দক্ষিণ কামৰূপৰ যাত্ৰাদল এক মোহনীয় কৃষ্টি-০১

©Admin
0

   আজিৰ পৰা বহু বছৰ আগতে যাত্রাদলক পালা অথবা পাৰ্টী বুলিহে কৈছিল | পালা শব্দটো কামৰূপত ব্যবহৃত শব্দ , আনহাতে পাৰ্টী শব্দটো ইংৰাজীৰ পৰা অহা যেনেই অনুমান হয় | সেইবাবে জনসাধাৰণে ইয়াক যি নামেৰেই নামকৰণ নকৰক মানুহে সহজেই বুজি পাইছিল | তাৰবাবেই গাঁৱলীয়া সভাবোৰত গধুলিৰ পৰা নিশালৈকে যাত্রা বা পাৰ্টী চোৱা মানুহৰ সমাগম হৈছিল | যাত্রা নাইবা পাৰ্টীৰ আগমুহুৰ্তত গাঁৱলীয়া সভাবোৰত ওজাপালি অথবা ঢুলীয়া দল এটাই নৃত্য প্রদৰ্শন কৰিছিল | আনহাতে ওজাপালি দলে বিভিন্ন মুদ্রাৰে ওজাপালি প্রদৰ্শন কৰি দৰ্শকক আনন্দৰ খোৰাক দিছিল | সাধাৰণ গঞালোকৰ ওজাপালি আৰু ঢুলীয়া অনুষ্ঠান অতি জনপ্রিয় আছিল | ঢুলীয়া বা ওজাপালি দলৰ অনুষ্ঠান শেষ হলে যাত্রাদলৰ অনুষ্ঠান আৰম্ভ হৈছিল | সেইসময়ত ৰঙ্গমঞ্চ হিচাবে মাটিৰে বনোৱা ওখ ঢিপ আছিল ট সেই মাটিৰ ওখ ঢিপত ট্রিপাল এখন পাৰি দিছিল | সেই মাটিৰ ওখ ঢিপটোৰ চাৰিওফালে দৰ্শক বহিছিল | এই দৰ্শক সমূহক সেই সময়ৰ ৰাইজৰ পৰা নিৰ্বাচিত ভলেণ্টিয়াৰে বহুৱাইছিল | পিন্ধনত তেওঁৰ খাকী পেণ্ট চোলা  আৰু এগাল লাঠী আছিল | মঞ্চৰ চাৰিওফালে ধান খেৰ পাৰি দিছিল | এই ধানখেৰবোৰ ৰাইজৰ পৰা প্রত্যেক ঘৰৰ পৰা সংগ্রহ কৰিছিল | মঞ্চৰ পৰা কিছুদূৰত আছিল এটি চাজঘৰ | এই চাজঘৰ শব্দটো কামৰূপী শব্দ | ইয়াক কলশচনি অথবা নৰাৰে চৌদিশ দেখা নোপোৱাকৈ ৰাইজে অস্থায়ী ভাবে বান্ধি দিছিল | ইয়াত অভিনেতা-অভিনেত্রী সকলে মেকআপ তৰিছিল | মেকআপ মানে ৰং ঘহি লোৱা | সেই সময়ত লাইটমেনজন উঠি আহিছিল | তেওঁ লাইটবোৰত পীম্প দি ললে মঞ্চখন উজ্বল পোহৰ হয় | সেই সময়ত আজিৰ দৰেবৈদ্যুটিক লাইট ব্যৱহীৰ কৰিব পৰা সুবিধা নাছিল | হেচাক লাইট আছিল | হেচাক মানে পাম্প দিয়া অৰ্থাত হাৰিকেন বা ডে-লাইট | তেওঁ লাইট পৰিচালনা কৰা বাবে মানুহে তেওঁক লাইটমেন বুলি 
কৈছিল ৷    আগলৈ

    
 📝হেমেন হাজৰিকা

Post a Comment

0Comments

নমস্কাৰ স্বাগতম জনাইছোঁ আপোনাক । লেখাটো বা সংখ্যাটো পঢ়ি কেনেকুৱা পাইছে তলত কমেন্ট বক্সত লিখি আমাক জনাবলৈ নাপাহৰিব । লগতে লেখাটোৰ তলত দিয়া হোৱাটচএপ, ফেচবুক বুটামত টিপি লেখাটো আপোনাৰ শুভাংকাশী সকলৰ সৈতে শ্বেয়াৰ কৰি দিব । ধন্যবাদ

Post a Comment (0)