কেইটামান অসমীয়া বৰ্ণৰ উচ্চাৰণ

©Admin
0


১) ঙ-উঙ।এই বৰ্ণটোক 'উঙ'বুলি পঢ়া হয়।ঙ-ৰে কোনো শব্দৰ আৰম্ভণি নহয়।সেয়ে এই বৰ্ণ উচ্চাৰিবৰ বাবে আগত এটা স্বৰৰ আগম (উ) হয়।

২) ঞ-নিয়ঁ। এই বৰ্ণক নিয়ঁ বুলি পঢ়া হয়। ঞ-ৰে কোনো শব্দৰ আৰম্ভণি নহয়। ঞ কেৱল চ-বৰ্গৰ আখৰৰ (চ,ছ,জ,ঝ) লগতহে যুক্ত হৈ যুক্তাক্ষৰ গঠন কৰে।
যুক্তাক্ষৰত ঞ-ৰ উচ্চাৰণ 'ন' হয়।

৩) ৱ-ওৱ। এই বৰ্ণ পঢ়োঁতে 'ওৱ' বিকল্পে 'ওঅ' বুলি পঢ়া হয়। ৱ অকলে উচ্চাৰণ কৰিবলৈ অলপ টান। সেয়ে সহজকৈ আগত এটা স্বৰৰ আগম ঘটাই ইয়াক উচ্চাৰণ কৰা হয়। বহুতে এই ৱ-ক 'ওৱা ব' বা 'ওৱাব' বুলি ভুলকৈ পঢ়ে।

৪) য়-ইয়। এই বৰ্ণক 'ইয়' বুলি পঢ়া হয়। য়-ৰে কোনো শব্দৰ আৰম্ভণি নহয়। সেয়ে এই বৰ্ণৰ আগতো এটা স্বৰৰ আগম(ই) ঘটাই ইয়াক উচ্চাৰণ কৰা হয়।

৫) ক্ষ-'খিয়'। এই বৰ্ণক পঢ়া হয় 'ষয় খ্য'।
শব্দৰ আদিতে ক্ষ থাকিলে ইয়াৰ উচ্চাৰণ হয় খ্য-ৰ দৰে। ক্ষ আচলতে একাকী বৰ্ণ নহয়। ক্+ষ=ক্ষ। ষ ৰ সৈতে ক্ লগলাগি ক্ষ হয় বাবে পঢ়োঁতে 'ষয় ক্ষ' বা বিকল্পে 'খিয়' বুলি পঢ়া হয়।

৬) ড়- ড-ৰে ড়। এই বৰ্ণক 'ড ৰে ৰঅ' বুলি পঢ়া হয়।ড় ৰ উচ্চাৰণ ৰ-ৰ সৈতে একে।

৭) ঢ়-এই বৰ্ণক ঢ ৰে ৰ্হ (ৰহ) বুলি পঢ়া হয়।
ঢ়-ৰে কোনো শব্দৰ আৰম্ভণি নহয়। সেয়ে কিছুমান লোকে এই বৰ্ণক (ঢ়-ক) 'অৰহ' মানে আগত এটা স্বৰৰ আগম কৰি উচ্চাৰণ কৰে।

৮) ৎ- খণ্ড ত্। এই বৰ্ণক খণ্ড ত্ বুলি পঢ়িব লাগে। এই বৰ্ণক হসন্ত ৎ বুলিও বহু লোকে পঢ়ে। অসমীয়া বৰ্ণমালাৰ ৎ-ৰ আগৰ সকলো বৰ্ণই স্বৰান্ত। অৰ্থাৎ প্ৰতিটো বৰ্ণৰ উচ্চাৰণৰ পিচত এটা অ স্বৰৰ উচ্চাৰণ আছে। কিন্তু ত-ৰ স্বৰ উচ্চাৰণ এৰিলে বা ব্যঞ্জন উচ্চাৰণত ৎ পোৱা যায়। অৰ্থাৎ ত্=ৎ। সেয়ে এই বৰ্ণক পঢ়োঁতে বহুতে 'ব্যঞ্জনান্ত ত্' বুলিও পঢ়ে। ৎ-ৰ লগত বিভক্তি যোগ হ'লে ই মূল বৰ্ণৰ ৰূপ লয়।

৯) :- বিসৰ্গ।(মোৰ এই ছাবি ফলকখনত মই এই বৰ্ণটো শুদ্ধকৈ লিখিব পৰা নাই।দুখিত।)
এই বৰ্ণটোক বিসৰ্গ বুলি পঢ়া হয়।

১০) ং-অনুস্বাৰ। এই বৰ্ণটোক অনুস্বাৰ বুলি পঢ়িব লাগে। কিছুমানে 'অনুস্বৰ' বুলি ভুলকৈ পঢ়ে।

১১) ঁ- চন্দ্ৰবিন্দু। এইটো চন্দ্ৰবিন্দু।বৰ্ণৰ ওপৰত ইয়াৰ প্ৰয়োগৰ ফলত বৰ্ণৰ  উচ্চাৰণ নাসিক হৈ পৰে। চন্দ্ৰবিন্দু ঙ,ঞ,ণ,ন,ম,ঋ,ঐ,ঔ ৰ ওপৰত দিয়া নহয়।

   📝কুমুদ বৰা                      

Post a Comment

0Comments

নমস্কাৰ স্বাগতম জনাইছোঁ আপোনাক । লেখাটো বা সংখ্যাটো পঢ়ি কেনেকুৱা পাইছে তলত কমেন্ট বক্সত লিখি আমাক জনাবলৈ নাপাহৰিব । লগতে লেখাটোৰ তলত দিয়া হোৱাটচএপ, ফেচবুক বুটামত টিপি লেখাটো আপোনাৰ শুভাংকাশী সকলৰ সৈতে শ্বেয়াৰ কৰি দিব । ধন্যবাদ

Post a Comment (0)