জনজাতীয় ৰাভাসকলৰ গীত মাত বগেজাৰী -০৫

©Admin
0
যোৱা সংখ্যাৰ পিছৰ পৰা 
মনৰ বেদনাত ইফালে সিফালে ঘুৰি ফুৰা লোকক উদ্দেশি এইদৰে গোৱা হয়...
     চাউল দোনে দোনহে
     বেহাৰ দোনে দোন
     কিটো নিদান পৰিছা 
     ফুৰা বুনে বুন  |
পোৱা নোপোৱা , আশা-নিৰাশাৰ ভাৱত দৌৰিফুৰা লোকৰ প্রতি কোৱা হয় এনেদৰে....
        সগৰা পহু মাৰিলুং
        বুকলা ধুবা নিলুং
      ঢোৰা কাউৰে লৈ গেল
      লেবোক লেবোক কৰি
      পাতি কাউৰে দৌৰি গেল
      পাওঁ হব বুলি  |
  আগতে ধুন পেচ মৰা ছোৱালী বিয়াৰ পিছত সন্তানৰ মাক হলে যেতিয়া লেতেৰী হয় , আগৰ দৰে ধুনপেচ মাৰিব নোৱাৰি লেউ ভেউ নোহোৱা হয় , তেতিয়া আনে ঠাট্টাৰ সুৰত গায়....
    বেং কান্গে তোৰ্ ৰত
    চাপ্ ৰা মাটিৰ তলত
    নোৱা কইনাৰ ছাৱা কান্দে
    চিৰা কানিৰ তলত |
   ( চিকুন আপীৰ ছাৱা কান্দে চিৰা কানিৰ তলত  )  |
ঠিক তেনেদৰে কম শিক্ষিত ধুনপেচ মাৰি ফুৰা বিতলীয়া ল'ৰীকো ঠাট্টাৰ সুৰত কোৱা হয় ...
     গছৰ নম্বৰ চিনি নাপায়
          হয় মহৰী
  টেকেনীয়া আপী দেখা পালি
         মাৰে সুহুৰী |
নিজৰ ল'ৰালৈ আনিব খোজা ছোৱালীৰ ৰূপগূণ বৰ্ণনা কৰোঁতে বাপেকে আনৰ আগত কয় এইদৰে....
     লাঙা মাৰাৰ আগতে
      ৰাঙ বাহেকা
    মানুহ হ'লে চিকুন্ চাকান্
    চুলি নাইকা  |
   কি চাবি চিকুন্ চাকান্
  ৰিচিং কলৰ পাত 
   চুলিৰ খোপা দোন হেনা
   বুবা নৰে তাঁত |
   মায়াক জেকৰ মাজতে
          এখন মাত্র তাঁত
   মায়াক হ'ল ভাজিনী
   জেকে ৰান্ধে ভাত  |
        আগলৈ.....

   ✒️ হেমেন হাজৰিকা

Post a Comment

0Comments

নমস্কাৰ স্বাগতম জনাইছোঁ আপোনাক । লেখাটো বা সংখ্যাটো পঢ়ি কেনেকুৱা পাইছে তলত কমেন্ট বক্সত লিখি আমাক জনাবলৈ নাপাহৰিব । লগতে লেখাটোৰ তলত দিয়া হোৱাটচএপ, ফেচবুক বুটামত টিপি লেখাটো আপোনাৰ শুভাংকাশী সকলৰ সৈতে শ্বেয়াৰ কৰি দিব । ধন্যবাদ

Post a Comment (0)