আমিয়ে দেশৰ স্বাধীনতাৰ বাবে
ঘৰে ঘৰে জ্বলাইছিলোঁ
সমৃদ্ধিৰ চাকি।
ঘুৰি ফুৰিছিলো
দেশৰ অলিয়ে গলিয়ে
স্বাধীনতাৰ গাণ ৰচি।
এতিয়া আমি
স্বাধীন দেশৰ পৰাধীন মানুহ।
বাক স্বাধীনতা হেৰুৱালো
নোৱাৰো গাব গাণ
লুইতৰ শিলনিত
হেৰুৱালো স্বাধীনতা।
হেৰুৱালো মোৰ সোণৰ গাঁও
সেউজীয়া বননি
সোনালী ধাননি।
নোৱাৰো বন জোনাকী হৈ
মোৰ মাটিত এন্ধাৰ বাট
পোহৰাই তুলিবলৈ।
আমি স্বাধীন দেশৰ পৰাধীন মানুহ।
কিমান সহ্য কৰিম
কণ্ঠ স্তব্ধ,হেৰাই সুখৰ সজ্ঞা
মোৰ দেশৰ বননিত
সুখৰ ছাঁ।
সুখৰ গাঁও সোনৰ পথাৰত
নামি আহে নিৰবতা।
আমি জাগিবৰ হ'ল।
ঘৰে ঘৰে ৰূপান্তৰৰ গান গাই
জনতাৰ টোপনি ভাঙি
ল'ৰি যাওঁ বলা
মহা জীৱনৰ ৰাজ আলিলৈ।
শঙ্কৰ মাধৱ ,জ্যোতি বিষ্ণুৰ
উজ্বল কৃত্তি সুন্দৰ সাধনা
বিকাশ ঘটাই
আমি জাগিবৰ হ'ল।
আই পূজাৰ বেলি হ'ল।
স্বাধীন দেশৰ পৰাধীন মানুহ
সদায় থাকিমনে হৈ।
📝হিৰণ্য চেতিয়া গগৈ
নমস্কাৰ স্বাগতম জনাইছোঁ আপোনাক । লেখাটো বা সংখ্যাটো পঢ়ি কেনেকুৱা পাইছে তলত কমেন্ট বক্সত লিখি আমাক জনাবলৈ নাপাহৰিব । লগতে লেখাটোৰ তলত দিয়া হোৱাটচএপ, ফেচবুক বুটামত টিপি লেখাটো আপোনাৰ শুভাংকাশী সকলৰ সৈতে শ্বেয়াৰ কৰি দিব । ধন্যবাদ