হেজাৰ সমস্যাৰ বোজা কঢ়িয়াই
সুখৰ হেতুত,
বৰ্তমানৰ মানুহ
বিশৃংখলতাৰ দিশে ।
যি সময়ত এটা নতুন দিনৰ
স্বপ্ন ৰচিব লাগে,
তাকে নকৰি ঘৰ খনৰ
সম্পৰ্ক বিলাকৰ মাজত
সন্দেহ আৰু অনিশ্চয়তাৰ ক্ৰিয়াই
বাস লৈছে,
মৰম, ভালপোৱা আৰু বিশ্বাস বিলাক
হৈ পৰিছে....
বৰ্তমানৰ ভীৰু
কিম্বা,
সন্দেহৰ চৰ্চা ।
ইচ্ছা-অনিচ্ছাৰ মেৰপাকত বান্ধ খাই
নিজ নিজ দায়িত্ব কৰ্তব্য বিলাকো
শৃংখলাহীন,
মনৰ যি সৃষ্টি
সেয়াও পাগুলিবলৈ
এলাহ ভাব,
নাই নহ'ব এনেকৈ
চিন্তাৰ দাপোনত প্ৰতিবিম্ব হোৱা
চিত্ৰ বিলাকত মগ্ন হৈ
উপলব্ধ কৰ..
ধুমুহাৰ দৰে...
যাতে সঠিক সময়ৰ ক্ষতি বোৰো
চকুৰ আগত ভাঁহি ভাঁহি..
এদিন প্ৰেৰণাৰ উৎস হৈ ৰয়..।
📝শচীন কুৰ্মী
নমস্কাৰ স্বাগতম জনাইছোঁ আপোনাক । লেখাটো বা সংখ্যাটো পঢ়ি কেনেকুৱা পাইছে তলত কমেন্ট বক্সত লিখি আমাক জনাবলৈ নাপাহৰিব । লগতে লেখাটোৰ তলত দিয়া হোৱাটচএপ, ফেচবুক বুটামত টিপি লেখাটো আপোনাৰ শুভাংকাশী সকলৰ সৈতে শ্বেয়াৰ কৰি দিব । ধন্যবাদ