শ্যামলী শাওণ( স্তৱক)


 ৰিমঝিম বৰষুণ আৰু
চিকমিক বিজুলীয়ে ,
শাওণৰ পথাৰলৈ
কৃষকক হাতবাউলি মাতিলে৷

বোকা মাটিৰ সুগন্ধি
পাণ কৰি কৃষকে,
সেউজী আচলেৰে
পথাৰখন ঢাকিলে ৷

কৃষকৰ ভৰুণ সপোনে 
প্ৰাণ পাই উঠে,
বাৰিষাৰ শেষত 
আঘোণে হাহেঁ৷
 
                 
 ✍️পূৰৱী তামুলী বড়া 
       শিৱসাগৰ

Comments

সংৰক্ষণাগাৰ

আমাৰ সন্মানীয় লেখিকা সকল

যোগাযোগ

Send