জুই

©Admin
0
লেলিহান শিখাৰে
দাওদাওকৈ জ্বলিছে
জুই!জুই ! জুই !
তোমাৰ আৰু মোৰ বুকুত
ধৰিত্ৰীৰ বুকুত !
কেতিয়াবা কেঁচা তেজ হৈ জ্বলিছে
কেতিয়াবা হিংসা-বিদ্বেষৰ দাৱানলহৈ
দুৰাৰোগ্যৰ অদৃশ্য শিখাই দহি দহি মাৰিছে
মনুষ্যক! পৃথিৱীৰ চুকেকুণে,
এতিয়া ভূগৰ্ভও জ্বলিব ধৰিছে
আকাশলঙ্ঘী লেলিহান শিখাই
সাধাৰণ মানুহৰ সপোনবোৰ
ছাই কৰি পেলাইছে
আৰ্তনাদ, হাহাকাৰৰ ধ্বনিয়ে
কঁপাই তুলিছে আকাশ বতাহ
ভূগৰ্ভৰ বক্ষ বিদাৰি উদং কৰা মানৱে
বুজিব পৰা নাই  প্ৰকৃতিৰ ক্ষোভ ক'ত?
প্ৰকৃতিৰ ওচৰত অসহায় আজি মানৱজাতি!
আমি জুইৰ লগত সহবাস কৰিব লাগিব
এই জুই জানো নিৰ্বাপিত হ'ব?
এক কুটিল ক্ষণত উপনীত আমি ।
      
📝ইন্দু দত্ত উজীৰ 

Post a Comment

0Comments

নমস্কাৰ স্বাগতম জনাইছোঁ আপোনাক । লেখাটো বা সংখ্যাটো পঢ়ি কেনেকুৱা পাইছে তলত কমেন্ট বক্সত লিখি আমাক জনাবলৈ নাপাহৰিব । লগতে লেখাটোৰ তলত দিয়া হোৱাটচএপ, ফেচবুক বুটামত টিপি লেখাটো আপোনাৰ শুভাংকাশী সকলৰ সৈতে শ্বেয়াৰ কৰি দিব । ধন্যবাদ

Post a Comment (0)