Home প্ৰজ্ঞা দেৱী ভূঞা বাস্তৱ (অণুগল্প) বাস্তৱ (অণুগল্প) person©Admin August 18, 2020 0 share মহিলা সমিতিৰ সভালৈ বুলি মানুহজনীয়ে খৰখেদকৈ কামবোৰ কৰি আজৰি হৈছে। আজি তেওঁ এখন সভাত বক্তৃতা দিব লাগিব। ভ্ৰুণ হত্যাৰ প্ৰতিবাদত এটি লেখা প্ৰস্তুত কৰি থৈছে তেওঁ। আকৌ এবাৰ ভালকৈ তাত চকু ফুৰাই ল'লে আৰু গাড়ীখন লৈ ওলাই গ'ল। হঠাৎ কিবা এটা মনত পৰি আকৌ ঘূৰি আহিল। এটা পলিথিন টোপোলা লৈ ওলাই গ'ল। বাটতে তেওঁ টোপোলাটো পথৰ কাষৰ ডাষ্টবিনত পেলাই থৈ গ'ল। অলপ পাছতে এজাক ভোকাতুৰ কুকুৰে মাংসপিণ্ডবোৰৰ সোৱোদ লৈ থকা দেখা পোৱা গ'ল। ✍️ প্ৰজ্ঞা দেৱী ভূঞা শিৱসাগৰ Tags অণুগল্পপ্ৰজ্ঞা দেৱী ভূঞা Facebook Twitter Whatsapp Newer Older
নমস্কাৰ স্বাগতম জনাইছোঁ আপোনাক । লেখাটো বা সংখ্যাটো পঢ়ি কেনেকুৱা পাইছে তলত কমেন্ট বক্সত লিখি আমাক জনাবলৈ নাপাহৰিব । লগতে লেখাটোৰ তলত দিয়া হোৱাটচএপ, ফেচবুক বুটামত টিপি লেখাটো আপোনাৰ শুভাংকাশী সকলৰ সৈতে শ্বেয়াৰ কৰি দিব । ধন্যবাদ