ফিটনেছ ইণ্ডাষ্ট্ৰিৰ ভৱিষ্যত

©Admin
0
মাৰ্চ মাহৰ দ্বিতীয় পষেকৰ পৰা বৰ্তমানলৈ সকলো ফিটনেছ চেন্টাৰ, জিম আদি বন্ধ হৈ আছে ৷ ক’ৰ’ণা প্ৰতিৰোধৰ অংশ হিচাপে চৰকাৰৰ নিৰ্দেশ মানি সকলো শৰীৰ চৰ্চা কেন্দ্ৰ বন্ধ কৰি ৰখা হৈছে ৷ চৰকাৰক বাৰম্বাৰ অনুৰোধ কৰাৰ পিছতো কোনো গুৰুত্ব নিদিলে ৷ প্ৰায়বোৰ জিমৰ কৰ্মচাৰী আৰ্থিক সমস্যাত ভূগিছে ৷ মালিকসকলোৰো একেই অৱস্থা ।ঘৰভাৰা, ইলেক্ট্ৰিচিটি বিল, বেংকৰ লোনৰ হেঁচাত ককবকাই আছে ৷ এতিয়া এই ফিটনেছ ইণ্ডাষ্ট্ৰিৰ ভৱিষ্যত কি হ’ব বুলি সকলোৰে মনত এটা প্ৰশ্ন আহিছে ৷ ফিটনেছ স্বাস্থ্যখণ্ডৰ এক অভিন্ন বিষয় ৷ ইয়াৰ প্ৰয়োজনীয়তাক আমি কোনোপধ্যেই নুই কৰিব নোৱাৰোঁ ৷ ক’ৰ’নাৰ প্ৰকোপ শেষ হোৱালৈ বহুতৰে এই উদ্যোগৰ লজত জড়িত হৈ চলাৰ সাহস যে নোহোৱা হ’ব সেইটো খাটাং ৷ সময়ৰ লগে লগে কথাবোৰ হয়তো আকৌ আগৰ দৰে হ’ব ৷ দুটা বন্ধ হোৱা জিমৰ ঠাই আন তিনিটা নতুন জিমে দখল কৰিব ৷ কিন্তু এই ক্ষেত্ৰৰ লগত জড়িত সকলে কিছু বিশেষ কথাত মনোযোগ দিয়াৰ সময় আহি পৰিছে ৷ এইবাৰৰ বিপদৰ পৰা শিক্ষা লোৱা উচিত ৷ বৰ্তমানে মহানগৰ বা ডাঙৰ চহৰ খিনিক বাদ দি সৰু নগৰ চহৰ বা গাওঁসমূহত গঢ়ি উঠা ফিটনেছ চেন্টাৰ বা জিমবোৰত আৰাম্ভ হোৱা কিছু অশুভ প্ৰতিযোগিতাৰ বিষয়ে আলোচনা কৰিব বিচাৰিছোঁ ৷ আমাৰ অঞ্চলবোৰত বহুবোৰ জিম গঢ়ি উঠিছে ৷ আপাততঃ ই শুভ লক্ষণ ৷ স্বনিয়োজনৰ পথ মুকলি হৈছে, কিন্তু বেছিভাগৰে পেছাদাৰী মনোভাৱৰ অভাৱ । অধ্যয়নৰ অভাৱ ৷ বৰ্তমান এটা ট্ৰেণ্ড চলিছে ৷ ল’ৰা এজনে জিম এটাত ছমাহ জিম কৰি অকণমান পেশীবহুল হৈয়ে নিজাকৈ জিম এটা খুলি দিয়াৰ বাবে সাজু হয় ৷ কোনো শিক্ষানুষ্ঠানত ফিটনেচ ট্ৰেইনাৰৰ কোৰ্চ কৰাতো তেওঁলোকৰ বাবে যেন সময়ৰ অপচয় ৷ মানব শৰীৰৰ এনাটমীৰ তিলমাত্ৰও জ্ঞান নথকা যুৱক বহু জিমৰ ট্ৰেইনাৰ ৷ তেওঁলোকে জিমত কিমান ধন খটুৱালে আৰু তাৰ পৰা লাভালাভ কি হ’ল তাৰ প্ৰতিও বিশেষ সজাগ নহয় যেনেই বোধ হয় ৷ ব্যৱসায়ৰ প্ৰথম নীতি হিচাপে আন জিমতকৈ  মাচুল হ্ৰাস কৰে ৷ উদ্দেশ্য আন জিমৰ সদস্যক নিজৰ জিমলৈ আকৰ্ষণ কৰা ৷ ব্যৱসায়ত সকলোৰে নিজস্ব পন্থা থাকিবই ৷ কিন্তু এনেবোৰ কাৰ্যৰ ফলত লোকচান সমগ্ৰ উদ্যোগটোৰ হয় ৷ সৰু সৰু চহৰৰ মুষ্টিমেয় জনসংখ্যাৰ মাজত এনেবোৰ কথাই বিৰূপ প্ৰভাৱ পেলায় ৷ সময়ৰ লগে লগে যেতিয়া তেনে মালিকসকলে জিম এটাৰ আভ্যন্তৰীণ খৰচ বা পৰিচালনাৰ খৰচবোৰ বুজি উঠে তেতিয়ালৈকে বহু পলম হৈ যায় আৰু আনৰ বাবেও এইটো উদ্যোগৰ লগত জড়িত হোৱাটো কঠিন হৈ পৰে ৷ উদ্যোগটোৰ লগত জড়িত জ্যেষ্ঠ সকলৰ লগত সুসম্পৰ্কৰ অভাৱেই ইয়াৰ প্ৰধান কাৰণ বুলি আমি ভাবোঁ ৷ এটা কথা বুজা দৰকাৰ যে নিজৰ দেহৰ লগত জড়িত বিষয়ত সকলোৱে কোৱালিটি বিচাৰে ৷ দ্বিতীয়তে কোনো এটা ফিটনেছ চেন্টাৰ অকল এজন ট্ৰেইনাৰে চলাব পাৰে বুলি ভবাটোও ভুল ৷ এইটো ঠিক যে সকলো ঠাইতে সকলো বিষয়ৰ পেছাদাৰী ব্যক্তি পোৱা নাযায় বা আৰ্থিক দিশেৰেও হয়তো মালিকজনে মিলাব নোৱাৰিব পাৰে ৷ কিন্তু ফিটনেছ চেন্টাৰ এটাত ট্ৰেইনাৰৰ  লগতে নিউট্ৰিচনিষ্ট, ফিজিঅ’থেৰাপিষ্ট আদিৰো উল্লেখযোগ্য ভূমিকা থাকে ৷ টিমৱৰ্কৰ যোগেদিহে শৰীৰ চৰ্চা কেন্দ্ৰলৈ অহা ব্যক্তিসকলৰ প্ৰত্যেকৰে প্ৰয়োজন অনুসৰি সঠিক লক্ষ্যত উপনীত হ’ব পাৰি ৷ এই টিমৱৰ্কৰ অভাৱতেই জিমত আহি বহু লোক ঘূণীয়া হব লগা হয় ৷ তৃতীয়তে আমি লক্ষ্য কৰিছোঁ প্ৰায়ভাগ জিমত চাপ্লিমেন্টৰ অবাধ ব্যৱহাৰ আৰু বেহা ৷ আমি ইয়াৰ বিৰোধী নহয় কিন্তু হোৱাই নহোৱাই যুৱক এজনৰ শৰীৰত ইয়াৰ প্ৰয়োগে পৰৱৰ্তী সময়ত কেনে ভয়ানক ৰোগৰ বাহক হব পাৰে সেই কথা জানো বাবেই আতংকিত হ’ওঁ ৷ প্ৰতিজন মানুহৰ শৰীৰৰ প্ৰয়োজন ভিন্ন । দীঘলীয়া এচেছমেন্টৰ যোগেদিহে চাপ্লিমেন্ট আৰু খাদ্যতালিকা দিব পাৰি ৷ তাকেই নকৰি অকল কেইটামান কমিছনৰ আশাত একাংশ জিমৰ কৰ্মকৰ্তাই বহুতৰে জীৱনৰ লগত খেলি আছে ৷ আটাইতকৈ ভয়ানক কথাটো হ’ল এই বিষয়ত জ্ঞানশূন্য একাংশই বিনাদ্বিধাই যুৱতী কিশোৰী সকলোকো ইয়াৰ প্ৰতি সহজে আকৃষ্ট কৰায় ৷ ফেট কাটাৰ বুলি যিবোৰ সস্তীয়া দৰৱ খুৱায় তাৰ পাৰ্শ্বক্ৰিয়াৰ বলি বহুতেই হৈ আহিছে ৷ এইক্ষেত্ৰত অন্তত এই বিষয়ত অভিজ্ঞ জনৰ সহায় লোৱাতো খুবেই জৰুৰী ৷ বিশাল আকাৰৰ বাইচেপ মানেই শৰীৰচৰ্চা বা সুস্থ শৰীৰ নহয় বুলি কিশোৰ যুৱক সকলে বুজা উচিত ৷ লকডাউনৰ এই সময়ে ফিটনেছ ইণ্ডাষ্ট্ৰিৰ লগত জড়িত সকলক আত্মসংশোধনৰ এক সুযোগ দিছে ৷ বেয়া সময়খিনি ধৈৰ্য্যৰে পাৰ কৰি অনাগত দিনত নতুন উদ্যোমেৰে এই উদ্যোগৰ লগত জড়িত হওক আৰু আনকো সাহস দিয়ক তাৰ বাবেই বাট চাই আছোঁ ৷ এই ৰোগৰ সময়ত আমি উপলব্ধি কৰিছোঁ যে শৰীৰৰ ৰোগ প্ৰতিৰোধ ক্ষমতা বৃদ্ধি কৰাটো কিমান জৰুৰী ৷ ধন, ক্ষমতা আদিতকৈ যে সুস্থ শৰীৰৰ মূল্য অধিক ক’ৰ’নাই আমাক ভালকৈয়ে বুজাই দিলে ৷ অনাগত দিনবোৰত সকলো বয়সৰ পুৰুষ মহিলাই নিজৰ শৰীৰটোৰ বাবে সময় দিয়াটো নিতান্তই দৰকাৰী হৈ পৰিব ৷ এইয়া সময়ৰ আহ্বান ৷ ফিটনেচ উদ্যোগৰ লগত জড়িত সকলে আমাক শুদ্ধ পথ দেখুৱাব বুলি আমাৰ দৃঢ় বিশ্বাস ৷ এই উদ্যোগৰ ভাল দিন আহি আছে ৷

📝ডাঃ প্ৰণৱ চক্ৰৱৰ্তী
     নলবাৰী, 

Post a Comment

0Comments

নমস্কাৰ স্বাগতম জনাইছোঁ আপোনাক । লেখাটো বা সংখ্যাটো পঢ়ি কেনেকুৱা পাইছে তলত কমেন্ট বক্সত লিখি আমাক জনাবলৈ নাপাহৰিব । লগতে লেখাটোৰ তলত দিয়া হোৱাটচএপ, ফেচবুক বুটামত টিপি লেখাটো আপোনাৰ শুভাংকাশী সকলৰ সৈতে শ্বেয়াৰ কৰি দিব । ধন্যবাদ

Post a Comment (0)