লিপিকাৰ আদিম পুৱাতেই
সবিতাৰ হেঙুলীয়া কিৰণ সানি, চোতালৰ দুৱৰিত বহি হঠাৎ তোমালৈ মনত পৰি !
উকা বহীত কলম বোলালো ।
নাজানো, চিঠিখন পাই তোমাৰ মনত কেনে প্ৰতিক্ৰিয়া হয় । ভয় লাগিছে জানোছা বহু দিনৰ বিৰতিৰ পাছত মোৰ ভাঁটৌ বুলিয়া খৱৰ লৈ বলিয়াৰ বলিয়ালি বুলি তুমি দলিয়াই পেলোৱা । পিছে বিশ্বাস কৰা । এইয়া বলিয়ালি নহয় মোৰ হৃদয়ৰ আহবান আৰু বগা কাগজত নীলা চিয়াঁহীৰে যেন মোৰ হৃদয়ৰ ক্ষুদ্ৰ তেজৰ কণিকা ।তাৰ বাবে লাজ, মান, শংকা, সকলো কাতি কৰি থৈ মই এই পত্ৰ খনি লিখিলো । তাক জানোঁ তুমি অতি আদৰেৰে লৱা আকোৱালি । সিদিনা তোমাৰ সতে সঘনে হোৱা চকুৰ স্পৰ্শৰে মোৰ বিশৃংখল জীৱনৰ গতি যি দৰে সলনি কৰি থৈ গৈছা, তাৰ বাবে এতিয়া মই প্ৰকৃতিৰ বুকুত যেন বিলিন হৈ যাব ধৰিছো ।এই কেইদিন তোমাৰ অনুপস্থিতিত সকলোতে মাথোঁ অন্ধকাৰ যেন দেখিছো ।প্ৰকৃতিৰ সকলো সৌন্দৰ্যয়ে যেন মোক আমনি কৰিছে । যোৱা নিশা অকলশৰে চোতালত বহি থাকোতে, হঠাৎ জোনৰ কোমল পোহৰত তোমাৰ প্ৰতি ছৱি মোৰ দুচকুত ভাহি উঠিল । তাৰ বাবে এতিয়া মই মনৰ দুখত পুৰি মৰিছো । মই আজি নিৰুপাই, অসহায় হৈ পৰিছো। সেয়েহে তোমাক জনাইছোঁ মোৰ হৃদয়ৰ আকুল আবেদন ।
ইতিত
মই
তোমাৰ
বিনিতা বৰা
📝বিনিতা বৰা
নমস্কাৰ স্বাগতম জনাইছোঁ আপোনাক । লেখাটো বা সংখ্যাটো পঢ়ি কেনেকুৱা পাইছে তলত কমেন্ট বক্সত লিখি আমাক জনাবলৈ নাপাহৰিব । লগতে লেখাটোৰ তলত দিয়া হোৱাটচএপ, ফেচবুক বুটামত টিপি লেখাটো আপোনাৰ শুভাংকাশী সকলৰ সৈতে শ্বেয়াৰ কৰি দিব । ধন্যবাদ