দক্ষিণ কামৰূপৰ যাত্রাদল এক মোহনীয় কৃষ্টি-০৩

©Admin
0

যোৱা সংখ্যাৰ পিছৰ পৰা....
    সেই সময়ৰ যাত্রাদল দক্ষিণ কামৰূপৰ বাটৰহাটৰ বান্ধৱ নাট্য সন্মিলনৰ গৰীবৰ ছোৱালী নাটকৰ বিবেকৰ গানৰ এটি কলি এনে আছিল | গীতৰ সুৰ আছিল ওস্তাদ মদন চন্দ্র দাসৰ আৰু গায়ক আছিল বিপিন চন্দ্র কাকতি | 
  হেৰ পাগল , বুজি শপত কৰ
   ইচ্ছা কৰি নকৰিবা
    জীৱনটো জ্বৰ জ্বৰ
     বুজি শপত কৰ |
 শকুন্তলাই ভাল পাই দুষ্মন্তক
     দিছিল মালা
  দুদিন পাচত পাহৰি সকলো
  দিছিলে কতনো জ্বালা  |
     এয়ে আছিল তাহানিৰ নাটকবোৰৰ বিবেক গান | তাৰ পিছত আৰম্ভ হৈছিল নাটক | গলগলীয়া উদাত্ত কণ্ঠৰে দৰ্শকৰ মাজেৰে বাঁহ বান্ধি দিয়া পথেৰে অভিনেতাই খোলা মঞ্চলৈ বচন মাতি আহিছিল | এই সুযোগতে আমি অতি শ্রদ্ধাৰে স্মৰণ কৰিছো দক্ষিণ কামৰূপৰে ৰঙামাটি অঞ্চলৰ মাধৱ কলিতা , সানপাৰাৰ বীৰেন কলিতা , ৰামপুৰৰ বীৰেন মজুমদাৰ , ৰাজাপুখুৰীৰ কৃষ্ণপতি গোস্বামী আদি | এওঁলোকে খোলা মঞ্চত কৰা অভিনয় আজিও মানুহে পাহৰিব পৰা নাই | তাহানিৰ মহাকাব্য বা পুৰাণৰ কাহিনীক ভিত্তি কৰি নাটক সমূহ ৰচনা কৰা হৈছিল সেই সময়ত যাত্রাদলত চোক্ ৰা নাচ আছিল | এই চোক্ ৰা নাচ লৰা ছোৱালী উভয়ে নাছিছিল | চমুকৈ ইয়াক নৰ্তকী নাচ বুলিছিল | তেওঁলোকে প্রায়ে ধেমেলীয়া নৃত্য পৰিবেশন কৰিছিল | সাজ-পোচাক আছিল চকুত লগা ধৰনৰ ট সেই সময়ত প্রতিটো যাত্রাদলতে ড্রেচ মাষ্টাৰ আছিল | এওঁ অতি অভিজ্ঞ লোক আছিল | কোনে কি ড্রেচ কেনেকৈ পিন্ধিব লাগে তাক যতনাই যুগুতাই দিছিল | চোক্ ৰাবোৰে ৰজা বা সম্রাট বা তেনে উচ্চ বংশৰ বিষয়াৰ মনোৰঞ্জনৰ বাবে ৰাজদৰবাৰ , ৰাজসভা অথবা পৰবত চোক্ ৰা নাচিছিল | শেষত সম্রাট বা ৰজাই তেওঁলোকক ধন্যবাদ দিছিল | তেনে এবিধ চোক্ ৰা গীত হ'ল....
       নয়া নদীৰ নয়া কুল
       খোপাত মাৰে গকুল ফুল
    হাততে ঐ জেতুকা ফুস
    আগলী বাহৰে
    নয়া নদীৰ নয়া ফুল  |
    আগলৈ

  📝হেমেন হাজৰিকা

Post a Comment

0Comments

নমস্কাৰ স্বাগতম জনাইছোঁ আপোনাক । লেখাটো বা সংখ্যাটো পঢ়ি কেনেকুৱা পাইছে তলত কমেন্ট বক্সত লিখি আমাক জনাবলৈ নাপাহৰিব । লগতে লেখাটোৰ তলত দিয়া হোৱাটচএপ, ফেচবুক বুটামত টিপি লেখাটো আপোনাৰ শুভাংকাশী সকলৰ সৈতে শ্বেয়াৰ কৰি দিব । ধন্যবাদ

Post a Comment (0)