পৃথিৱীৰ অসুখ

©Admin
0

আজি পৃথিৱীৰ অসুখ.....

বসন্তৰ পৰশ আজি নাই
কুঁহিপাতৰ ভাঁজে-ভাঁজে অঁকা হোৱা নাই
প্ৰেমৰ সেই আৱেগভৰা আশা,
বহাগৰঙী উশাহজাক সামৰি
জেঠৰঙী এবুকু বিষাদ উজাই আহিছে,
স্বপ্নৰ পলাশৰঙী অনুভৱবোৰ
            ক্ৰমশঃ উত্তপ্ত হৈ গৈ আছে.....।

ফাগুণৰ অভিমানত
নিজৰ সর্বস্ব হেৰুৱাই
পৃথিৱী আজি লঠঙা.....।
মুক্ত হৃদয়ৰ বলিয়া কবিতা
ক'ত হেৰাই গ'ল?
অতীত হৈ গ'ল নেকি
বৰষুণ হৈ নামি অহা জোনাকবোৰ?
আৰু...
            আৰু সেই ঠিকনাবিহীন চিনাকী সুবাস?
দূৰণিৰ অস্পষ্ট লেণ্ডস্কেপত আজি
যন্ত্ৰণাৰ চিৎকাৰ;
পুৰণি হাঁহিৰ দেশত,
            ক্ৰমশঃ মৰহা ফুলৰ সুবাস.....।

সাঁচতীয়া বিষাদ
কিম্বা অনিশ্চিত ভৱিষ্যত,
হিমচেঁচা উশাহৰ স্পৰ্শ
কিম্বা,
         উশাহৰ উষ্ণ প্ৰতিধ্বনি;
বিশৃঙ্খলিত জীৱনৰ সমিধান বিচাৰি
দুঃস্বপ্নৰ সমাধিত বিলীন
শৰৎ কিম্বা বসন্তৰ দোমোজাত
আজি পৃথিৱীৰ অসুখ.....।

এসোপামান বিষাদ সাৱটি
জীৱনৰ নিচাত মা পৃথিৱীৰ
আজি অসুখ.....
মৌন ওঁঠৰ কোলাহল সাৱটি
জোনাকৰ বৰষুণত নিচাসক্ত পৃথিৱীৰ
আজি অসুখ.....
আজি পৃথিৱীৰ ডাঙৰ অসুখ
এতিয়া,
            অপেক্ষা মাথোঁ সূৰ্যোদয়ৰ.....।
অপেক্ষা মাথোঁ সুস্থ আকাশ, বতাহ
আৰু,
            পৃথিৱীৰ.....।

✍️প্ৰজ্ঞা দেৱী ভূঞা

Post a Comment

0Comments

নমস্কাৰ স্বাগতম জনাইছোঁ আপোনাক । লেখাটো বা সংখ্যাটো পঢ়ি কেনেকুৱা পাইছে তলত কমেন্ট বক্সত লিখি আমাক জনাবলৈ নাপাহৰিব । লগতে লেখাটোৰ তলত দিয়া হোৱাটচএপ, ফেচবুক বুটামত টিপি লেখাটো আপোনাৰ শুভাংকাশী সকলৰ সৈতে শ্বেয়াৰ কৰি দিব । ধন্যবাদ

Post a Comment (0)