অসমীয়া ভাষাত চন্দ্ৰবিন্দুৰ ব্যৱহাৰ:এক চমু আলোচনা-০৩

Rinku Rajowar
0
ঘ) কিবা এটা কাম কৰাৰ সমান্তৰালভাৱে আন এটা ক্ৰিয়া সম্পন্ন হ'লে "ওঁতে" প্ৰত্যয় ব্যৱহাৰ হয় ---এই প্ৰত্যয়ৰ ওৰ ওপৰত সদায় চন্দ্ৰবিন্দু ব্যৱহাৰ কৰিব লাগে। যেনে--

মই যাওঁতে তেওঁ শুই আছিল ।
(যা +ওঁতে প্ৰত্যয় = যাওঁতে);
তেনেকৈয়ে ---
শোওঁতে,বহোঁতে , উঠোঁতে , দেখোঁতে , লিখোঁতে , খাওঁতে, গাওঁতে ---ইত্যাদি ,ইত্যাদি ।
কিন্তু নামোঁতে , শুনোঁতে বুলি লিখিলে ভুল হ'ব ,কাৰণ ম আৰু ন স্বাভাৱিকতেই নাসিক্য ।
ঙ) কিবা এটা কামৰ কৰ্তা জনক বুজাবলৈ ব্যৱহাৰ কৰা "ওঁতা"প্ৰত্যয় সদায় চন্দ্ৰবিন্দুযুক্ত হয়। যেনে-----

কৰোঁতা , দেখোঁতা , ৰচোঁতা, বওঁতা ,লিখোঁতা --ইত্যাদি ,ইত্যাদি । কিন্তু -- শুনোঁতা , নামোঁতা ---ইত্যাদি বোৰ ভুল ,কাৰণ ন  আৰু ম অনুনাসিক বৰ্ণ ।

চ)বহুবচনসূচক হঁত প্ৰত্যয়ৰ 'হ'ৰ ওপৰত চন্দ্ৰবিন্দু ব্যৱহাৰ হয় ----
ল'ৰাহঁত,  ছোৱালীহঁত, সিহঁত ,তাহঁত/তাইহঁত --ইত্যাদি ,ইত্যাদি ।

ছ) বহুবচনৰ ক্ৰিয়াৰ শেষত কেতিয়াবা 'হঁক' প্ৰত্যয় যোগ কৰা হয় ---ইয়াতো চন্দ্ৰবিন্দু বহুৱাব লাগে ----যেনে ;

আমি জানোহঁক ;
তোমালোক যাবাহঁক ।ইত্যাদি ।

দ্ৰষ্টব্য :: 'ঞ' বৰ্ণটোৰ উচ্চাৰণ 'য়ঁ'ৰ দৰে একে ।গতিকে তলৰ কথাকেইটা মনত ৰাখিব লাগে---
জিঞা /জিয়াঁ 
ভূঞা /ভূয়াঁ
চিঞৰ/চিয়ঁৰ - - আদি শব্দবোৰৰ দুয়োটা বানান শুদ্ধ ;
কিন্তু  চিঞঁৰ বুলি লিখিলে ভুল হ'ব --কাৰণ 'ঞ'টো অনুনাসিক ।

সংগ্ৰহ ফেচবুকৰ পৰা 

Post a Comment

0Comments

নমস্কাৰ স্বাগতম জনাইছোঁ আপোনাক । লেখাটো বা সংখ্যাটো পঢ়ি কেনেকুৱা পাইছে তলত কমেন্ট বক্সত লিখি আমাক জনাবলৈ নাপাহৰিব । লগতে লেখাটোৰ তলত দিয়া হোৱাটচএপ, ফেচবুক বুটামত টিপি লেখাটো আপোনাৰ শুভাংকাশী সকলৰ সৈতে শ্বেয়াৰ কৰি দিব । ধন্যবাদ

Post a Comment (0)