চেনেহৰ মূল্য

©Admin
0
কথাষাৰ শুনি  বৰ বেয়া লাগিল । বৃদ্ধ ফুকন-ফুকননীয়ে কাৰ ওপৰত ভৰষা কৰি জীৱনটো চলিব বাৰু ?  জন্মৰ পৰা বিবাহলৈকে মৰম-চেনেহ দিয়া , ন-মাহ ধৰি গৰ্ভত আশ্ৰয় দিয়া ৰমেনে আজি বৃদ্ধ মা-দেউতাকৰনো এই দশা কৰিব লাগেনে ? ৰমেনে বৰ্তমান চৰকাৰী চাকৰি কৰে,ফুকন-ফুকননীয়ে  ৰমেনৰ বাবে কি কৰা নাই,তেওঁৰ পঢ়া-শুনাৰ বাবে ,তদুপৰিও তেওঁৰ চাকৰিৰ বাবে সকলো মাটি বাৰী নিলামত দিলে ।কিন্তু আজি ৰমেনে দুদিনৰ চিনাকি ঘৈণীয়েকৰ কথাৰ মুখৰ বৰবৰনিত,ঘৰৰ পৰাই কৌষ্টকাঠিন্য কৰি ঘৰটো বাৰু বেলেগ বেলগ কৰিব লাগেনে বাৰু ?ছেঃ পুত্ৰ বুলিবলৈ একমাত্ৰ ৰমেনেই আশাৰ ৰেঙনি আছিল ,ৰমেনৰ পিতৃ-মাতৃৰ প্ৰতি কৰ্তৃত্ব সেয়াই নেকি বাৰু ?
              
 🖋️ শ্ৰী তপন পায়েং

Post a Comment

0Comments

নমস্কাৰ স্বাগতম জনাইছোঁ আপোনাক । লেখাটো বা সংখ্যাটো পঢ়ি কেনেকুৱা পাইছে তলত কমেন্ট বক্সত লিখি আমাক জনাবলৈ নাপাহৰিব । লগতে লেখাটোৰ তলত দিয়া হোৱাটচএপ, ফেচবুক বুটামত টিপি লেখাটো আপোনাৰ শুভাংকাশী সকলৰ সৈতে শ্বেয়াৰ কৰি দিব । ধন্যবাদ

Post a Comment (0)