বিপ্লৱে দৰমহা পইচাকেইটাৰে ঘৰৰ কোনো এটা সমস্যাই সমাধান কৰিব নোৱাৰি সদায় ঘৈণীয়েকৰ খেচখেচনি শুনি থকাতকৈ অফিচত দুটামান মানুহৰ পৰা ঘোচ ল'লে যদিও মনটো ভাল নালাগিল ।
: "হে'ৰি ভাত খাবলৈ উঠক । আজি বাহিৰা দুটকামান ঘটিলে বুলি কিনো মহাভাৰতখন অসূচি হ'ল ,তাহানিৰ ৰামো নাই অযোধ্যাও নাই ;আপোনাৰ লগৰবোৰক দেখা নাই কি দৰে জীৱনত উন্নতি কৰিছে ।" মনৰ দুখত নিজকে অপৰাধী যেন লগাত বিপ্লৱে বিচনাত শুই আছিল ।ঘৈণীয়েকৰ কথা মতে চলিব নে নিজৰ বিবেকৰ মতে চলিব ,সি নিজকে মনটো দৃঢ় কৰি ল'লে , যিদৰে এদিন আই এছ পৰীক্ষা পাছ কৰিমেই বুলি মনটো দৃঢ় কৰি লৈছিল । হয় আজিৰে পৰা সি নিজৰ বিবেকৰ মতে চলিব ।
📝পবিত্ৰ বৰগোহাঁই
নমস্কাৰ স্বাগতম জনাইছোঁ আপোনাক । লেখাটো বা সংখ্যাটো পঢ়ি কেনেকুৱা পাইছে তলত কমেন্ট বক্সত লিখি আমাক জনাবলৈ নাপাহৰিব । লগতে লেখাটোৰ তলত দিয়া হোৱাটচএপ, ফেচবুক বুটামত টিপি লেখাটো আপোনাৰ শুভাংকাশী সকলৰ সৈতে শ্বেয়াৰ কৰি দিব । ধন্যবাদ