বৰষুণৰ ৰাগী-০৪

Rinku Rajowar
0

লাহে লাহে সময় বাগৰে...বৰষুণ দিলেই মীনাক্ষীৰ সেই অচিনাকি মানুহজনলৈ মনত পৰে ৷ যিয়ে এদিন তাইক বৰষুণৰ ৰাতি সহায় কৰিছিল ৷ মানুহজনক লগ পোৱাৰ হেপাঁহ আজিও তাই মনত পুহি ৰাখিছে ৷ কোন আছিল,ক’ৰ মানুহ আছিল তাই একো   নাজানে ৷ ক’তবা লুকাল তাকো নাজানে ৷ এদিন যি ৰাস্তাৰ কাষত দেখা পাইছিল..তাৰ পিছৰ পৰা কোনোদিন দেখা পোৱা নাই৷ সময়ৰ চাকনৈয়াত ক’ত বা হেৰাল মানুহজন !
      দুয়োজনী নিজৰ নিজৰ কামত ব্যস্ত থাকে ৷ সময় নিজৰ গতিত পাৰ হ’ব ধৰে৷ বন্ধ তেনেকৈ নাপায়ে তাহাতি ৷ দেওবাৰ দিনটো যি বন্ধ থাকে৷ আজি দেওবাৰ.. দুপৰীয়া  সময়কণ অতিবাহিত  কৰিবৰ বাবে চিনেমা এখন চাও ভাবি তাই টিভিটো লগাই ল’লে ৷ টিভি চাই চাই কেতিয়ানো তাই টোপনি গ’ল গমকে নাপালে ৷ ৰাণুৱে মাতিলত হে তাই সাৰ পালে ৷
👩: অই তই শুই আছ’ যে.. পাহৰিলি আজি হস্পিতাল যোৱাৰ কথা আছিল যে ৷
তাই সচাকৈয়ে পাহৰি গৈছিল ৷ ৰাণুহতৰ বেংকৰ মেনেজাৰজনৰ তিনিদিনমান আগত এক্সিডেণ্ট হৈছিল ৷ মূৰত বেছি আঘাত পোৱাৰ বাবে চেন্সলেচ হৈ আছে ৷ তাই আজি হস্পিতালত তাৰ খবৰ ল’বলৈ যোৱাৰ কথা আছিল ৷ কাইলৈ তাক উন্নত চিকিৎসাৰ বাবে দিল্লীলৈ নিব ৷ অকলে যাব বেয়া লাগিলত তাইকো লগ ধৰিলে ৷ তাইৰ কাৰণে এতিয়া দেৰিয়ে হ’ব ৷ কিহেনো পায় তাইক ঠিক নাই ৷ দৰকাৰী কিবা থাকিলেহে তাইৰ টোপনিটো বেছি হয় ৷ তিনি বাজিবৰ হলেই ৷ লৰালৰিকৈ ওলাবলৈ লৰ মাৰিল তাই ৷
তাহাতি হস্পিতাল পায়গৈ মানে চাৰিটা বাজিবৰ   হ’ল ৷ গৈ পায়ে ৰাণুৱে অফিচৰ লগৰ ৰঞ্জনক ফোন কৰিলে ৷ সি এইকেইদিন হস্পিতালত আছেই ৷ সি ক’ত আছে জনালত তাহাতি তালৈকে যাব ধৰিলে ৷ আই.চি.ইউ ৰ বাহিৰৰ বেঞ্চখনত সি বহি আছিল ৷ তাহাতক দেখি উঠি আহিল ৷ ৰাণুৱে খা-খবৰ ল’লে ৷ তাহাতৰ কথা পতাৰ মাজতে আই.চি.ইউ ৰ বাহিৰৰ পৰা মীনাক্ষীয়ে ভিতৰলৈ চাই
পঠিয়ালে ৷ শুদ্ধ বগা বিচনাখনত অক্সিজেনৰ মাস্ক লগাই মানুহ এজন শুই আছে ৷ তাই মানুহজনৰফালে অলপ দেৰি চায়ে থাকিল৷ মানুহজনৰ মুখখন তাইৰ চিনাকি চিনাকি লাগিল ৷ ক’ত দেখিছে মানুহজনক তাই মনত পেলাবলৈ চেষ্টা কৰিলে ৷ হঠাৎ যেন এচমকা বিজুলীহে তাইৰ মগজু মাজেৰে পাৰ হৈ  গ’ল ৷ এই মানুহজন...এই জনটো তাই বিচাৰি ফুৰা জনেই ৷ তাই সপোনতো ভবা নাছিল তাক এনে অৱস্থাত দেখা পাব বুলি ৷ কিমান দেৰি ভিতৰলৈ একে থৰে চাই  আছিল গম নাপায় ৷ ৰাণুৱে গাত ধৰি জোকাৰি দিলতহে হুচ আহিল তাইৰ ৷
ইফালে সিফালে চাই মুখৰ ভিতৰতে বিৰ্‌বিৰাব ধৰে তাই
👩: নাই এনেকুৱা হ’ব নোৱাৰে ৰাণুবা.. নোৱাৰে এনেকুৱা হ’ব..

চকুৱে মুখে ঢাকি ওচৰৰ বেঞ্চখনত বহি পৰে তাই ৷  তাইৰ আচৰণত ৰাণু বাৰুকৈয়ে আচৰিত হয় ৷ তাইৰ ওচৰত বহি সোধে

👩: কি হ’ল তোৰ..কি কৈছ’ ? তই অভিষেকক চিনি পাৱ নেকি ?

মানুহজনৰ নাম তেন্তে অভিষেক ৷ বহাৰ পৰা মুৰ তুলি তাই ৰাণুক ক’ব ধৰে

👩:  ৰাণুবা, প্ৰায় দুমাহ মান আগত বৰষুণত যে মোক সহায় কৰিছিল মানুহজন মনত আছেনে তোমাৰ ৷ মই যে তোমাক কৈছিলোঁ
👩:  অ’ অ’ আছে মনত ৷ তাতে  কি হ’ল এতিয়া ?
👩 : এই মানুহজনেই আছিল ৷ ইমান দিনে লগ পাবলে বিচৰি ফুৰা মানুহজন এইজনেই আছিল ৷
তাইৰ কথাত ৰাণু মৌন হৈ পৰিল ৷ তাই জানে মীনাক্ষীয়ে যে মানুহজনক লগ পাবলৈ কিমান আগ্ৰহ প্ৰকাশ কৰিছিল ৷ দিন বাগৰিছিল যদিও তাই আশা এৰি দিয়া নাছিল ৷ এদিন নহয় এদিন লগ পাবই বুলি তাই ৰাণুক প্ৰায় কৈছিল ৷ প্ৰথমতে ৰাণুৱে তাইক দুই এক ধমকি দিছিল তাইৰ বলিয়ালি ভাবি ৷ কিন্তু লাহে লাহে তাইৰ আগ্ৰহ দেখি একো নোকোৱা হ’ল ৷ এনেকৈ আজি যে তাক দেখা পাব কোনো এজনীয়ে ভবা নাছিল ৷ আৰু মীনাক্ষীয়ে  বিচৰি ফুৰা মানুহজন যে তাইৰ বেংকৰ মেনেজাৰ অভিষেক তাইৰ কল্পনাৰ বাহিৰত আছিল ৷ কি বুলি বুজাব তাই এতিয়া মীনাক্ষীক ৷
ৰাণুৰ হাত দুখনত ধৰি মীনাই আকৌ কৈ উঠে
👩: ৰাণুবা অভিষেকৰ ভাল হ’বনে ? মই কোনোবাদিনা সন্মুখত সুস্থ অৱস্থাত লগ পামনে ?
কি বুলি ক’ব তাইক..তাৰ অৱস্থা যে বৰ ভাল নহয় ৷ কাইলৈ ভাল চিকিৎসাৰ বাবে দিল্লীলৈ নিব তাক ৷ কিন্তু সি ভাল হৈ উঠিবনে নাই কোনেও নাজানে ৷ নাই নাই এই কথা তাই মীনাক ক’ব নোৱাৰে ৷ যি হওক তাক লগ পোৱাৰ আশা ক মৰহি যাব দিব নোৱাৰে ৷ থাকক এনেকৈয়ে ৷ সময়ত সকলো বুজিব ৷ লাহে লাহে তাই কৈ উঠে
👩:  সোনকালেই সি ভাল হৈ উঠিব ৷ কাইলৈ তাক ভাল চিকিৎসাৰ কাৰণে দিল্লীলৈ নিব৷ সোনকালে ভাল হ’ব সি ৷ তাৰ পৰা তই তাক লগ কৰিবি আৰু ভালদৰে চিনাকী হ’বি ৷ এতিয়া মন বেয়া নকৰিবি ৷ সোনকালে ভালহৈ উঠিবৰ বাবে প্ৰাৰ্থনা কৰিবি ৷  আৰু এতিয়া ব’ল ৰুমলৈ যাও .. সাত বাজিবৰ হ’ল ৷ নহ’লে গাড়ী পোৱা দিগদাৰ হ’ব ৷
উঠি আহি আকৌ এবাৰ বাহিৰৰ পৰা শুই থকা অভিষেকক চাই লয় তাই..আক’ বা কেতিয়া দেখা হয় ৷ হস্পিতালৰ পৰা ওলাই আহোতে নিজকে বৰ দুৰ্বল যেন অনুভৱ হয় তাইৰ ৷ মনটো বেয়া লাগি আহিব ধৰে ৷ যেন আপোন কোনোবা তাইৰ পৰা বহু দূৰলৈ গুচি যাব লৈছে এনেকুৱা লাগিল তাইৰ৷

✍️ দশমী শইকীয়া,গোলাঘাট


Post a Comment

0Comments

নমস্কাৰ স্বাগতম জনাইছোঁ আপোনাক । লেখাটো বা সংখ্যাটো পঢ়ি কেনেকুৱা পাইছে তলত কমেন্ট বক্সত লিখি আমাক জনাবলৈ নাপাহৰিব । লগতে লেখাটোৰ তলত দিয়া হোৱাটচএপ, ফেচবুক বুটামত টিপি লেখাটো আপোনাৰ শুভাংকাশী সকলৰ সৈতে শ্বেয়াৰ কৰি দিব । ধন্যবাদ

Post a Comment (0)