প্রচণ্ড গৰম কিম্বা প্রচণ্ড বৰষুন, দুয়োটা কামতেই দেহিৰাম চাচাৰ মূৰত থাকে সেই আধা পুৰণি জাপিটো। অজলা মানুহ, এটাই কাম, গৰু ৰখীয়া। পিঠিত কাপোৰৰ মোনাটোত দুপৰীয়াৰ অলপ আহাৰ টিফিন বাটি এটাত লৈ দেহিৰাম চাচা দিনৰ দিনটো নৈ পৰীয়া পথাৰত গৰু চৰাবলৈ গৃহস্থৰ ঘৰৰ পৰা পুৱাৰ সাঁজ খাই সদায় গোহালিৰ গৰুপাল খেদি অন্য দিনাৰ দৰে ওলাই গ'ল।
গন্তব্য স্থান পাই গৰুবোৰে মনৰ হেঁপাহত ঘাঁহ খাবলৈ ধৰিলে।দেহিৰামে অলপ জিৰণি ল'লে।
আবেলিৰ পৰলৈ বতৰটো গোমা হৈ আহি প্রচণ্ড বতাহ বলিবলৈ ধৰিলে। দেহিৰামে গৰুখিনি এঠাইত গোটাই লৈ ঘৰলৈ বুলি ৰাওনা হ'ব ধৰিছে। বাৰে বাৰে তাৰ মূৰৰ পৰা জাপিটো উৰুৱাই লৈ যাব ধৰে,সি বাৰে জাপিটো মূৰত পিন্ধি লয়। কিন্তু বতাহত বাৰে বাৰে ডিঙিত লগাই ৰখা ৰচিডাল সহিতে তাক বতাহে তচ নচ কৰিব ধৰিলে। তাৰ বৰ খং উঠিল, খঙতে সি এইবাৰ উৰুৱাই নিয়া জাপাটো ধৰি আনি হাতৰ এচাৰি ডালেৰে খুউৱ কোবাবলৈ ধৰিলে আৰু মূখেৰেও অবাইচ মাত মাতি গালি পাৰিবলৈ আৰম্ভ কৰিলে,,,
"চাল্লা তোৰ হাত আছে কি ভৰি আছে ,,,?
বাৰে বাৰে যে ডিঙিৰ ৰচি খুলি মূৰৰ পৰা ভাগি যাৱ,,,,?
তোক আজি কোবাই শেষ কৰি দিম,,, "
এইবুলি জাপিটো সি কোবাই কোবাই ভাঙি পেলালে। ফোপাই জোপাই গৰুপালটো খেদি খেদি তিতি বুৰি ঘৰ পালেহি। বাৰাণ্ডাতে গৃহস্থৰ সকলো সদস্য বহি চাহমেল মাৰি আছিল। তিতি বুৰি জুৰুলা হৈ অহা দেহিৰাম চাচাক দেখি সৰুকনে মাত লগালে,,, ।
ইমানকৈ তিতিলা যে,,, ঐ চাচা,,,!
জাপিটো লৈ যোৱা নাছিলা নেকি?
উত্তৰত চাচাই ক'লে,,, নিছিলোঁ।
বতাহ বৰষুন আহোঁতে বাৰে বাৰে জাপিটো উৰি উৰি যায় থাকে ,সেই বাবে তাক কোবাই কোবাই ভাঙি পেলালোঁ, চাল্লা তাৰ হাত আছে কি ভৰি আছে,বাৰে বাৰে মূৰৰ পৰা উৰি যাবলৈ...?
দেহিৰামৰ কথা শুনি সৰুকণৰ লগতে সকলোৱে হতবাক হৈ হাঁহিবলৈ ধৰিলে।
🖊️অনিল চন্দ্র বনিয়া
শ্বিলং, মেঘালয়
নমস্কাৰ স্বাগতম জনাইছোঁ আপোনাক । লেখাটো বা সংখ্যাটো পঢ়ি কেনেকুৱা পাইছে তলত কমেন্ট বক্সত লিখি আমাক জনাবলৈ নাপাহৰিব । লগতে লেখাটোৰ তলত দিয়া হোৱাটচএপ, ফেচবুক বুটামত টিপি লেখাটো আপোনাৰ শুভাংকাশী সকলৰ সৈতে শ্বেয়াৰ কৰি দিব । ধন্যবাদ