মণিয়ে আজিকালি পুৱা সোনকালে উঠি কাম বনত লাগিছে। কোনো দিনে ভাত ৰান্ধি নোপোৱা ১০বছৰীয়া মণিয়ে এতিয়া পাকঘৰত ব্যস্ত হ'বলৈ শিকিছে।কাহানিও পথাৰৰ বোকা গছকি নোপোৱা ছোৱালীজনীয়ে এতিয়া ভুঁই ৰুবলৈ শিকিছে। কণমানিজনীয়ে এই ব্যস্ততাৰ মাজতো পঢ়া-শুনাত মন নিদিয়া কৈ থকা নাই। এই বোৰৰ মাজতো বেমাৰী দেহাৰে বিছনাত পৰি থকা দেউতাকৰ আলপৈচানো ঠিকেই ধৰি আছে। ইমান কণমাণিতে যে ইমানবোৰ কষ্টৰ আহিলা কঢ়িয়াই ছোৱালীজনী আগবাঢ়িছে সেই কথাবোৰকে ভাবি দেউতাকৰ টোপনি অহা নাই। কৰিবনো কি ,তাই মূৰত মৰমৰ হাত দুখন বুলাবলৈয়ো যে মাকে অকালতে অচিন ৰুগত আক্ৰান্ত হয় মৃত্যুৰ দৰবাৰত হাৰ মানিলে।
🖋️জাচিংফা গগৈ
জিলা-তিনিচুকীয়া
নমস্কাৰ স্বাগতম জনাইছোঁ আপোনাক । লেখাটো বা সংখ্যাটো পঢ়ি কেনেকুৱা পাইছে তলত কমেন্ট বক্সত লিখি আমাক জনাবলৈ নাপাহৰিব । লগতে লেখাটোৰ তলত দিয়া হোৱাটচএপ, ফেচবুক বুটামত টিপি লেখাটো আপোনাৰ শুভাংকাশী সকলৰ সৈতে শ্বেয়াৰ কৰি দিব । ধন্যবাদ