন্ন উদ্যোগ-প্ৰতিষ্ঠানত কৰ্মৰত লোকসকলে সংস্থাপনৰ অভাৱত মানসিকভাৱে হতাশগ্ৰস্ত হৈ পৰিছে। কিন্তু ইয়াৰ এক ধনাত্মক দিশ হিচাপে তেওঁলোকে কালৰ কুটিল গতিত হেৰাই যাব খোজা ঘৰুৱা শিল্প-উদ্যোগত নিজকে নিয়োগ কৰিব পাৰিব। ইয়াৰোপৰি কৃষিকাৰ্যতো তেওঁলোকে আত্মনিয়োগ কৰিবলৈ বাধ্য হৈছে। কিছু-কিছুৱে থলুৱা বস্তুৰ যোগান অনলাইন ব্যৱস্থাৰে যোগান ধৰাৰ প্ৰচেষ্টা চলাইছে। ঘৰুৱাভাৱে ব্যৱসায়িক কাৰ্যকলাপ চলোৱাৰো সুবিধা আহি পৰিছে। বিদেশী বস্তু বৰ্জনৰ মানসিকতাও গঢ় লৈ উঠিছে। পৰ্যটন , হোটেল আদিত উপাৰ্জনৰ পথ স্তব্ধ হৈছে। আন্তঃৰাষ্ট্ৰীয় শ্ৰমিক সংঘৰ এক তথ্য অনুসৰি প্ৰায় ১৯৫ মিলিয়ন লোক বিশ্বজনীন সংস্থাপনহীন হ'ব।। World Bank ৰ মতে, অৰ্থনৈতিক লোকচানৰ ফলস্বৰূপে বহুত লোকে অপৰিহাৰ্য সম্পদসমূহো আহৰণ কৰিব নোৱাৰা পৰিস্থিতিৰ সন্মুখীন হ'ব।
               লকডাউনৰ সময়ছোৱাত সাগৰীয় ফল-মূলৰ মূল্য হ্ৰাস পাব। চাহ কপাহ আদি সামগ্ৰীৰ মূল্য বৃদ্ধি পাব।
               ভাৰতবৰ্ষত বিত্তমন্ত্ৰী নিৰ্মলা সীতাৰমণে প্ৰকাশ কৰা তথ্য অনুসৰি 'আত্মনিৰ্ভৰ ভাৰত অভিযান'ৰ জৰিয়তে ক্ষুদ্ৰ তথা মধ্যবিত্তসকলক সাহায্য আগবঢ়োৱাৰ কথা উল্লেখ কৰে।
                  বিশ্বৰ উচ্চখাপৰ অৰ্থনীতি যেনে- আমেৰিকা যুক্তৰাষ্ট্ৰ, চীন, কানাডা আৰু অন্যান্য দেশসমূহেও অৰ্থনৈতিক দিশত মুখ থেকেচা খাইছে।

ঘ) ধৰ্মীয় দিশৰ পৰিৱৰ্তন :
               সমাজৰ প্ৰত্যেকটো স্তৰতে ক'ৰ'ণাভাইৰাছে সামাজিক জীৱনত ব্যাঘাত জন্মাইছে। ধৰ্মীয় দিশটোও ইয়াৰ ব্যতিক্ৰম নহয়। ধৰ্মীয় অনুষ্ঠান যেনে- নামঘৰ, মন্দিৰ, মছজিদ, গীৰ্জা আদি বন্ধ কৰি ৰখা হৈছে। বিশেষকৈ পোলেণ্ডত ৯০% জনসাধাৰণে খ্ৰীষ্টিয়ান ধৰ্মৰে দীক্ষিত আছিল। ক'ভিড ১৯ ৰ সময়ত পোলেণ্ডৰ গীৰ্জাৰ কাৰ্যকলাপসমূহ মন কৰিবলগীয়া। এই ক'ভিড ১৯ সময়ছোৱাত ধৰ্মীয় গুৰুসকলৰ অৱদান উল্লেখনীয়। মানসিক শান্তিৰ বাবে তেওঁলোকে অনুপ্ৰেৰণামূলক পাঠ সেই বিশেষ বিশেষ ধৰ্মৰ শিষ্যসকলক দিয়াৰ ব্যৱস্থা কৰিব লাগে। এই সময়ছোৱাত পৃথিৱীৰ বিভিন্ন প্ৰান্তৰ লোকসকলে তেওঁলোকৰ ধৰ্মীয় গ্ৰন্থসমূহ অধ্যয়নৰ প্ৰতি আকৃষ্ট হৈছে। এইসমূহ তথ্য তথা জ্ঞানেৰে পঢ়ুৱৈসকল পুষ্ট হ'ব।
(আগলৈ)

✍️ প্ৰজ্ঞা দেৱী ভূঞা

Post a Comment

0Comments

নমস্কাৰ স্বাগতম জনাইছোঁ আপোনাক । লেখাটো বা সংখ্যাটো পঢ়ি কেনেকুৱা পাইছে তলত কমেন্ট বক্সত লিখি আমাক জনাবলৈ নাপাহৰিব । লগতে লেখাটোৰ তলত দিয়া হোৱাটচএপ, ফেচবুক বুটামত টিপি লেখাটো আপোনাৰ শুভাংকাশী সকলৰ সৈতে শ্বেয়াৰ কৰি দিব । ধন্যবাদ

Post a Comment (0)