প্ৰত্যাশা

©Admin
0
সেমেকা বেদনাৰ কেঁচেলোৱা গোন্ধত
মই বৰ কষ্ট পাইছো
উশাহত লাগি আছে মাছৰ কাঁইট,
বাগৰি আহে বিষাদৰ তেজ আৰু বমি
নাজানো জীৱনৰ অভিশাপ আৰু কিমান দিনলৈ...
তথাপিও নতুন দিনৰ আগমণত
মই অধীৰ হেঁপাহৰে ৰৈ আছো।
সোঁৱৰণিৰ বুকু ফালি সেউজীয়া হৈ
বৰষিব সুখৰ বন্যা
দিহিঙৰ পাৰে পাৰে ঘূৰি ফুৰা সপোনে
সজাল মেলিব,ঠাই পাব এৰাবাৰীৰ ধোঁৱাচাঙত।
ৰাস্তাৰ গেলাডোঙাত সিদিনাই পৰি ৰলো
ডেউকা ভগা হৈ
আকৌ উৰিব বিছাৰো টঙীঘৰৰ নঙলাইদি দূৰণিবতীয়া।
উহ্ এচপৰা ধোঁৱাবৰণীয়া আৱেগ
মৰুভূমিৰ ৰোহঘৰৰ শিথিলতাবোৰক
উজুতিয়াই জয়ী হ'বৰ মন বীণৰ ছেঁৱত,
সৰাপাতৰ উচুপনিত গীত গাবৰ মন
আকাশ চুবৰ মন প্ৰত্যাহ্বান নেওচি
জোনাকীৰ দৰে মই হ'ব নিবিচাৰো ধিমিক-ধামাক,
জুই হ'ব খোজো প্ৰচণ্ড ৰঙা
জ্বলাই সজাব বিচাৰো নতুনকৈ ভঙা ডিঙৰা।
নতুন দিনৰ অপেক্ষাত শত শত উজাগৰী নিশা
বুকুৰ তেজেৰে ঘঁহাই উজ্বলাব খোজা
ই মোৰ সাহস এটি শব্দ"প্ৰত্যাশা" ।


📝পংখী মৰাণ (প্ৰিয়দৰ্শিনী)
ৱিমেনচ্ কলেজ তিনিচুকীয়া

Post a Comment

0Comments

নমস্কাৰ স্বাগতম জনাইছোঁ আপোনাক । লেখাটো বা সংখ্যাটো পঢ়ি কেনেকুৱা পাইছে তলত কমেন্ট বক্সত লিখি আমাক জনাবলৈ নাপাহৰিব । লগতে লেখাটোৰ তলত দিয়া হোৱাটচএপ, ফেচবুক বুটামত টিপি লেখাটো আপোনাৰ শুভাংকাশী সকলৰ সৈতে শ্বেয়াৰ কৰি দিব । ধন্যবাদ

Post a Comment (0)