এজাক বৰষুণৰ অপেক্ষাত-২০

Rinku Rajowar
0
প্ৰান্তিক________ ভয় কৰিব নালাগে ৰবা।মই আছো নহয়, মই চাই দিম।
প্ৰথম লিষ্ট খনত নামটো নাপাই তেওঁ এইবাৰ নিজেই  দ্বিতীয় লিষ্ট খনত মোৰ নামটো বিচৰাত লাগিল। মই ৰৈ আছো।
প্ৰান্তিক_______ এইয়া চোৱা প্ৰথমতেই তোমাৰ নাম। এনেই তুমি ভয় খাই আহিলা।
তেওঁৰ কথা টো শুনি আকৌ এবাৰ নিজেই চাই লৈছো। আছে মোৰ নামটো ভাল দৰেই পাছ কৰিছো।
________ উফ ৰক্ষা! বাচিলো।অলপ ভয় খোৱা নাছিলো দেই।
প্ৰান্তিক দাক ক"লো।
অলপ আঁতৰত গৈ ঘৰলৈ ফোন এটা কৰি মাক ৰিজাল্টৰ কথা কলো।মায়ে মোৰ লগতে বৰ্ষাৰ ৰিজাল্টৰ কথাও সুধিছে। দুই জনীৰ ৰিজাল্টৰ কথা শুনি মায়ে খুব ভাল পাইছে। মাক ঘৰলৈ সোনকালে গৈ আছো কৈ ফোন টো কাটি মই বৰ্ষা আৰু প্ৰান্তিক দা কলেজৰ বাহিৰলৈ ওলাই গ'লো। স্বাগত দা নাই তেওঁ কিবা কামত অলপ ব্যস্ত হৈ আছে।আকৌ ক"ৰবাত গৈছে এতিয়া।
প্ৰান্তিক________ কোৱা এতিয়া পাৰ্টি কত দিবা দুই জনীকে কৈছোঁ?
_______ বৰ্ষা তই কিবা পাৰ্টি দিৱ যদি দে। আঠনিৰ পৰা কৈ আছে।
প্ৰান্তিক_______ অ এতিয়া মানে মই তেনেকৈ কৈ থকা হে হ"ল। ঠিক আছে যাওঁ গৈ।
বৰ্ষা_______ আ ৰ"বা প্ৰান্তিক দা। ব"লা আগলৈ যাওঁ তাতে কিবা এটা খাম গোটেই কেইটাই।
প্ৰান্তিক________ নাই নালাগে অ মই এনেই কৈ আছিলো।পাছত কেতিয়াবা খাম।
বৰ্ষা________ একো নহয় ব"লা।
________ মই তেনেকৈ কোৱাত বেয়া পালে আপুনি?
প্ৰান্তিক_______ নাই বেয়া কিয় পাম।এনেই মোৰ কাম অলপ আছে আজি নাযাওঁ দিয়া।
_________ সঁচা কৈ বেয়া নাইপুৱা আপুনি?
প্ৰান্তিক________ আৰে সঁচা 
_______ ওম ঠিক আছে আমি যাওঁ তেতিয়া হ"লে।
প্ৰান্তিক_______ মই থৈ আহিব লাগিব নেকি?
______ uhu,,, নালাগে
বৰ্ষা_______ ঠিক আছে যাওঁ তেতিয়া হ"লে। প্ৰান্তিক দা থাকা।
প্ৰান্তিক____ okey bye।
বৰ্ষা অলপ যাবলৈ আগ বাঢ়িলত মই পটককৈ তেওঁক কলো----
_______ আকৌ কলেজ start হ'লে হে লগ পাম।
বেয়াও লাগিছে মোৰ।
প্ৰান্তিক________ কিয় তাৰ আগত লগ নকৰা।
________ যদি আপুনি বিচাৰে.......??
লাজ লাগি গ"ল মোৰ। Direct লগ কৰিম বুলি কবলৈ।
প্ৰান্তিক_______ ঠিক আছে। ঘৰ গৈ call কৰিবা।
হাঁহি দিছে। বহুত মৰম লাগিছে ।
বৰ্ষা______ অই আহ আকৌ।
মই নোযোৱা দেখি বৰ্ষাই চিঞৰিলে।
________যাওঁ bye।
গুছি আহিলো।
গাড়ীৰ ষ্টেণ্ডৰ ওচৰ লৈকে দুই জনী খোজ কাঢ়ি গৈ আছো। প্ৰান্তিক দা আৰু মোৰ মাজত থকা সম্পৰ্কৰ কথা এতিয়া লৈকে মোৰ বাহিৰে কোনেও গম নাপাই।আনকি মই বৰ্ষা কো কোৱা নাই। তাইক কৈ দিও নেকি এতিয়া তাকে ভাবি ভাবি আহি আছো।কিন্তু কি বুলি কম ভাবি পোৱা নাই।
বৰ্ষা_______ কিবা ক"বি?
________ হা ,নাই একো নাই।
বৰ্ষা______ ইমান মনে মনে আছ যে?
_____ এনেই ।
_____ শুন না,
বৰ্ষা____ ক"
________ প্ৰান্তিক দাক মই ভাল পাওঁ আৰু তেওঁ মোক ভাল পাই। সেইদিনা মোক তেওঁ ভাল পাওঁ বুলি কৈ দিলে।
বৰ্ষা_______ তই কি ক"লি। আৰু মোক টো কব পাৰ" ইমান দিন হৈ গল।
_____ তোক কবলৈ মই সুযোগে পোৱা নাছিলো। আৰু আজি কৈছোঁ নহয়।
বৰ্ষা______ হমমম্্্ ক" তই কি ক"লি?
_______ মইও ভাল পাওঁ বুলি ক'লো।
বৰ্ষা______ কি তাৰ মানে relation ত আছ"?
_______ ওমম্
তাই কথা কেইটা অবাক হৈ ডাঙৰ ডাঙৰ কৈ চিঞৰি কৈছে। মোৰ হাঁহিও উঠিছে। যেনেকুৱা কৰি দেখুৱাইছে তাই।
বৰ্ষা______ তেতিয়া হলে প্ৰান্তিক দাৰ পৰা পাৰ্টি খুজিব লাগিব।
________ হব লাহে লাহে ক" মানুহ আছে শুনিব।
বৰ্ষা_______ ঠিকেই আছে দে।ভাল কৈ থাক দুয়োটা।
________ হব বৈ এতিয়া। আৰু শুন পৰহি লৈ আমাৰ ঘৰলৈ অাহিবি চোন। এতিয়া টো একো অসুবিধা নহয় আহিবলৈ। মামাক মই কৈ দিম বাৰু।
বৰ্ষা_______ কিয় মাতিলি।কিবা আছে নেকি?
_______ সেইবোৰ জানিব নালাগে তই । মুঠতে আহিবি।
বৰ্ষা_______ হব বাৰু।
কথা পাতি পাতি  গাড়ীৰ ওচৰ কেতিয়া নো পালো গৈ গমকে নাপালো। প্ৰায় ৩০ মিনিট মানৰ পাছত ঘৰ পালো গৈ। অলপ আজৰি হৈ প্ৰান্তিক দা  লৈ মেচেজ কৰিলো। তেওঁ মেচেজ নকৰি ফোন কৰিলে। অলপ দেৰি কথা পাতি মাৰ ওচৰলৈ গ"লো। দেউতাও ওচৰতে বহি আছে। মোৰ ৰিজাল্টৰ কথা সুধিলে।মই chance পাওঁতে পৰহিলে মোৰ জন্মদিন পতাৰ কথা সুধিলো। দেউতাই সৰু কৈ পাতিম বুলি কলে।মই ভালেই পালো। কলেজৰ স্বাগত দা প্ৰান্তিক দা আৰু বৰ্ষা ক কম বাকী ঘৰৰ ওচৰৰ মানুহ থাকিব। মায়ে নাপাটো বুলিয়েই কৈছিল মই মানুহ বেছি কৈ নামাতো বুলি ক"লো কাৰণে হে মান্তি হ"ল। মোৰ জন্ম দিন বুলি বৰ্ষা স্বাগত দা প্ৰান্তিক কাকো নকওঁ এনেই ঘৰলৈ মাতিছো বুলি ক"ম। 

আজি জুন মাহৰ ২ তাৰিখ। ৰাতি ১১ টা বাজিছে। টোপনি যোৱা নাই। আৰু অলপ দেৰি পাছত ৩ তাৰিখ হব। মানে মোৰ জন্ম দিন  বহুত exited হৈ আছো। Facebook, whatsapp ত অনলাইন আছো। বহুতে wish কৰিব মোৰ বাবে সেই খিনি য়েই বহুত।কিন্তু প্ৰান্তিক দাই বা মোৰ জন্ম দিন বুলি গম পাই নে? তেওঁ শুই গল চাগে এতিয়া লৈকে। ১২ টা বাজিলে। আগৰ স্কুলৰ বহুতে wish কৰিছে। তেনেকুৱা তে প্ৰান্তিক দাই ফোন কৰিলে। মই আচৰিত তেওঁ শুৱা নাই এতিয়া লৈকে। কেনেকৈ গম পালে mur birthday বুলি। ফোন টো ৰিচিব কৰিলো।
_________ হেল্ল"
প্ৰান্তিক________ many many happy returns of the day My dear love। জন্ম দিনৰ বহুত বহুত শুভেচ্ছা থাকিল মোৰ অকণমানি পোৱালি জনী।
চকুপানী ওলাই আহিল মোৰ। আগতে কোনোদিনে এনেকুৱা surprise পোৱা নাছিলো।
_________ thank you
প্ৰান্তিক________ কান্দিছা?
_______ uhu ,,, এনেই অলপ চকুপানী ওলাইছে। শোৱা নাই আপুনি?
প্ৰান্তিক________ হব কান্দিব নালাগে চকুপানী খিনি মচি লোৱা।
__________ মোৰ জন্ম দিন বুলি কেনেকৈ গম পালে। আৰু আজি ইমান দেৰি শোৱা নাই যে আপুনি?
প্ৰান্তিক_________ মোৰ হবলগীয়া কাৰোবাৰ বাৰ্থডে আৰু মই শুব পাৰো নে? আৰু তোমাৰ birthday বুলি মই গম নাপাম নে?
________ um
প্ৰান্তিক _______ আৰু তুমি ইমান দেৰি শোৱা নাই যে?
_______ লগৰ বোৰে wish কৰিছে যে সেই কাৰণে। তেনেতে বৰ্ষাৰ ফোন আহিল।
________ অ শুনক ৰব চোন বৰ্ষা ই ফোন কৰিছে মই ৰিচিভ কৰি লওঁ।আকৌ ফোন কৰিম আপোনালৈ।
প্ৰান্তিক_______ ওম ঠিক আছে।।

আগলৈ,,,,,

🖋️পূৰ্ণিমা হালৈ 

Post a Comment

0Comments

নমস্কাৰ স্বাগতম জনাইছোঁ আপোনাক । লেখাটো বা সংখ্যাটো পঢ়ি কেনেকুৱা পাইছে তলত কমেন্ট বক্সত লিখি আমাক জনাবলৈ নাপাহৰিব । লগতে লেখাটোৰ তলত দিয়া হোৱাটচএপ, ফেচবুক বুটামত টিপি লেখাটো আপোনাৰ শুভাংকাশী সকলৰ সৈতে শ্বেয়াৰ কৰি দিব । ধন্যবাদ

Post a Comment (0)