এজাক বৰষুণৰ অপেক্ষাত-২৬

©Admin
0
আজিৰ পৰা আমাৰ class বোৰ আৰম্ভ হৈছে। লগতে চেমিষ্টাৰ খিনিৰো ক্লাছ বোৰ হৈছে। প্ৰান্তিক দা হঁতৰো অলপ দিনৰ আগত পৰীক্ষাৰ ৰিজাল্ট দিছে। আজিকালি কলেজলৈ গলে আগৰ নিচিনাকৈ আৰু মই লাজ লাজ কৰি নাথাকো।  বৰ্ষা আৰু মই এতিয়া নতুন কৈ চিনিয়ৰ বা দাদা কেইজন মানৰ লগতো চিনাকি হৈছো। মুঠতে এতিয়া কলেজ খন খুউব ভাল লগা হৈছে। 
 অফ্ ক্লাছত প্ৰান্তিক দা আৰু স্বাগত দাৰ  লগত মাজে কথা পতা হয়। এনেকৈয়ে hs 2nd year ৰ দুমাহ মান পাৰ হল। স্বাগত দাই  বৰ্ষাক ভাল লাগে বুলি কোৱা কথাটো প্ৰান্তিক দাৰ মুখেৰে মই আৰু বৰ্ষাই গম পালো বুলি জানি স্বাগত দাই আজিকালি আমাৰ দুই জনীক দেখিলে বৰ লাজ লাজ কৈ থাকে। বৰ্ষাকো মই কেতিয়াবা স্বাগত দাৰ কথা কৈ কৈ খুব জুকাও। তাই মোৰ আগত লাজ নকৰে যদিও স্বাগত দাক দেখিলে অলপ লাজ কৰি দেখুৱাই। আৰু এদিন আমি কথা পাতি থকা অৱস্থাতে স্বাগত দাই বৰ্ষাক ভাল পাওঁ বুলি কৈ দিলে। প্ৰান্তিক দা আৰু মোৰ মুখৰ আগতে তাইক ভাল পাওঁ বুলি কৈ দিয়া দেখি তাই অলপ অলপ লাজ কৰিছিল কিন্তু স্বাগত দাই ইমান সাহসেৰে অলপো লাজ নকৰাকৈ যে তাইক ভাল পাওঁ বুলি কলে সেইটো কাৰণে বৰ্ষাৰো স্বাগত দাক ভাল লাগিব ধৰিলে। স্বাগত  দাই বৰ্ষা ক ভাল পাওঁ বুলি কলে যদিও বৰ্ষাই এতিয়া লৈকে একো উত্তৰ দিয়া নাই।,,,,,,,,,,,,

"অই কলেজ যাবি নহয় আজি"
ৰাতিপুৱাই বৰ্ষাই মেচেজ কৰিছে। মই বিছনাৰ পৰা উঠাই নাই তেতিয়া লৈকে। সময়তো চাইছো ৰাতিপুৱা ৭ বাজিছে । মই মেচেজ কৰি থকাত কৈ ফোন কে কৰিলো তাই লৈ।
_________ যাম আকৌ।কিয় কলেজত কিবা আছে নেকি?
বৰ্ষা______ কিয় আজিৰ পৰা কলেজত খেল ধেমালি নহয় নেকি? তই নাযাবও পাৰ" নহয় সেইকাৰণে সুধিলো।
খেল ধেমালি বুলি কোৱাত মই ভালেই পালো। কলেজ খোলাৰ পৰা একেৰাহে কলেজ গৈ গৈ আমনি লাগি গৈছে। এনেও মই একো খেল নেখেলোয়েই।সেইকাৰণে নাযাওঁ ভাবিলো।
_________ ৰাতিপুৱাই বহুত ভাল খবৰ দিছ"। মই গমেই নাপাওঁ আজিৰ পৰা খেল হব বুলি। নাযাওঁ দে আজি কলেজ।আমনি লাগিছে গৈ গৈ।
বৰ্ষা________ ও,,,,,, নাহ মানে মইয়ো নাযাওঁ তেতিয়া হলে।প্ৰান্তিক দা হঁতেও খেলিব আজি চাবলৈ পাৰিলো হেঁতেন।
প্ৰান্তিক দাই খেলিব বুলি শুনাত বিচনাৰ পৰা একেজাঁপে উঠিলো।
________ কি প্ৰান্তিক দা হতে খেলিব? মই যে গম নাপাওঁ?
বৰ্ষা______ অ কালি স্বাগত দাই ৰাতি ফোন কৰিছিল তেতিয়া কৈছিল। মই আকৌ তই গম পাৱ বুলি হে,,,,,,
________ নাপাওঁ গম। দিম ৰহ আজি মোক কিয় কোৱা নাছিল।
বৰ্ষা_______ হব কাজিয়া পাছত কৰিবি এতিয়া ক" কলেজ যাবি নহয়?
______ ওম যাম ওলা
বৰ্ষা______ ok bye।
যাবলৈ মন নাছিল যদিও যাওঁ আৰু। কলেজলৈ ওলোৱা আগত প্ৰান্তিক দা লৈ মেচেজ এটা দি ল"লো।
" কলেজত দি আছো আপোনাক ৰেদী হৈ থাকক" কিয় বুলি নোসোধিব এতিয়া"
ওলাই হৈ গ"ল। গৈ আছো কলেজলৈ তেনেকুৱাতে তেওঁ reply কৰিছে
"____কিয়" 
মই reply নকৰিলোঁ। অলপ পাছত কলেজ পালো গৈ। ভিতৰলৈ সোমাইয়ে তেওঁক দেখিছোঁ। একদম  খেলৰ dress পিন্ধি ৰেডী। মোক কিবা এটা কব লওঁতেই মই মুখ খন বেকা কৰি ৰুমলৈ সোমাই আহিলো। বর্ষাও আহিল। ক্লাছ এনেও নহয়েই,দুই জনী বাহিৰলৈ ওলাই আহিলো। প্ৰান্তিক দা ফিল্ডত আছিল। আমাক দেখি কথা পাতিবলৈ ওচৰলৈ আহিলে।
প্ৰান্তিক_______ আহিলা। 
দুই জনীৰ  ফালে চাই সুধিলে। বৰ্ষাই উত্তৰ দিলে।
প্ৰান্তিক______ মোক কোনোবাই দিব বোলে আজি। অহাৰ পৰা মতাও নাই।
বৰ্ষা_______ অ তোমাক দিব।খুব খং উঠি আছে আজি তাইৰ।
কোনেও নেদেখা কৈ প্ৰান্তিক দাক চিকুতি ধৰি ক"লো," আপুনি খেল খেলিব বুলি টো মোক কবও পাৰে। একো মানে খবৰেই নিদিয়ে। এতিয়া যদি মই কলেজ নাহিলো হেঁতেন,,,,,,?? বৰ্ষাই কলে কাৰণে হে,,.......
প্ৰান্তিক________ উফ ৰাম তুমি যে,,,,,,?নকলোঁ আৰু ।সেইটো আৰু কোৱা কথা নেকি? তুমি আহিবা বুলি মই জানো। কিনো সৰু ছোৱালীৰ নিচিনা কৈ কাজিয়া কৰি থাকা অ" সৰু সৰু কথাত।
হাত খন এৰি দিলো মই। বহুত জোৰত চিকুটি ধৰি আছিলো কাৰণে তেওঁ চিকুতা জেগা দোখৰ মোহাৰি আছে।
________ হ'ব হ'ব মই কলেজ নহা কথাই আছিল স্বাগত দাই খেলিব কাৰণে হে আহিলো। 
প্ৰান্তিক_______ অাৰু মই? মই খেলিম কাৰণে অহা নাই মানে?
হাঁহি উঠি গ'ল গুচি আহিলো দুই জনী সেইখিনিৰ পৰা।। ফুটবল খেল হ'ব এতিয়া। ফুটবল মই চাই অলপো ভাল নাপাওঁ  আৰু একো বুজিও নাপাওঁ।হলেও এতিয়া চাইছোঁ আৰু। প্ৰান্তিক দা হঁতৰ লগত আমাৰ লগৰ টিম এটা দিছে। দুয়োটা দলকে সমানে চাপৰ্ট কৰিছো।খেল আৰম্ভ হল।  বৰ্ষাই বেলেগ লগৰ দুজনী মানৰ লগত সমানে সমানে উকিয়াই।মোৰ তাইৰ চিঞৰ কেইটা শুনি খুব হাঁহি উঠে মাজে মাজে কিয় চিঞৰি আছ" বুলি গালি এটাও পাৰো।হলেও তাই ৰৈ নাথাকে। দুয়োটা দলেই ভাল খেলিছে। এনেকৈ খেলি থাকোতে প্ৰান্তিক দাই এপাকত ভৰিত অলপ দুখ পালে। তথাপিও তেওঁ খেলি আছে। বেয়াওঁ লাগিছে ভৰি তো দুপ মাৰি মাৰি খোজ কাঢ়িছে। এনেকৈয়ে খেল চলি থাকিল আৰু শেষত প্ৰান্তিক দা হত‍ঁৰ টিম টো জয়ী হ'ল। খেল শেষ হোৱা পাছত প্ৰান্তিক দা হত খাবলৈ গ'ল । তেওঁ ভৰিত কিমান দুখ পালে এতিয়া লৈকে গমেই পোৱা নাই ঘৰত খবৰ লম ভাবি আমি দুই জনী গুচি আহিলো। আহোঁতে বৰ্ষাক সুধিলো,,,,

আগলৈ•••

🖊️পূৰ্ণিমা হালৈ

Post a Comment

0Comments

নমস্কাৰ স্বাগতম জনাইছোঁ আপোনাক । লেখাটো বা সংখ্যাটো পঢ়ি কেনেকুৱা পাইছে তলত কমেন্ট বক্সত লিখি আমাক জনাবলৈ নাপাহৰিব । লগতে লেখাটোৰ তলত দিয়া হোৱাটচএপ, ফেচবুক বুটামত টিপি লেখাটো আপোনাৰ শুভাংকাশী সকলৰ সৈতে শ্বেয়াৰ কৰি দিব । ধন্যবাদ

Post a Comment (0)