অবুজ বেদনা (গল্প)

Rinku Rajowar
0
অনুষ্টুপীয়াকৈ  আয়োজন  কৰা ককায়েক অৰ্ণৱৰ  শ্ৰাদ্ধৰ অনুষ্ঠানত উপস্থিত থাকি  মেঘালীৰ মনটো  দুখেৰে  ভৰি পৰিল । ঘৰখনত উপস্থিত থকা  সকলোৰে  দৃষ্টি  দেউতাকৰ শ্রাদ্ধ বিধিৰ  কামত  ব্যস্ত হৈ থাকিব লগীয়া হোৱা ভতিজাক নয়নাৰ ওপৰত। সদ্যঘোষিত উচ্চতৰ মাধ্যমিক চূড়ান্ত পৰীক্ষাত  শতকৰা 92% লৈ  গোটেইকেইটা বিষয়ত  লেটাৰ মাৰ্কসহ প্ৰথম বিভাগত উত্তীৰ্ণ হোৱা নয়নাৰ  পৰীক্ষাৰ ভাল ফলাফলৰ কথাবোৰ গম পোৱাৰ আগতেই দেউতাক এইখন পৃথিৱীৰ পৰা  চিৰদিনৰ বাবে গুছি গ'ল।নয়নাৰ দেউতাক অৰ্থাৎ মেঘালীৰ ককায়েক , যোৰহাটৰ কৃষি বিশ্ববিদ্যালয়ত কৰ্মৰত, অৰ্ণৱে অসহ্য  পেটৰ বিষত ভুগিছিল।‌যোৰহাটৰ চিকিৎসকৰ পৰামৰ্শমতে গুৱাহাটীৰ বিখ্যাত প্ৰাইভেট চিকিৎসালয়খনৰ প্ৰখ্যাত চিকিৎসকজনৰ তত্বাৱধানত চিকিৎসা কৰাবলৈ  এম্বুলেন্সেৰে আনি থকা অৱস্থাতে  নগাঁৱৰ ওচৰত  শেষ নিশ্বাস ত্যাগ কৰিছিল অৰ্ণৱে।খবৰটো পাই  আদাবাৰীৰ ডাঙৰ ককায়েকৰ ঘৰলৈ বুলি ঢপলিয়াই গৈছিল মেঘালী ।যোৰহাটত  কোনো আত্মীয়  নথকাৰ বাবে  পৰিয়ালৰ নিকটতম আত্মীয়সকলৰ উপস্থিতিত  গুৱাহাটীতে অৰ্ণৱৰ  শেষকৃত্য সম্পন্ন কৰা হৈছিল   আৰু  ডাঙৰ ককায়েকৰ ঘৰতে  শ্ৰাদ্ধৰ বিধি বিধান সম্পন্ন কৰাৰ ব্যৱস্থা কৰা হৈছিল । কৰোনা মহামাৰীৰ সংক্ৰমণ ৰোধ কৰিবলৈ লোৱা পদক্ষেপ হিচাপে  চৰকাৰে ঘোষণা কৰা লকডাউনৰ বাবে সীমিত সংখ্যক  আত্মীয় আৰু শুভাকাংক্ষীৰ উপস্থিতিত শ্ৰাদ্ধৰ কাজ-কৰ্ম কৰিবলৈ  প্ৰশাসনে অনুমতি প্ৰদান কৰিছিল ।সেইবাবে কিছুসংখ্যক  আত্মীয়ই  নীতি নিয়ম মানি আগতেই খবৰ কৰি গৈছিল । আজি আদ্যশ্ৰাদ্ধৰ দিনা বৰদেউতাকৰ সহযোগত নয়নাই শ্ৰাদ্ধৰ কাম কৰি গৈছে।  ডাঙৰ কোঠাটোত  অৰ্ণৱদাৰ ঘৈণীয়েক  
 পম্পীবৌক দুগৰাকীমান আত্মীয়ই  দিহা দি আছে। হৃদয়ৰ  গভীৰ বেদনাত ভাৰাক্ৰান্ত  মানুহজনীয়ে  সকলোৰে কথাবোৰ বুজিবলৈ চেষ্টা কৰিছে। সচাঁকৈয়ে  আপোন মানুহজনক হেৰুৱাই ভাগি পৰা পম্পীবৌয়ে এতিয়াযে  ঘৰখন চম্ভালাৰ উপৰিও  একমাত্ৰ কন্যা  নয়নাৰ পঢ়াশুনাৰ দায়িত্বও ল'ব লাগিব  । নয়নাক সুদক্ষ অভিযন্তা  কৰাৰ সপোন পুহি ৰখা আৰু   অকালতে হেৰাই যোৱা অৰ্ণৱদালৈ  মনত পৰি মেঘালীৰ বুকুখন বিষাই উঠিল । আপোনজনক হেৰুওৱাৰ বেদনা কিমান গভীৰ! সেয়া ভুক্তভোগীয়েহে অনুভৱ কৰিব পাৰে ।তথাপি ঘৰখনৰ সকলোৱে  পাৰ্যমানে মনৰ দুখ-বেজাৰ  লুকুৱাই নয়না  আৰু পম্পীবৌক সান্ত্বনা দিবলৈ চেষ্টা কৰিছে। কাৰণ তেওঁলোক দুখত  ভাগি পৰিলে পম্পীবৌহঁতৰ অৱস্থা নোহোৱা হব! সকলোকে এবাৰ নিৰীক্ষণ কৰি মেঘালী পুনৰ  শ্ৰাদ্ধৰ স্হলী পালেহি ।ইতিমধ্যে বিষ্ণু  পূজাভাগ শেষ হোৱাত নয়নাই  আঁঠু লৈছে । তাইৰ সেমেকা চকুহাল দেখি  মেঘালী উচুপি উঠিল ।  আঁঠুকাঢ়ি নেদেখা জনলৈ তাই  অৰ্ণৱদাৰ  আত্মাৰ চিৰশান্তি কামনা কৰি  প্ৰাৰ্থনা জুৰিলে । লগতে ভতিজা ছোৱালী   নয়না আৰু  পম্পীবৌক ধৈৰ্য, সাহস আৰু শক্তি প্ৰদান কৰিবলৈ ভগৱানক   কাতৰে  মিনতি কৰিলে  ।

🖋️ৰীতামণি বৰদলৈ (গুৱাহাটী )

Post a Comment

0Comments

নমস্কাৰ স্বাগতম জনাইছোঁ আপোনাক । লেখাটো বা সংখ্যাটো পঢ়ি কেনেকুৱা পাইছে তলত কমেন্ট বক্সত লিখি আমাক জনাবলৈ নাপাহৰিব । লগতে লেখাটোৰ তলত দিয়া হোৱাটচএপ, ফেচবুক বুটামত টিপি লেখাটো আপোনাৰ শুভাংকাশী সকলৰ সৈতে শ্বেয়াৰ কৰি দিব । ধন্যবাদ

Post a Comment (0)