মিছিংসকলৰ বসন্ত উৎসৱ পঃৰাগ বা নৰাছিগা বিহু (পঞ্চম তথা অন্তিম খণ্ড)

পঃৰাগ উৎসৱত মিছিং ডেকা-গাভৰুসকলে প্ৰাণ ঢালি নাছে।মনৰ হেঁপাহত নৃত্য গীতত সকলো ডুব গৈ থাকে।অতিথিক অমৃতযেন ছাইমদ আৰু গাহৰি মাংসৰ সোৱাদে মতলীয়া কৰি তোলে।পঃৰাগ উৎসৱৰ সামৰণি পৰত ডেকা-গাভৰুসকলে  গাওঁৰ  মিগম বৰা আৰু বৰ পোৱাৰীক গুমৰাগ নৃত্যৰে নিজৰ  ঘৰত আগুৱাই থৈ আহে।সেইদিনাই পুনৰ ধন ব্যয় কৰি গাহৰি মাৰি ৰাইজৰ বাবে ভোজনৰ ব্যৱস্থা কৰে।আৰু দায়-দোষ ক্ষমিবলৈ ৰাইজৰ ওচৰত আঁঠু লোৱা দেখিবলৈ পোৱা যায়।এনেদৰেই সকলোৰে কুশল কামনাৰে পঃৰাগ উৎসৱৰ সামৰণি পৰে।

    বৰ্তমান পঃৰাগ উৎসৱ ঠাই বিশেষে বিলুপ্ত  হৈ পৰিছে।ইয়াৰে এটা প্ৰধান কাৰণ হৈছে-ব্যয়বহুলতা।এখন গাঁৱৰ মিতিৰ কুটুম,আলহী-অতিথি,জী-জোঁৱাই সকলোকে সামৰি সন্তোষ হোৱাকৈ খাব দিবলৈ যথেষ্ট পৰিমানৰ অৰ্থৰ প্ৰয়োজন হয়।ইমান এটা বিশাল অনুষ্ঠান আয়োজনে এটা কথা স্পষ্ট কৰি দিয়ে যে গাওঁখন কিমান সবল।আনকি পৰিৱৰ্তিত পৰিস্থিতিত খাপ খুৱালৈ যাওঁতে এনে অনুষ্ঠান আয়োজন কৰাৰ পৰিৱৰ্তে বহুসময়ত একাষৰীয়া কৰি থব লগা হয়।কিয়নো চাকৰি বাকৰি, ব্যৱসায়-বানিজ্যৰ খাতিৰত বা অনেক কাৰণত এখন গাওঁৰ পৰা গৈ অন্য এখন ঠাইত সংস্থাপন কৰিব লগাত একেলগে গাওঁ হিচাপে পঃৰাগ উদযাপন কৰাত অসুবিধা হৈ পৰিছে।

     আকৌ,পঃৰাগ উৎসৱটি আগতে পৰিচালনাৰ দায়িত্ব মিবু দেওধায়ে গ্ৰহন কৰিছিল।কিন্তু বৰ্তমান দক্ষতা সম্পন্ন আৰু উপযুক্ত মিবুৰ অভাৱত সকলো দায়িত্ব গাম,গাওঁবুঢ়া আৰু ৰাইজৰ দ্বাৰা নিৰ্বাচিত মিগম বৰা আৰু বৰ পোৱাৰী আদিয়ে দখল কৰিছে।

    পঃৰাগ উৎসৱটি উদযাপন কৰাৰো সঠিক  তাৰিখ নাই,সুবিধা অনুযায়ী পালন কৰা দেখা যায়।প্ৰতিবছৰেও পালন কৰিব পাৰি,দহবছৰৰ মূৰতো উদযাপন কৰিব পাৰি,ধৰাবন্ধা নিয়ম নাই।আনকি পঃৰাগ উৎসৱ আয়োজন নকৰাও বহুত গাওঁ আছে,যিবোৰে কেতিয়াও আয়োজন কৰা নাই।

       আকৌ,আজিকালি নামঘৰৰ প্ৰভাৱত ঠাই বিশেষে মুৰংঘৰৰ অস্তিত্ব নোহোৱাৰ দৰে হৈ পৰিছে।আনকি ডেকাচাং,গাভৰুচাং বৰ্তমান বিলুপ্তিৰ পথত।

     পঃৰাগ উৎসৱৰ জৰিয়তে মিছিং সমাজৰ আতিথ্যপৰায়ণতাৰ উমান পোৱা যায়।আনকি মনৰ সম্প্ৰীতি আৰু একতাৰ এনাজৰী কটকটিয়া কৰাত সহায় কৰে।মিছিং সমাজখনৰ আৰ্থিক আৰু সংস্কৃতিকভাৱে কিমান চহকী  তাৰো মাপকাঠি নিৰ্ধাৰণ কৰাত সহায় কৰে।তদুপৰি বছৰি বছৰি পালন কৰিব নোৱাৰিলেও মিছিংসকলৰ বসন্ত উৎসৱ আলি আয়ে লৃগাংৰ পিছতে "পঃৰাগ বা নৰাছিগা বিহু" সদায় হিয়াৰ আমঠু,বুকুৰ আপোন হৈ থাকিব,যাৰ ফলত ভাগৰুৱা খেতিয়কৰ মনত আকৌ সৃষ্টি হ'ব কৰ্ম কৰি জীয়াই থকাৰ বাসনা,নতুন উদ্যম আৰু অদম্য প্ৰেৰণা।এই উৎসৱত পৰিৱেশন কৰা মিছিং নৃত্য-গীতত সাৰ পাই উঠিব ন বসন্ত ঋতুৰ গান।অসমীয়া বিহু নৃত্য গীতৰ দৰেই সকলোৰে মনত গুমৰাগ গুমৰাগ ধ্বনিবোৰ ঐনিতম হৈ জীয়াই থাকিব জনতাৰ বুকুৰ মাজত।পঃৰাগৰ নৃত্য গীতৰ লহৰত ডুব গৈ থাকিব ৰং-ৰহস্যৰ সকলো হেঁপাহ।

               (সমাপ্ত)
 🖋️উত্তম লইং

Comments

সংৰক্ষণাগাৰ

আমাৰ সন্মানীয় লেখিকা সকল

যোগাযোগ

Send