“যাবৰ মন গৈছে যদি যা। ভালহে হ'ব। ভিনিদেউৰ ঘৰত দুদিন থাকি আহগৈ। এইকেইদিন এই গেলি থকা ঘৰটোত সোমাই থাকি মোৰো অশান্তি লাগি গৈছে" মাকে ক'লে। বানপানীয়ে ধুৱাই নিয়াৰ পিছত মেঘৰণহঁতৰ ঘৰ বাৰীৰ অৱস্থা পুতৌজনক।
কথা মতেই মাকে ঠিক কৰি দিয়া কঁঠালৰ মোনা দুটা মটৰ চাইকেলৰ দুফালে ওলোমাই লৈ মেঘৰণ বায়েকৰ ঘৰ পালেগৈ। গধুৰ মোনাটো পাই বায়েকে খুব ভাল পালে যিহেতু তাই কঁঠাল গুটি খাই খুব ভালপায়! কঁঠাল খাইও বেয়া নাপায় তাই। মেঘৰণৰ ভিনিয়েকে আকৌ পিঠাগুড়িৰ লগত পকা কঁঠাল সানি খাই খুব ভালপায়।
খুব গৰম পৰিছে কাৰণে মেঘৰণৰ বায়েকে নেমু চৰৱত বনালে। দুআষাৰ কথা পাতি চাহ কৰিলে আৰু মাংসৰে ভাত সাঁজ ৰান্ধিলে।মেঘৰণে মনতে ভাব যোৱা কথাটোহে মনতে ৰ'ল!
পিছত ঘৰলৈ আহি
“মা, বা আৰু ভিনিদেৱে যে মোক আজি এবাৰো থকাৰ কথা নক'লে! মইতো ঘূৰি আহিম বুলি যোৱা নাছিলো নহ'লে ৰাতিপুৱাই গ'লোহেঁতেন!” সি মাকক দুখেৰে ক'লে।
“'হ'ব দে তই দুখ নকৰিবি!পিছত আকৌ যাবি! এতিয়া কিবা সমস্যাও হ'ব পাৰে!” মাকে ক'লে।মেঘৰণে আৰু বায়েক ভিনিয়েকৰ কথা বেয়াকৈ একো নাভাৱি মাকৰ কথাৰ সুৰৰ লগত সুৰ মিলাই ক'লে, “থিক আছে পিছতে এদিন আকৌ যাব লাগিব। বাহঁতৰ ঘৰত থাকিয়ে পোৱা নাই। আগতে থাকিছো যদিওঁ থকাৰ নামত ভিনদেওৰ লগত নাৰ্চিং হোমতহে থকা হয়। এইবাৰ গ'লে বাহঁতৰ ঘৰত কমেও এক সপ্তাহ থাকিম!”
পিছে বায়েকে ভিনিয়েকে মেঘৰণক কেইদিন ৰাখিব সেই হিচাপহে সি নল'লে! (সমাপ্ত)
✍️ শিৱানী বৰুৱা
নমস্কাৰ স্বাগতম জনাইছোঁ আপোনাক । লেখাটো বা সংখ্যাটো পঢ়ি কেনেকুৱা পাইছে তলত কমেন্ট বক্সত লিখি আমাক জনাবলৈ নাপাহৰিব । লগতে লেখাটোৰ তলত দিয়া হোৱাটচএপ, ফেচবুক বুটামত টিপি লেখাটো আপোনাৰ শুভাংকাশী সকলৰ সৈতে শ্বেয়াৰ কৰি দিব । ধন্যবাদ