একলম তোমাৰ বাবে, তোমালৈ বুলি

বৰষুণ মই বেয়া পাইছিলোঁ, কিন্তু হঠাৎ এজাক মিঠা বৰষুণ মোৰ জীৱনলৈ আহিছিল । সেই মিঠা আবতৰীয় বৰষুণত তিতিবলৈ প্ৰথম বাৰলৈ লৈছিলোঁ।
  ‌   হয়, নিশ্চিতভাৱে তোমাৰেই কথা কৈছো!আজিও মনত আছে সেইদিনটো।লাজ, ভয়, শংকা এই সম্পদসমূহ লগত লৈ যেতিয়া তোমাৰ স'তে প্ৰথম কথা পতিছিলো.....।আজিও সেই দিনটোলৈ মনত পৰে।।মনত পৰিলে আজিও হাঁহি উঠে;তোমাৰ সৈতে কথা কেনেকৈ পাতিম, প্ৰাৰম্ভ ক'ৰ পৰা কৰিম,কি কথা পাতিম? সেই বিষয়ে পৰামৰ্শ লৈছিলো বাইদেউৰ পৰা।কাৰোৰে সৈতে কথা পাতিব নজনা ল'ৰাজনে,
কেনেকৈ তোমাৰ সতে ঘণ্টা জুৰি বাৰ্তালাপ কৰিছিলোঁ, সেয়া সঁচাকৈ বিশ্বাস কৰাটো কঠিন।সমস্ত নিশাবোৰ উজাগৰে কটাইছিলো ।
      এনেকৈয়ে এদিন তুমি মোৰ হৃদয়ৰ এচুকত বিৰাজিত হ'লা।মনত পৰিছে সেই দিনটো, যিদিনা তুমি মোক মাতিছিলা প্ৰথম বাৰৰ বাবে লগ পাবলৈ..।যিমান উৎফুল্লিত আছিলোঁ, তাতকৈ বেছি লাজ।মনত আছে তুমি পিন্ধি অহা হালধীয়া কুৰ্তিযোৰ,
এনে লাগিছিল, যেন হালধীয়া বৰণৰ এজনী ধুনীয়া পখিলা আহি মিচিকিয়া হাঁহি মাৰি মোক হাতবাউল দি মাতিছে।।মনত আছেনে তোমাৰ, সেই ৰাস্তাটোৰ কথা !?য’ত আমি দুয়ো একেলগে এখোজ দুখোজকৈ খোজকাঢ়ি আহি আছিলোঁ...!!ভাবিছিলো, সেই যাত্ৰা যেন কেতিয়াও শেষ নহওঁক!!তেতিয়া এটা কথাই মনলৈ আহিছিল, যিকোনো প্ৰকাৰে সেই ক্ষণ ধৰি ৰাখিব পৰা হ'লে..!!!
      ঐতিহাসিক পৱিত্ৰ জয়াৰ নগৰ শিৱসাগৰলৈ তোমাৰ স'তে যোৱা দিনটো পাহৰাটো অসম্ভৱ ।
সিদিনা তুমি মোক নিজ হাতেৰে খুৱাই দিছিল, ময়ো কাৰোবাক সেইদিনা প্ৰথম বাৰৰ বাবে খুৱাই পাইছিলো.., সেই অনুভৱেই আছিল সুকীয়া।
তাই মোৰ হাতখন ধৰিছিল.... তাৎক্ষণিক মোৰ লাজ আৰু লাজ... তাই কৈছিল.., মোৰ হাতখন হেনো বৰ কোমল ! এই দিনটো মই কোনো দিনেই পাহৰিব নোৱাৰোঁ, মই তাইক কৈছিলো,.. তোমাক মই গোটেই জীৱন এনেদৰেই মোৰ কাষত বিচাৰোঁ ।।।।
দিন বোৰ এনেদৰেই সুন্দৰ ভাৱে পাৰ হৈছিল... 
আৰু এদিন হঠাৎ কাল ধুমুহা আহি মোৰ সুখ আৰু মুখৰ হাঁহিটোক উৰুৱাই লৈ গল 
আৰু আজি সেইবাবে অনুভৱৰ সৰল আৰু সহজ শব্দৰ মাজত কৈছিল, হৈছিল, দিছিল.. এইবোৰৰ প্ৰয়োজন হৈছে ।
হয়, তুমি নাই মোৰ স'তে ! এয়াই সত্য... হ'লেও মই কথাষাৰ সহজভাৱে ল'ব নোৱাৰোঁ ।।
তুমি সকলোতকৈ বেলেগ ! সেইবাবে মোৰ অনুভূতি তোমাৰ প্ৰতি সুকীয়া ৷
বাৰ্তালাপবোৰ এতিয়াও হয় মাথো পূৰ্বৰ দৰে অবিৰাম নহয়;
কোনো বিদ্বান লোকে হয়তো ঠিকেই কৈছিল, নাৰীক বুজি পোৱা অসম্ভৱ ।।

      তোমালৈ বৰকৈ মনত পৰিছে, সেইবাবে মাথো মনৰ ভাববোৰ প্ৰকাশিলো..,
হৃদয়খন চিৰকাললৈ তোমাৰ নামত সপিলো;
নাজানো ভাগ্যৰ লিখনত আছানে তুমি নাই !!

শেষত, উভতি আহিবা বুলি
তোমালৈ আছো বাট চাই....!

      🖋️ বিপ্লৱজ্যোতি গোৱালা
           ৰাজমাই,শিৱসাগৰ

Comments

সংৰক্ষণাগাৰ

আমাৰ সন্মানীয় লেখিকা সকল

যোগাযোগ

Send