অসমীয়া সাহিত্যৰ চানেকি আৰু মই- ০১

এটা শুভ দিন , এটা শুভ মাহ | চলিত বৰ্ষৰ ফেব্রুৱাৰী | মবাইল খুঁচৰি থাকোঁতে চকু পৰিল এখন দৈনিক ই-আলোচনীৰ নাম | অসমীয়া সাহিত্যৰ চানেকি | লোভ সামৰিব নোৱাৰি জইন কৰি দিলো | কিছু সময়ৰ পিছত সঁহাৰি আহিল মোক গ্রহণ কৰা হৈছে | যদি মোক মোৰ স্মৃতি শক্তিয়ে প্রতাৰণা কৰা নাই  ১৫/০২/২০২০ ইংৰাজী তাৰিখৰ সংখ্যাত প্রকাশ পালে এটা সৰু কবিতা ( হয়তোবা) | তাৰ পিছতহে মই আচৰিত হোৱাৰ পাল | দৈনিক ই আলোচনী ? ই সম্ভৱ নে ? দৈনিক কাকতহে প্রকাশ পাই | এখন আলোচনী বাপৰে | আজিৰ তাৰিখত কথা ডাঙৰেই | পষেকীয়া আলোচনী , মাহেকীয়া আলোচনী , তিনিমহীয়া আলোচনী ওলাই তাতো কিমান কষ্ট এয়া সম্ভৱ | কিন্তু দৈনিক আলোচনী ? বহু চিন্তাৰ শেষত মোক বিবেকে জনালে আজিৰ দিনটোত এয়া সম্ভৱ | কাৰণ এয়া প্রযুক্তিৰ যুগ | সম্ভৱতঃ অসমত সৰ্বপ্রথম দৈনিক ই আলোচনীৰ স্থান দখল কৰিব অসমীয়া সাহিত্যৰ চানেকিয়ে | সেই যে জড়িত হৈ পৰিলো আজিলৈ নিৰৱিচ্ছিন্ন ভাবে কোনো বিৰতি নেহোৱাকৈ চলি আছে সেই সম্বন্ধ | এখন নিৰবধি নৈৰ দৰে | অম্লান বদনে স্বীকাৰ কৰিছো তেওঁলোকৰ কষ্ট , ত্যাগ , আৰু আনক স্বীকৃতি দিয়াৰ দুৰ্বাৰ মানসিকতাক | আনক আগুৱাই লৈ যোৱাৰ নিঃস্বাৰ্থ সেৱাক, এনে কামত নিজকে নিয়োজিত কৰাৰ মানসিকতা | ধন্যবাদ তেনে মানসিকতাক |
        মই প্রথমে অকাতৰে নাম ল'ম ৰিণ্টু কুৰ্মী , দুলাল ৰবিদাস , সৌৰভ কুমাৰ বৰুৱা আৰু সম্পাদনা সমিতিৰ সতীৰ্থ বন্ধু বান্ধৱী সকলৰ | লগতে মোৰ জ্যেষ্ঠ , কনিষ্ঠ , বন্ধুৰ নাম ল'বই লাগিব যিয়ে ৰিণ্টুহঁতক এনে কামত নিৰলস সহযোগ কৰি আহিছে ।
   কেতিয়াও পাহৰিব নোৱাৰিম ৰিণ্টু , দুলালহঁতক যিয়ে মোক মই ভবাতকৈ , মোৰ যোগ্যতাতকৈ বেছি সন্মান দিছে | মই নিজকে ভাবো কেতিয়াবা হয়নে মই ইমান যোগ্য , আছেনে মোৰ ইমান যোগ্যতা ?   আগলৈ..

      🖋️হেমেন হাজৰিকা

      

Comments

সংৰক্ষণাগাৰ

আমাৰ সন্মানীয় লেখিকা সকল

যোগাযোগ

Send