ৰাজনীতি

Rinku Rajowar
0

মূল : মণীশ সিংহ ৰায় (বাংলা)
অসমীয়া অনুবাদ : কুমুদ ঘোষ

দধিচী মুনি উভতি আহিল ।
ক্ৰুদ্ধ,
ওলোটাই বিচাৰিলে হাড় ।
ক'লে - 'বজ্ৰৰ ইমান কিয় ভুল ব্যৱহাৰ ।'

মাজনিশা জোনাকি-পৰুৱাবোৰে বাট হেৰুৱালে ।
কঁপি উঠিল মনালিছাৰ ছবি ।

পৃথিৱীৰ অন্ধ শাসকহঁতে পৰস্পৰলৈ আঙুলি টোৱাই
চিঞৰি উঠিল - ৰাজনীতি ! ৰাজনীতি !

এই দৃশ্যৰ কথা শুনি বৃদ্ধ ধৃতৰাষ্ট্ৰই
মিচিকিয়া-হাঁহি মাৰিলে । ¤ ¤ ¤

কবি পৰিচয় : মণীশ সিংহ ৰায়ৰ জন্ম অসমৰ ধুবুৰীত । ১৯৭৪ চনত শিক্ষা গ্ৰহণৰ বাবে কলকাতালৈ যাত্ৰা আৰু তেতিয়াৰ পৰাই কলকাতা নিৱাসী । আশীৰ দশকৰ প্ৰথমভাগত কাব্যক্ষেত্ৰত আত্মপ্ৰকাশ । 'দেশ'ৰ দৰে আগশাৰীৰ আলোচনীত কবিতা প্ৰকাশ হৈছে যদিও তেখেত মূলত: লিটল মেগাজিনৰ কবি । আশীৰ দশকৰ প্ৰথম ভাগৰ পৰা ধুৰ্জটি চন্দ সম্পাদিত সেই সময়ৰ বিখ্যাত লিটল মেগাজিন 'এবং'ৰ সৈতে জৰিত । পৰৱৰ্তী সময়ত অৰ্থাৎ নব্বৈৰ দশকৰ পৰা বৰ্তমানলৈকে আন এক বিখ্যাত সাহিত্য আলোচনী 'কৌৰব'ৰ সম্পাদকমণ্ডলীৰ এজন হিচাপে যুক্ত । প্ৰচাৰবিমুখ কবিজন বিগত প্ৰায় চল্লিছ বছৰ কাল কাব্য-চৰ্চাত জৰিত যদিও বৰ্তমানলৈকে তেখেতৰ কোনো কাব্য সঙ্কলন প্ৰকাশ হোৱা নাই । তেখেতৰ কবিতা অসমীয়া ভাষালৈ অনুবাদ কৰাৰ অনুমতি প্ৰদান কৰাৰ বাবে আমি ব্যক্তিগতভাবে তেখেতৰ ওচৰত কৃতজ্ঞ ।

Post a Comment

0Comments

নমস্কাৰ স্বাগতম জনাইছোঁ আপোনাক । লেখাটো বা সংখ্যাটো পঢ়ি কেনেকুৱা পাইছে তলত কমেন্ট বক্সত লিখি আমাক জনাবলৈ নাপাহৰিব । লগতে লেখাটোৰ তলত দিয়া হোৱাটচএপ, ফেচবুক বুটামত টিপি লেখাটো আপোনাৰ শুভাংকাশী সকলৰ সৈতে শ্বেয়াৰ কৰি দিব । ধন্যবাদ

Post a Comment (0)