প্ৰিয় ঠাই

©Admin
0
আহিবাছোন এদিন শিৱসাগৰলৈ বুলি
শিৱদৌলত দুয়ো চাকি এগচি জ্বলাম ৷
প্ৰাৰ্থনা কৰিম পৃথিৱীখনৰ হৈ,
সকলো কুশল-মঙ্গল হোৱাৰ ৷
বৰপুখুৰী পাৰত শীতল বতাহজাকৰ উম ল’ম ,
বিৰল প্ৰজাতিৰ কাছকেইজনী চাম ৷
শুভ্ৰ-গুলপীয়া পদুম কেইপাহৰ নাচোনত মুগ্ধ হৈ
কিছুসময় মৌনতাৰে প্ৰকাশিম ভাৱ
মনৰ ৷

জানা,সৌটো দেৱী দ’ল; 
অনুস্তুপীয়াকৈ যদি ধাৰ্য হয় আমাৰ বিবাহ
তেনে আদ্যাশক্তিক সাক্ষী শিৰত ৰামধেনুকণ আঁকি তোমাৰেই হৈ ৰম
জনম-জনমলৈ ৷

আৰু সেয়া কাষত শিৱ দৌল
তুমিটো জানাই মোৰ প্ৰিয় আশুতোষ ৷

ভোক লাগিলে জনাবা, ক’ত যাবা
শইকীয়া,চিনাকী নে তলাতল?
ফেভ’ৰিট দিছৰ নামত কিন্তু প্ৰিয়
ফুচকাকেইটা পাম ৰসৰাজত ৷

আৰু ক’ত যাবা ?
জনাবাচোন মোক ৷
ঘৰ ৰাজমাইত যিহেতু 
দেওবৰীয়া বজাৰখনেই ফুৰাম ৷
পচন্দ কৰিবা পায়েল এযোৰ
বুলাই ল’ম দুভৰিত মই ৷
তোমাৰ প্ৰস্থানতো যাতে তাৰ ৰুণ-জুণ শব্দই সোঁৱৰাই নিতৌ তোমাক ৷


         📝অনামিকা গোৱালা
          ৰাজমাই,শিৱসাগৰ 

Post a Comment

0Comments

নমস্কাৰ স্বাগতম জনাইছোঁ আপোনাক । লেখাটো বা সংখ্যাটো পঢ়ি কেনেকুৱা পাইছে তলত কমেন্ট বক্সত লিখি আমাক জনাবলৈ নাপাহৰিব । লগতে লেখাটোৰ তলত দিয়া হোৱাটচএপ, ফেচবুক বুটামত টিপি লেখাটো আপোনাৰ শুভাংকাশী সকলৰ সৈতে শ্বেয়াৰ কৰি দিব । ধন্যবাদ

Post a Comment (0)