বাসৱীৰ মনতো বৰ বেয়া লাগিল।এটা হোটেল বয়ে তাইক এনেকৈ ক'লে।তাই আচাৰ বিক্ৰী কৰিবলৈ গৈছিল। নিজৰ হাতেৰে বনোৱা আচাৰ।বি.এ. পাছ বাসৱীৰ ঘৰত কি নাই। গিৰিয়েক এজন অধ্যাপক। পুতেক বেঙ্কাৰ। ছোৱালী অধ্যাপিকা। কিন্তু তাই ঘৰত থাকি আমনি পায়। সেয়ে তাই এই কামটো লৈছিল।লগত এগৰাকী মহিলা helper হিচাপে লৈ ব্যৱসায়তো ঠিকেই চলিছিল। নিজৰ বাবে গিৰিয়েকৰ ওচৰত হাত পাতিব লগা হোৱা নাছিল। কিন্তু আজি এই ল'ৰাটোৱে তাইক ক'লে, "মালিক এতিয়া ব্যস্ত আছে যিকোনো মানুহৰ লগত এতিয়া কথা নাপাতে কৈছে। আপুনি পিছত আহিব।"। তাই কলে ,"মই যি কোনোৰ ভিতৰত নপৰো তুমি এক মিনিটৰ বাবে মাতি দিয়াচোন।"
ল'ৰাটোৱে গেঙেৰি মাৰি তাইক ধমকি দিলে।
Disturb নকৰিব ,পিছত আহিব।!!!!!!
🖋️ৰিজু মণি দেৱী,নগাঁও।
নমস্কাৰ স্বাগতম জনাইছোঁ আপোনাক । লেখাটো বা সংখ্যাটো পঢ়ি কেনেকুৱা পাইছে তলত কমেন্ট বক্সত লিখি আমাক জনাবলৈ নাপাহৰিব । লগতে লেখাটোৰ তলত দিয়া হোৱাটচএপ, ফেচবুক বুটামত টিপি লেখাটো আপোনাৰ শুভাংকাশী সকলৰ সৈতে শ্বেয়াৰ কৰি দিব । ধন্যবাদ