অসমীয়া লোকসংস্কৃতিত লোক উৎসৱ

©Admin
2
লোকসংস্কৃতি হৈছে অসমৰ পৰম্পৰাগত সংস্কৃতি।অতীজৰে পৰা চলি থকা এই সংস্কৃতিয়ে অসমক এক সুকীয়া মৰ্যদা লাভ কৰিছে।অসমীয়া লোকসংস্কৃতিত পৰম্পৰাগত লোক উৎসৱসমূহ ওতঃপ্ৰোত ভাৱে জড়িত হৈ আছে। অসমৰ গ্ৰাম্য সমাজত প্ৰচলিত উৎসৱসমূহ গ্ৰাম্য সমাজৰ সামাজিক আৰু ধৰ্মীয় জীৱনৰ লগত জড়িত হৈ আছে। এই উৎসৱ সমূহত সকলো লোক মিলিত হৈ সহযোগিতাৰ মাজেৰে আনন্দ -ফূৰ্তিৰে অতিবাহিত কৰে।অসমীয়া সংস্কৃতিৰ বিকাশত অতীজৰে পৰা বসবাস কৰি অহা থলুৱা লোক তথা জনগোষ্ঠীসমূহৰ বিবিধ ৰীতি-নীতি, ধৰ্মীয় আচাৰ-ব্যৱহাৰ, পূজা-পার্বন আদিয়ে অগ্ৰাধিকাৰ লাভ কৰি আহিছে। অসমত বিভিন্ন জনগোষ্ঠীৰ লোক আছে যিসকলে অসমীয়া সংস্কৃতি গঠনৰ লগত জড়িত হৈ আছে দীৰ্ঘদিনীয়া সমন্বয় আৰু সমাহাৰ।অসমত বিভিন্ন সময়ত বিভিন্ন জাতি, ধৰ্ম,সম্প্রদায়ৰ লোক প্রব্রজিত হৈছে আৰু কালক্ৰমত এই সকল লোক সংস্কৃতি অসমীয়া সংস্কৃতিৰ লগত সংমিশ্ৰিত হৈ পৰিছে। ফলত অসমীয়া সংস্কৃতিৰ পৰিসৰ বিস্তৃত হৈ আছে আৰু অসমীয়া সংস্কৃতিক এক সুকীয়া আসনৰ মৰ্যদা দিছে। 
           অসমত থকা বিভিন্ন জাতি - জনজাতিৰ উৎসৱসমূহে অসমীয়া লোক সংস্কৃতিৰ ভঁৰাল চহকী কৰি তুলিছে। এই লোক উৎসৱে অসমৰ পৰম্পৰা সংস্কৃতি সম্প্ৰতি সময়ত এক শিকলিৰে বান্ধি ৰাখিছে।অসমৰ লোক উৎসৱ সমূহৰ ভিতৰত -----

      ১)বিহু উৎসৱ
---------------------------------
অসমৰ জাতীয় উৎসৱ হৈছে বিহু। অসমৰ উজনিৰ পৰা নামনিৰ সকলো অঞ্চলতে বিহু উৎসৱ পালন কৰা হয়। বিহু অসমৰ বাপোটি সাহোন। বিহু মূলত: তিনিটা ;ব'হাগ বিহু, কাতি বিহু আৰু মাঘ বিহু। বিহু মূলত: কৃষি উৎসৱ।বিহু সাধাৰণতে পৰম্পৰাগত নীতি-নিয়মেৰে পালন কৰা হয়। ব'হাগ বিহু সাতদিন ধৰি পালন কৰা হয়। গৰু বিহু, মানুহ বিহু, গোসাঁই বিহু, চেৰা বিহু ইত্যাদি পৰম্পৰাগতভাৱে পালন কৰি আহিছে প্ৰতিটো জাতি-জনজাতিয়ে। গৰু বিহুৰ দিনা গৰুক মাহ-হালধি সানি মাখিয়তীৰে কোৱাই লৈ গা ধোৱাই ন পঘাৰে বান্ধি পিঠা-পনা খুৱায় আৰু সেইদিনাৰ পৰাই ব'হাগ বিহুৰ প্ৰথম দিন আৰম্ভ হয়।গধূলি গৰুক ঘৰলৈ আনি থোপা লগাই ন বিচনিৰে বা দি গৰুক গোহালিত বান্ধি থয়।পিছদিনা মানুহ বিহু। সিদিনা সকলোৱে গা ধুই ন কাপোৰ পিন্ধি সৰুয়ে ডাঙৰক সেৱা জনায় আৰু ডাঙৰে সৰুক মৰম যাচে। ব'হাগ বিহুত হুঁচৰি গোৱা, গছৰ তলত বিহু নচা আদিয়ে ডেকা -গাভৰুৰ ভৰিৰ গচকত বসুন্ধৰা আই কোমল হয় আৰু আইৰ বুকু শস্য -শ্যামলা কৰি তোলে বুলি বিশ্বাস কৰে।
         কাতি বিহুত খেতি পথাৰৰ মঙ্গলৰ উদ্দেশ্যে আহিন-কাতি মাহৰ সংক্ৰান্তিৰ দিনা বিভিন্ন ধৰণৰ বিধি-বিধান পালন কৰা হয়। কাতি বিহুত তুলসীৰ তলত চাকি জ্বলাই আৰু খেতি পথাৰতো আকাশবন্তি জ্বলায়।খেতি পথাৰত থকা কৃষি অনিষ্টকাৰী পোক-পতংগ ৰোধ কৰিবৰ বাবে খেতি পথাৰত আকাশবন্তি তথা চাকি জ্বলায়। 
           মাঘ বিহু হৈছে প্ৰাপ্তি আৰু প্রাচুর্যৰ বিহু। আঘোণ মাহত লখিমী ধানক চপাই নি মাঘত আনন্দোৎসৱ পাতি ভোজ -ভাত খায়। মাঘ মাহত মেজি ঘৰ সজায় উৰুকা পাতে। এই বিহুত অগ্নি পূজা কৰা হয় আৰু এই পূজাত ন ধানৰ চাউল, মাহ, তিল আদি অগ্নি দেৱতাৰ নামত উছৰ্গা কৰা হয়। মাঘ বিহুত নানা ধৰণৰ খেল ধেমালি আদি অনুষ্ঠিত হয়। 
       ২)ভঠেলি উৎসৱ
-------------------------------------
অসমৰ বিভিন্ন স্থানত বছৰৰ আৰম্ভণিতে পালন কৰা বিভিন্ন উৎসৱ-পার্বনৰ ভিতৰত নামনি অসমৰ এটি জনপ্ৰিয় লোক উৎসৱ হৈছে ভঠেলি বা পাওৰা উৎসৱ।এই উৎসৱ নতুন বছৰক আদৰাৰ বাবে কামৰূপত ব'হাগ মাহত এই উৎসৱ পালন কৰা হয়। এডাল পোন বাঁহ ভালদৰে চাচি-চুৰুকি চিকুনাই লৈ নানা ৰঙ-বিৰঙৰ কাপোৰ মেৰিয়াই তাৰ মাজে মাজে দহ-বাৰটা চোঁৱৰ আঁকি দি গুৰিত কাপোৰৰ জামা পিন্ধাই সুন্দৰকৈ সজোৱা হয়। বাঁহডালত কিছু অকুমাৰী ছোৱালীয়ে মাহ-হালধি সানি দি তাত সেন্দুৰ মিঠাতেলত মিহলাই ফোট দিয়ে ।কিছুমান ঠাইত কল- পটুৱাৰে জোঙাকৈ এটি ঘৰ সজা হয় আৰু সূৰ্য পশ্চিমৰ আকাশত যোৱাৰ লগে লগে ডেকাবোৰে ঘৰৰ ভিতৰত থকা শৰাইবোৰ আঁতৰাই নি আগতে ঘৰৰ কাষত থকা লাঠিৰে ঘৰবোৰ কোবাই ভাঙি আনন্দ উৎসৱৰ সামৰণি ঘটায়। 
            ৩)হুদুম পূজা
-------------------------------------
গোৱালপাৰা জিলাৰ নাৰীসকলে বৰষুণ হোৱাৰ কামনাৰে হুদুম পূজা পালন কৰে। এই পূজা মহিলাসকলে মিলি এটা নিৰ্দিষ্ট দিনৰ সন্ধিয়াৰ সময়ত পথাৰৰ মাজত নাইবা এৰাবাৰীত গীত গাই নৃত্য কৰে। এই পূজাৰ বাবে তেওঁলোকে এটি পজাঘৰ সাজি ভিতৰত এটা মাটিৰ বেদী সাজি চিত্ৰ -বিচিত্ৰ ৰং গুৰিৰে শোভিত কৰে। এই মাটিৰ বেদীত আমপাত দি ঘট স্থাপন কৰে। বৰ্তমান সময়ত হুদু চৰাই বিলুপ্ত হৈছে বাবে মাটিৰে হুদু চৰাই তৈয়াৰ কৰি বেদীৰ কাষতে ৰখাৰ ব্যৱস্থা কৰা দেখা যায়।
           ৪)পচেতি উৎসৱ
-----------------------------------------
কৃষ্ণৰ জন্মোৎসৱক কেন্দ্ৰ কৰি পচেতি উৎসৱ পালন কৰা হয়। পচেতি উৎসৱ মূলতঃ স্ত্রীসকলৰ উৎসৱ।এই উৎসৱত মহিলাসকলে একত্ৰিত হৈ পৰম উৎসাহ- উদ্দীপনাৰে নাম গায়। নাম -কীৰ্ত্তনৰ উপৰিও লোকনাট্য ও অনুষ্ঠিত হয়। লোকবিশ্বাস আৰু ধৰ্মীয় ভাবৰ সমন্বয় সাধনৰ যোগেদি পচেতিৰ মাজেৰে গ্ৰাম্য মহিলাসকলৰ কলাসুলভ আশা-আকাংক্ষাৰ স্বৰূপ প্ৰকাশিত হয়। 
            ৫)লখিমী সবাহ
----------------------------------------
নাৰী সমাজৰ মাজত অতি জনপ্ৰিয় লখিমী সবাহ আহিন মাহত অনুষ্ঠিত হয়। আহিনমহীয়া ধানৰ ঠোক ওলাবৰ সময়ত মহিলাসকলে একত্ৰিত হৈ লখিমী নাম গাই সবাহ অনুষ্ঠিত কৰে। 
             ৬)মহহো উৎসৱ
------------------------------------------
নামনি অসমৰ এক উল্লেখযোগ্য লোক উৎসৱ হ'ল মহহো উৎসৱ।মহহো উৎসৱ আঘোণ মাহৰ পূৰ্ণিমা তিথিত জাতি-বর্ণ-নির্বিশেষে পালন কৰা হয়। এই উৎসৱ পালন কৰিলে মহ নোহোৱা হয় বুলি অসমীয়া সমাজে বিশ্বাস কৰে। মহহো উৎসৱ অতীজৰে পৰা পৰম্পৰাগতভাৱে বৰ্তমান সময়লৈকে চলি আছে। 
          আঘোন মাহৰ পূৰ্ণিমাৰ দিনাখন সন্ধিয়া সময়ত গাওঁৰ ল'ৰা তথা ডেকাবোৰে হাতে হাতে বাঁহৰ টাঙোন লৈ মানুহৰ ঘৰে ঘৰে গৈ চোতালত টাঙোনেৰে কোবাই কোবাই নৃত্য কৰি গীত গাই চাউল-পইচা আদি লৈ গৃহস্থক আশীৰ্বাদ দিয়ে। ডেকাবোৰৰ মাজৰে এজনে ভালুক হয়। লোকবিশ্বাস মতে ভালুক মহ খায়। 
            মহহো উৎসৱত গোৱা গীতসমূহ এক অমূল্য সম্পদ। স্থানভেদে গীতবোৰৰ মাজত পাৰ্থক্য থাকিলেও ইয়াৰ অন্তনির্হিত উদ্দেশ্য একেটাই মহ খেদা। গোৱালপাৰা জিলাত মহহো উৎসৱক "এউৰিমাগা " উৎসৱ বুলি কয়। 
               অসমত ওপৰত উল্লেখিত লোক উৎসৱসমূহৰ উপৰিও আৰু বহুতো লোক উৎসৱ আছে। সেইবোৰৰ ভিতৰত বিবাহ উৎসৱ, বিভিন্ন পূজা, যেনে -শিৱ পূজা, কুমাৰী পূজা, মনসা পূজা, অম্বুবাচী, দূৰ্গাপূজা আদি। বিষ্ণু পূজাক কেন্দ্ৰ কৰি অসমত বহুতো পুণ্যস্থান গঢ় লৈ উঠিছে। শ্ৰীমন্ত শংকৰদেৱ আৰু মাধৱদেৱৰ তিথি,নাম-কীর্ত্তন,ভাওনা,ৰথযাত্রা,ৰাস-পূর্ণিমা,ঝুলন যাত্ৰা, দৌল পূৰ্ণিমা আদি উৎসৱসমূহো অতি জনপ্ৰিয় লোক উৎসৱ। অসমৰ উজনি-নামনি,পাহাৰীয়া অঞ্চলত প্ৰচলিত প্ৰতিটো লোক উৎসৱে প্ৰতিজন অসমীয়া লোকক একতাৰ ডোলেৰে বান্ধি ৰাখি এক সমন্বয়ৰ সৃষ্টি কৰিছে।

🖊️নিবেদিতা পূজাৰী

Post a Comment

2Comments

নমস্কাৰ স্বাগতম জনাইছোঁ আপোনাক । লেখাটো বা সংখ্যাটো পঢ়ি কেনেকুৱা পাইছে তলত কমেন্ট বক্সত লিখি আমাক জনাবলৈ নাপাহৰিব । লগতে লেখাটোৰ তলত দিয়া হোৱাটচএপ, ফেচবুক বুটামত টিপি লেখাটো আপোনাৰ শুভাংকাশী সকলৰ সৈতে শ্বেয়াৰ কৰি দিব । ধন্যবাদ

  1. আপোনাৰ মোক নম্বৰ টো দিব

    ReplyDelete
  2. আপোনাৰ মোক নম্বৰ টো দিব

    ReplyDelete
Post a Comment