কি নামেৰে মাতিম তোমাক (অণুগল্প)

Rinku Rajowar
1
অনুপমে কাষৰ ভাড়া ঘৰটোলৈ অহা নতুন ছোৱালীজনীৰ বিষয়ে জানিবলৈ বৰ ইচ্ছা কৰিলেl   ক্লাচ নাইনত পঢ়া অনুপম বেচ ওখ-পাখ আৰু শকত আৱত,আনহাতে ভাড়াঘৰলৈ অহা ছোৱালীজনী ক্ষীণ ,
 চাপৰ আৰু মৰমলগা।
 প্ৰথম দেখিয়েই তাইক অনুপমৰ ভাল লাগিল।
কি নামেৰে মাতিব এতিয়া তাইকl
 আগফালে পদূলিটোলৈ তাইক অহা দেখি সি ওলাই গল আৰু
'ভণ্টি' বুলিয়েই সম্বোধন কৰি ক'ত ঘৰ কি পঢ়িছা ইত্যাদি  সুধিলে lতাই মাথো 'চাকৰি কৰো' বুলি কৈ ভিতৰলৈ সোমাই গলl
পিছদিনা স্কুলত লগৰ ল'ৰা ছোৱালীৰ মুখত নতুন বাইদেউ অহাৰ কথাষাৰ শুনি তাৰো বৰ ভাল লাগিলl
হাতত ৰেজিষ্টাৰখন লৈ সোমাই অহা বাইদেউক দেখিহে সি কঁপি উঠিল,কালি পদূলি মুখত চিনাকি হোৱা ভণ্টিয়েই দেখোন সিহঁতৰ নতুন বাইদেউl


🖋️দুলুমনি দেৱী,মাকুম

Post a Comment

1Comments

নমস্কাৰ স্বাগতম জনাইছোঁ আপোনাক । লেখাটো বা সংখ্যাটো পঢ়ি কেনেকুৱা পাইছে তলত কমেন্ট বক্সত লিখি আমাক জনাবলৈ নাপাহৰিব । লগতে লেখাটোৰ তলত দিয়া হোৱাটচএপ, ফেচবুক বুটামত টিপি লেখাটো আপোনাৰ শুভাংকাশী সকলৰ সৈতে শ্বেয়াৰ কৰি দিব । ধন্যবাদ

Post a Comment