এজাক বৰষুণৰ অপেক্ষাত ২৮

©Admin
0
ৰাতিপুৱা সোনকালে শুই উঠি মাক কাম দুটা মান কৰি দিছোঁ।নহলে আকৌ বকি থাকিব তাতে ফুৰিবলৈ যাম সেইটো কথাতে আকৌ বহুত গালি পাৰিব। বৰ্ষাক  ফোন কৰি সময়টো কথা ক"লো। তাইকো ঘৰত যাবলৈ নিদিয়ে বুলি কৈছিল  পাছত যেনিবা কৈ কৈ দিলে আৰু। গা পা ধুই যাবলৈ ওলাইছো। ১০ বাজিবই হ'ল। প্ৰান্তিক দা আহি পালেহি। মাক যাওঁ বুলি কৈ ওলাই আহিলো। 
_______ অ শেষ আজি বাইক লৈ আনিছে।ডাঙৰ খন গাড়ী নাই অনা। বহুত লাজ লাগিব বাইকত তেওঁৰ লগত বহি যাবলৈ। আজি পিছে আগতকৈ তেওঁক বহুত ধুনীয়া লাগিছে। পাতল বগা ৰঙৰ চাৰ্ট এটা পিন্ধি আহিছে। মানুহ টোৰ লগত একেবাৰে চাৰ্টটো মিলি গৈছে।
______ ধুনীয়া লাগিছে।
প্ৰান্তিক_______ কাক?
______ আপোনাক
প্ৰান্তিক_______ আওঁ আজি ওলোটা হল যে আনকলে মই হে তোমাক কওঁ আজি মোক কৈ দিলা।
লাহে কৈ হাঁহি এটা মাৰি দিলে।
_______ হব বলক।
যাবলৈ ল"লো। বাইকত কেনেকৈ বহিম ভাবিয়েই নাপালোঁ। যেনে তেনে একচেটিয়া হৈ বহি গ"লো।
_______ মোৰ যে বাইকত বহাৰ অভ্যাস একেবাৰে নাই। আজি নো বাইক খন কিয় লৈ আনিলে।
গৈ থাকোঁতে মই ক"লো।
প্ৰান্তিক______ মই নো কেনেকৈ জানো। আৰু সদাই ইখন গাড়ী লৈয়ে ফুৰিবলৈ যাওঁ আজি সেইকাৰণে এইখন লৈ আনিলো।
_______ ওম
প্ৰান্তিক______ বহিবলৈ জোৰা নাই নেকি?
_______ মোক হাতী বুলি ভাবিছে আপুনি?
প্ৰান্তিক______ আৰু কি? ইমান গধুৰ তুমি মই বাইক টানিবৈ পৰা নাই। 
_______ কিনো আপুনি বহুত বেছি কৰে নমাই দিয়ক মই যাওঁ গৈ।
প্ৰান্তিক_______ হব হব কাজিয়া কৰিব নালাগে।ভালকৈ ধৰি লোৱা পৰিবা নহ"লে।
_______ huh হব।মোক সৰু ছোৱালী বুলি ভাবিছে আপুনি?
প্ৰান্তিক_______ নিজে হে কৈছা বাইকত বহাৰ অভ্যাস নাই বুলি।
______ হব জানো বহিবলৈ।
প্ৰান্তিক_______ মনে মনে আহা। পাতিহাঁহৰ নিচিনাকৈ পেত-পেতাই আহিব নালাগে। মুখ খন বন্ধই নহয় ন"?
_______ অ কি তাৰ মানে মই হে অথনিৰ পৰা কথা পাতি আহিছো। আপুনি কথা পতাই নাই ?
প্ৰান্তিক______ নাই পতা টো।
______ হব।
পাছত মূৰ্ত্তি টোৰ নিচিনা কৈ বহি গৈছো। তেওঁক ধৰি যাবলৈও লাজ লাগিছে। উপাই নাই এনেকৈয়ে যাব লাগিব।
কথা পাতি পাতি কেতিয়া নো টাউন পালো গৈ ধৰিবই নোৱাৰিলো।  বৰ্ষা আৰু স্বাগত দা ৰৈ আছে। সিহঁতো বাইকতে যাব। বৰ্ষাৰ লগত চকুৰ প্ৰচাৰতে কিবা কিবি কথা পাতিছোঁ। তাইৰো স্বাগত দাৰ লগত তেনেকৈ যাবলৈ লাজ লাগিছে। হাঁহিও উঠিছে মোৰ। দুইজনীৰ একেই অবস্থা।
চাৰিওটা গৈ আছো। সেইখিনিতে আহিলে নহয় বৰষুণ এজাক।
________ ছেহ্,,, ৰাতিপুৱাৰ পৰা বতৰটো ঠিকেই আছিল। এতিয়া নো কিয় বৰষুণ জাক দিব লাগে? অকলে অকলে ভুৰভুৰাই আছো। বহুত ডাঙৰ বৰষুণ। গোটেই কেইটা তিতি জুৰুলা হ"লো। ৰ'বলেও ক'টো জেগা নাই। অলপ আগত খেৰৰ জুপুৰি আছিল।তাতে আমি গোটেই কেইটা ৰলোঁ"। "কিনো অসময়ত বৰষুণ জাক আহিলে" বুলি কৈ মই সেইখিনিতে দীঘল বাঁহৰ বেন্স এখন আছিল তাতে বহিলো। খং উঠি আছে একদম।ওচৰতে বৰ্ষাও বহিলে আহি। প্ৰান্তিক দা আৰু স্বাগত দাই বাইক দুখন চপাই সেইখিনিতে থিয় হৈ আছে।
" কি হল আহোঁতে কাজিয়া লাগি আহিছ' নেকি দুয়োটাই মুখ খন যে ফুলাই আছ' "। বৰ্ষাই সুধিলে।
________ দেখা নাই এতিয়া হে বৰষুণ জাক আহিব পালে। ক'তো যোৱা নহব চাগে।
বৰ্ষা_______হাঃহাঃ,,,, সেইটো কথা। মই আকৌ কাজিয়া লাগিলি বুলি হে?
_______ কাজিয়া মানে? চা মা মই বোলে হাতী,,,, গোটেই ৰাস্তাটো হেনো মই পেত- পেতাই আহিছো। পাতিহাঁহ! 
প্ৰান্তিক দা ফালে ঘোপাকৈ চাই কথাটো ক'লো।
প্ৰান্তিক______ নিজেই নিজকে হাতী মাখি কৈ কৈ আহিছা এতিয়া মই হে কোৱা হল। দন্দুৰিৰ শেষ তুমি।
______ huh,,,,
আমি দুইজনী বহি আছো সেইখিনিতে। বৰষুণ দিয়েই আছে।
বৰ্ষা________ বৰষুণ নেৰিবই নেকি অ? ঘৰ যোৱা টোৱেই সমস্যা হৈ গ'ল এতিয়া।
________ নাজানো দেই ঘৰত মাৰ গালি শুনিও  ফুৰিবলৈ আহি এইয়াহে হ'ল।
স্বাগত_______নহা হলেই ভাল আছিল আজি। 
কথাটো কৈ স্বাগত দা বৰ্ষাৰ ওচৰতে আহি বহিলেহি।
প্ৰান্তিক_______এনেকৈ বুলি জনা হ"লে মই ডাঙৰ গাড়ী খনেই লৈ আনিলো হেঁতেন। 
মোৰ ফালে চাই প্ৰান্তিক দাই কথাটো কৈছিল মই মুখ খন বেকা কৰি দিলো।
বৰ্ষা________ প্ৰান্তিক দা থিয় হৈ আছা যে আহা এইখিনিতে বহাহি।
প্ৰান্তিক_______ অ"
মোৰ ওচৰতে আহি বহিলে। তাতে বহুত দেৰি হল। গোটেই কেইটাই বৰষুণ এৰালৈ ৰৈ আছো। তেনেকৈ বহি থাকোতে প্ৰান্তিক দাই পতককৈ মোৰ হাত খন ধৰি ল'লে। মই গম পাইও আজি হাত খন আঁতৰাবলৈ চেষ্টা নকৰিলোঁ। ধৰি আছে হাতখন বহুত দেৰি। তেনেতে তেওঁ মোৰ কান্ধত মূৰটো থৈ কাণৰ ওচৰতে মনে মনে ক"লে," কিয় ইমান দন্দুৰি তুমি? মোৰ লগত যে ইমান কাজিয়া কৰি থাকা"। মই বৰ্ষাহঁতে শুনিলে বুলি ইফালে চাই লাহেকৈ হাঁহি দিলো।এনেকৈয়ে তাতে দুই ঘণ্টামান পাৰ হল।কিন্তু তেতিয়াও বৰষুণ এৰাই নাই।অলপ অলপ কৈ দিয়ে আছে।
সময়তো ২টা মান বাজিছে।
" কি কৰা যায় এতিয়া বৰষুণ এৰা নামেই লোৱা নাই। ঘৰলৈকে যাওঁ গৈ উপাই নাই নহলে।" বৰ্ষাই ক'লে।
______ তাকে মইও ঘৰলৈ যোৱা কথাকে ভাবিছো। ফুৰা নহলে আৰু আজি। কিন্তু ঘৰলৈ যাবি কেনেকৈ ? বৰষুণ দিয়েই আছে।
বৰ্ষা______ তিতি তিতি হলেও যাব লাগিব। এনেও আহোঁতে তিতিলোৱেই।আকৌ যদি বৰষুণ ডাঙৰ হৈ যায় ইয়াতে সোমাই থাকি।  লাগিব যাব নোৱাৰিম।
" যোৱা নে কি" বৰ্ষাই স্বাগত দাক সুধিলে।
স্বাগত_______ কি কৰ' প্ৰান্তিক! যাবি নে?
প্ৰান্তিক_______ ব"ল  আৰু।এনে এনেই আহিলো আজি।
গোটেই কেইটা যাবলৈ ল"লো। বৰষুণৰ কাৰণে যিমান পাৰো সোনকালে যাবলৈ লৈছো।,,,,,,, 
টাউন পালোহি। স্বাগত দাই বৰ্ষাক থবলৈ বেলেগ এটা ৰাস্তাই দি গুচি গ'ল আৰু আমিও নিজৰ ঘৰৰ ফালে গুচি আহিলো।
 
আগলৈ,,,,,

✏️পূৰ্ণিমা হালৈ

Post a Comment

0Comments

নমস্কাৰ স্বাগতম জনাইছোঁ আপোনাক । লেখাটো বা সংখ্যাটো পঢ়ি কেনেকুৱা পাইছে তলত কমেন্ট বক্সত লিখি আমাক জনাবলৈ নাপাহৰিব । লগতে লেখাটোৰ তলত দিয়া হোৱাটচএপ, ফেচবুক বুটামত টিপি লেখাটো আপোনাৰ শুভাংকাশী সকলৰ সৈতে শ্বেয়াৰ কৰি দিব । ধন্যবাদ

Post a Comment (0)