আৰু এটা বছৰ পাৰ হৈ গল ।পত্নীৰ লগত মোৰ সম্পৰ্ক নাছিলেই বুলিব পাৰি । তাইলৈ আগতেও মূৰ তুলি চোৱা নাছিলো ।এতিয়াতো আৰু নেদেখুৱেই । অথচ মানুহজনীয়ে মোক এদিনো অবহেলা নকৰিলে ।অতি আচৰিত কথা । মোৰ পৰা যোৱা ওঠৰ বছৰে অশেষ নিৰ্যাতন ভূগিও মই অন্ধ হৈ যোৱাত তাই যেন খুব দুখ পাইছিল । তাইৰ কথা বোৰ শুনি মোৰ তেনে অনুভৱেই হৈছিল ।
মোৰ বন্ধু এজনে এদিন মোক চকু বিশেষজ্ঞ এজনৰ ওচৰলৈ লৈ গৈছিল ।তেওঁ খুব ভাল ধৰণে পৰীক্ষা কৰি জনালে .....যদি মোৰ সো চকুৰ ঠাইত এটা সুস্থ মানুহৰ চকু বহুওৱা হয় তেতিয়া মই দৃষ্টি শক্তি ঘূৰাই পাম ।
অন্ধ হোৱাৰ বাবে যদিও মই অসহায় হৈ পৰিছিলো, মোৰ সমস্ত আশা যদিও নিৰাশাৰ গভীৰতাত নিমজ্জিত হৈছিল, তথাপিও দৃষ্টি শক্তি ঘূৰাই পোৱাৰ দুৰ্বাৰ বাসনা এটাই মোক উন্মনা কৰি তুলিছিল । অপাৰেচন কৰি চকু এটা ভাল কৰিবলৈ মোৰ হাতত এটা টকাও নাছিল । তাৰোপৰি হস্পিটেলৰ আই বেঙ্কৰ ৰেজিষ্টাৰ ত আবেদনকাৰীৰ সংখ্যা আছিল দুশৰো ওপৰত ।
গতিকে আশা প্ৰায় বাদেই দিলো ।
অনুশোচনা তেতিয়াহে আহিছিল । অন্ধ হোৱাৰ আগতে মোৰ উপাৰ্জনৰ যিমান বোৰ ধন অযথা হিচাপ নোহোৱাকৈ খৰছ কৰিলো তাৰ কিছু অংশ ও যদি সঞ্চয় কৰিলোঁহেঁতেন । চৰকাৰী হস্পিটেলত চকুৰ অপাৰেচন বিনা মূল্যতে হব ।কিন্তু তাৰ আনুষঙ্গিক খৰছ খিনিৰ বাবেই মোৰ হাতত টকা নাই ।
আকৌ ভাবো চকুনো ক' ত পাম ? কোনোবাই দয়া কৰি যদি দিবলৈ ওলায় তেতিয়াহে । আত্ম হত্যা কৰি পেলাবলৈকে ইচছা হয় ।
সেইদিনা বোধকৰো মই প্ৰথম বাৰৰ বাবে পত্নী ৰ লগত কথা পাতিছিলো ।মোৰ কথা বোৰ শুনি লাহেকৈ তাই উঠি গ'ল । একো মন্তব্য নকৰিলে । ভিতৰি ভিতৰি খুব অপমান অনুভব কৰিলো ।দাতঁ কামুৰিহে নিজকে চম্ভালি ৰাখিলো ।
আগলৈ ••
🖋️ভৰত ৰাজখোৱা
নমস্কাৰ স্বাগতম জনাইছোঁ আপোনাক । লেখাটো বা সংখ্যাটো পঢ়ি কেনেকুৱা পাইছে তলত কমেন্ট বক্সত লিখি আমাক জনাবলৈ নাপাহৰিব । লগতে লেখাটোৰ তলত দিয়া হোৱাটচএপ, ফেচবুক বুটামত টিপি লেখাটো আপোনাৰ শুভাংকাশী সকলৰ সৈতে শ্বেয়াৰ কৰি দিব । ধন্যবাদ