শাওন

Rinku Rajowar
0
কেঁচা মাটি গোন্ধত আমোলমোলাই পথাৰখন ,
হালখনে খান্দি উলিয়াই তাৰ সপোনৰ চন্দুক
য’ৰ মণি মুকুতাবোৰ সোণগুটি হৈ লাগে ভৰ আঘোণত ৷
প্ৰিয় এই সকলো তাৰ
এই ৰঙা-বগা বলধ হাল,
বোকামাটি,
সেউজীয়াবোৰ আৰু তাৰ মাজৰ সৰু সৰু আলিবোৰ ৷
ইমান ভাল পাব পাৰিনে ইহঁতক?
তাৰ ৰাংঢালীজনীকো চোন ইয়াত তুলনা কৰিব নোৱাৰি !
শেতেলী এৰি তাইৰ কাষৰ পৰাচোন ইয়ালৈয়ে ঢাপলি মেলে ৷
আপোন পাহৰা হয় সি ইহঁতৰ মাজত, ৰঙা -বগায়েও যে ভালপায় তাক বহুত !  এচাৰিৰ কোববোৰ তাহাঁতৰ গাত পৰিলে তাৰেই গা চেবায় ৷
আটুম টোকাৰিকৈ ৰখা খেৰৰ ঘৰটোৰ বাৰাণ্ডাখন ইহঁতৰ বাবেই আচুতীয়া ৷
ৰঙাকৈ বেলিটো উঠি অহা এই ৰূপটো সি প্ৰায়েই দেখে,
ধলফাটৰ পূৰ্বেই যে সি নাঙল ধৰে ৷
তাইজনী আহিছে জলপান লৈ,
ৰঙা চাহপানীটোপাৰে তাৰ পিয়াহ আঁতৰে ৷
ৰঙা-বগাক ঠাইতে থৈ সি আঁতৰি আহিল ৰাংঢালীৰ হাতৰ জলপান ল’বলৈ....

✒️অনামিকা গোৱালা 

Post a Comment

0Comments

নমস্কাৰ স্বাগতম জনাইছোঁ আপোনাক । লেখাটো বা সংখ্যাটো পঢ়ি কেনেকুৱা পাইছে তলত কমেন্ট বক্সত লিখি আমাক জনাবলৈ নাপাহৰিব । লগতে লেখাটোৰ তলত দিয়া হোৱাটচএপ, ফেচবুক বুটামত টিপি লেখাটো আপোনাৰ শুভাংকাশী সকলৰ সৈতে শ্বেয়াৰ কৰি দিব । ধন্যবাদ

Post a Comment (0)