এজাক বৰষুণৰ অপেক্ষাত-২৩

Rinku Rajowar
0
Part 23
এজাক বৰষুণৰ অপেক্ষাত

দৰ্জাখন খুলি নামি গ'লো নিজেই।
প্ৰান্তিক_____ মহাৰাণী এতিয়া খুচ নে?
______উম তল মুৰ কৈ হাঁহি দিলো।
। পৰিবেশ টো একেবাৰে শান্ত। ৰাস্তাইদি দুই এখন গাড়ী অহা-যোৱা কৰি আছে। মাজে মাজে তেওঁ মোলৈ চাই আকৌ বেলেগ এফালে চাই দেখুৱায়। ফিৰফিৰ কৈ বতাহ এজাকো মাৰি আছে। ভাল লাগিছে।
_______ এতিয়া কওক ইয়ালৈ কিয় আনিলে।
প্ৰান্তিক_______ অহ মই পাহৰিছিলোৱেই। তুমি গাড়ীত বহাচোন।
_______ কিনো উঠা-নমা কৰাই আছে। 
আকৌ মুখ খন ফুলাই গাড়ীত বহিলো।
প্ৰান্তিক______ চকুকেইটা মুদি দিয়া।
______ কিয়?
প্ৰান্তিক______ কিনো ইমান প্ৰশ্ন কৰি থাকা। চকু মুদি থাকা। যেতিয়ালৈকে মই নকওঁ নেমেলিবা।
_____ উম।
তেওঁ গাড়ীৰ পাছৰ পৰা কিবা এটা উলিয়াই আনি নিজেও গাড়ীত বহি ল'লেহি। 
______ চকু মেলো নে?
প্ৰান্তিক_____ উহো।।। মই ক'লে মেলিবা।
কিবা বস্তু আনিছে।খৰ- খৰাই আছে কাৰণে ধৰিব পাৰিছো। তেনেতে একেবাৰে ওচৰত যেন কোনোবা থকা অনুভৱ হৈছে। তেওঁৰ মাত শুনা নাই। মনে মনে আছে।
_______ কি কৰিছে বাৰু আপুনি,মই চকু মেলি দিম এতিয়া।
প্ৰান্তিক_____ ঠিক আছে মেলি দিয়া।
চকু মেলিয়েই প্ৰান্তিক দাৰ চকুত মোৰ চকু পৰিছে। তেওঁ একেবাৰে মোৰ ওচৰত,,বহুত ওচৰত। মই অলপ পিছুৱাই আহিলো।
প্ৰান্তিক_______ Happy Birthday পোৱালি।
টপক কৈ গালতে চুমা এটা খাই দিলে।
মই ধৰিবই নোৱাৰিলো। তেওঁলৈ অবাক হৈ চাই আছো। কি হৈ গ'ল মানে। উশাহ লৈ আছো নে নাই মই নিজেই গম পোৱা নাই।মূৰ্তি হৈ ৰৈ আছো। 
প্ৰান্তিক______ কি হ'ল ভূতে পোৱা মানুহৰ নিচিনাকৈ ৰৈ গ"লা যে।
জোকাৰি দিলে মোক।
তেতিয়াহে চেতনা আহিছে মোৰ। কি ক'ম তেওঁক ভাবি পোৱা নাই। বহুত লাজ লাগিছে।
________ কি কৰিলে আপুনি?
প্ৰান্তিক_______ একো নাই কৰা। এইটো তোমাৰ কাৰণে।
কাষৰ পৰা কেক এটা উলিয়াই দিছে।মই আচৰিত।আজিলৈকে ইমান খিনি মোৰ বাবে কোনেও কৰা নাই।।
________ কিয় কৰিব লাগে আপুনি এইবোৰ? চকুপানী ওলাই আহিল।
প্ৰান্তিক_______ আকৌ এতিয়া কান্দিবলৈ কি হ'ল। 
তেওঁ চকুপানীখিনি মচি দিলে।
______ মই তেনেকৈয়ে সুখী।ইমানখিনি মোৰ কাৰণে নকৰা হ'লেও হয়।
প্ৰান্তিক______ ঠিক আছে যিমান মন যায় কান্দি লোৱা।মই ৰৈ আছো।
কথাখিনিত যেন তেওঁৰ মৰম বোৰ ফুটি আহিল।
______ হ'ব নাকান্দো। 
চকুপানী মচি ল'লো।
প্ৰান্তিক______ ৰৈয়ে থাকিবা নে কেক কাটা আকৌ।
কাটিব লৈছো।
হাতখন মোৰ কঁপিব ধৰিছে। তেওঁ বুজি পাই মোৰ হাত খনত তেওঁৰ হাত খন দি নিজেই কেক টোৰ ফালে ঠেলি দিছে। এনেকৈয়ে কেক কাটি প্ৰথম টুকুৰা টো লাজে লাজে তেওঁক খুৱাই দিলো। খুৱাই দিওঁতে তেওঁৰ চকুলৈ চাবলৈ অলপো সাহ হোৱা নাই মোৰ। তেৱোঁ অকণমান খুৱাই গালত কেক অলপ লগাই দিলে।গালত কেক লগোৱা কাৰণে খুব খং কৰিলো তেওঁক পাছত যেনিবা নিজেই মুখ খন মোহাৰি দিছে।
______ যাওঁ বলক এতিয়া।
প্ৰান্তিক______ যাম ৰ'বা।
______ ৰ'বা মানে ? এতিয়া আৰু কি কৰিব ইয়াত নহ'লে আৰু বৰ্ষা আহি চাগে' ৰৈ আছে।দেৰি হ'ব।
প্ৰান্তিক______ গৈছো এইফালে চোৱা।
______ কি?
তেওঁ নিজৰ গালখনত আঙলিটোৱে দেখুৱাই দি হাঁহি আছে।
মই তেওঁৰ ইংগিত বুজি পাইয়ো নুবুজাৰ ভাও ধৰি সুধিলো।
________ কি বস্তু?
প্ৰান্তিক____ আকৰি, birthday বুলি মোকো কিবা এটা দিব পাৰা তুমি?
______ মই আকৌ কি দিম। মোক হে আজি সবে দিব লাগে।
প্ৰান্তিক______ বেলেগ একো দিব নালাগে। ইয়াত দিয়া।
গালখনত আকৌ দেখুৱাই দিছে।
_______ উহো,, মোৰ লাজ লাগে।
প্ৰান্তিক_____ ঠিক আছে নিদিলেও নালাগে। যেতিয়া লাজ গুচি যাব তেতিয়া দিবা বাৰু।
______ উম
_______ আমাৰ ঘৰলৈ যাব নহয় এতিয়া।
প্ৰান্তিক________ অহ্।। তোমাক ক'বলৈ আছেই। মই
যাব নোৱাৰিম মাৰ লগত এফালে যাব লাগিব।আৰজেণ্ট।
________ মই মানে এনেই আপুনি যাব যাব বুলি ভাবি আছো। আৰু স্বাগত দা....?
প্ৰান্তিক______ বেয়া নাপাবা চোৱা যাব লগা হ'ল।নহ'লে গ'লোহেঁতেন। বেলেগ এদিন যাম ভাত খোৱা কৈ।
আৰু মই নাযাওঁ যদি স্বাগতো নাযাব। সেইটোৰ বৰ লাজ।তোমাৰ নিচিনা।
_______ উম ঠিক আছে বাৰু।এতিয়া মোক তেতিয়াহ'লে গাড়ীৰ ষ্টেণ্ডত নমাই দিব। আমি দুই জনী লাইন গাড়ীতে যাম।
প্ৰান্তিক______ নালাগে মই থৈ আহিম নহয়।
_______ নহয় অ' মোৰ বস্তু দুটামান কিনিবলৈ আছে। সেইকাৰণে।
প্ৰান্তিক_____ অকলে যাবলৈ পাৰিবা জানো।
______ ইহ্ সৰু ছোৱালী নেকি আমি।
প্ৰান্তিক______ হ'ব হ'ব তাতে নমাই দিম তেতিয়াহ'লে মই।
১৫ মিনিট মানৰ ভিতৰত গাড়ীৰ ষ্টেণ্ড পাই গ'লোগৈ। 
প্ৰান্তিক_______ ঠিক আছে যোৱা।বাই ফোন কৰিম পাছত।
______ উম বাই।
আগলৈ~

🖋️পূৰ্ণিমা হালৈ 

Post a Comment

0Comments

নমস্কাৰ স্বাগতম জনাইছোঁ আপোনাক । লেখাটো বা সংখ্যাটো পঢ়ি কেনেকুৱা পাইছে তলত কমেন্ট বক্সত লিখি আমাক জনাবলৈ নাপাহৰিব । লগতে লেখাটোৰ তলত দিয়া হোৱাটচএপ, ফেচবুক বুটামত টিপি লেখাটো আপোনাৰ শুভাংকাশী সকলৰ সৈতে শ্বেয়াৰ কৰি দিব । ধন্যবাদ

Post a Comment (0)