সিদ্ধান্ত (অণুগল্প)

Rinku Rajowar
0
হাতত ম’বাইলটো লৈ একান্তমনে গেম খেলি খেলি বাহিৰলৈ ওলাই অহা পলাশক দেখি পথাৰৰ পৰা আহি বাৰাণ্ডাতে পকা কঁঠাল আৰু পিঠাগুৰিৰে সৈতে ৰঙা চাহ এবাতি খাই থকাৰ পৰাই দেউতাকে সুধিলে-"বোপাই অ’ ! নেটপেকটোৱে আৰু দুদিন যাবনে বাৰু ? মালিকে দুদিনৰ পিছতহে পইচা দিব পাৰিব হেনো ৷ তোৰ আকৌ অনলাইন ক্লাছ্ কৰিবলৈ অসুবিধা হ’ব নেকি?যদি হয় বেলেগৰ পৰাই ধাৰলৈ আনি দিম ৷তই ভালকৈ পঢ় ''৷দেউতাকৰ ৰ’দে পুৰা  পিঠিখন আৰু ওপৰচকুৱাৰে ভৰ্তি হৈ থকা ভৰি দুখনলৈ চাই সি সিদ্ধান্ত ল’লে আজিৰ পৰা সি আৰু গেম খেলি সময় নষ্ট নকৰে , অনলাইন ক্লাছবোৰ নিয়মীয়াকৈ কৰিব আৰু আগন্তুক মেট্ৰিক পৰীক্ষাত ভাল ৰিজাল্ট কৰি দেউতাকক সুখী কৰিব ৷ তাকে ভাবি পলাশে কোনোদিনে ক্লাছ নকৰা শইকীয়া ছাৰৰ গণিতৰ অনলাইন ক্লাছ কৰিবলৈ বুলি বহী-কলম লৈ টেবুলত বহিল ৷

🖋️পূৰৱী তামুলী বড়া
    শিৱসাগৰ ৷

Post a Comment

0Comments

নমস্কাৰ স্বাগতম জনাইছোঁ আপোনাক । লেখাটো বা সংখ্যাটো পঢ়ি কেনেকুৱা পাইছে তলত কমেন্ট বক্সত লিখি আমাক জনাবলৈ নাপাহৰিব । লগতে লেখাটোৰ তলত দিয়া হোৱাটচএপ, ফেচবুক বুটামত টিপি লেখাটো আপোনাৰ শুভাংকাশী সকলৰ সৈতে শ্বেয়াৰ কৰি দিব । ধন্যবাদ

Post a Comment (0)