"খুৰী আপুনি মোক আচল কথাটো ক'বই লাগিব ।মই পৰ্ণাক হেৰুৱাব নোখোজোঁ।প্লিজ খুৰী..."
"কোনটো আচল কথা জানিব খুজিছা প্ৰানজিত।তোমাৰ পৰা মই একো লুকুৱাব নিবিচাৰো।প্ৰকৃততে পৰ্ণা মানসিকভাৱে সুস্থ নহয়।"এইবুলি কৈ মাধৱী বৰুৱা ৰৈ গ'ল।এই সকলোবোৰৰ বাবে একমাত্ৰ জগৰীয়া তেওঁ।তেওঁৰ পাপৰ ফলেই হয়তো আজি তেওঁৰ ছোৱালীও ভুগিব লগা হৈছে।
"তেতিয়াহ'লে অথনি তাই কৈ থকা কথাবোৰৰ অৰ্থ..."
"এইবোৰ তাইৰ সকলো ভ্ৰান্ত ধাৰণা।কৰবাত যদি তাই হত্যাৰ বাতৰি শুনে বা দৃশ্যই দেখে আৰু যদি কেতিয়াবা বেছি মানুহৰ জুমো দেখে তেতিয়া তাই এনেকুৱা আচৰণ কৰে প্ৰানজিত।"
"কিন্তু খুৰী এনে আচৰণৰ ৰহস্যটো কি?কি ঘটনাই তাইৰ মনত আঘাত কৰিছিল যে তাই এতিয়াও সেই ভয় কঢ়িয়াই লৈ ফুৰিছে।"
পৰ্ণা যে মানসিকভাৱে সুস্থ নহয় সেই কথা এতিয়াও প্ৰানজিতে সহজভাৱে ল'ব পৰা নাই।তাইচোন ঠিকেই আছিল সকলো ফালে।তাই অসুস্থ হোৱাৰ মূল কাৰণ হৈছে তাইৰ ভয়।কিন্তু এই ভয় কিহৰ বাবে?সি কথাটো মাধৱী বৰুৱা বা গৌৰীৰ পৰা হলেও উলিয়াব লাগিব বুলি মনতে থিৰাং কৰিলে।পৰ্ণাৰ এনে আচৰণ সি আৰু সহ্য কৰিব নোৱাৰে।এনে অশান্তি লৈ পৰ্ণাও জীয়াই থাকিব নোৱাৰে। তাৰ মৰম আৰু ভালপোৱাৰে পৰ্ণাৰ জীৱনলৈ সি হাঁহি ঘূৰাই আনিব লাগিব।পৰ্ণাই তাৰ জীৱনৰ প্ৰথম ভালপোৱা।এই ভালপোৱাক জীয়াই ৰাখিবলৈ সি কষ্ট কৰিব।
চলচলীয়া চকুৰে প্ৰানজিতে তেতিয়াও মাধৱী বৰুৱাৰ ফালে চাই আছিল।তেওঁ প্ৰানজিতক মৰমেৰে কাষত বহুৱাই ক'বলৈ ধৰিলে,"প্ৰানজিত তুমি ভয় খাব নালাগে।পৰ্ণাৰ একো নহয়।কেতিয়াবা কিছুমান পৰিস্থিতিয়ে তাইক আগৰ কিছুমান ঘটনা সোৱঁৰাই দিয়ে।তাইৰ মনৰ পৰা সেই ঘটনাবোৰ আৰু ভয়বোৰ সম্পূৰ্ণৰূপে মচিব পাৰিলেহে তাই সুস্থ হৈ পৰিব।"
"তাইৰ মনৰ পৰা ভয়াৱহ ঘটনাবোৰ আঁতৰাবলৈ হʼলে মই তাইৰ জীৱনৰ সকলো কাহিনী জানিব লাগিব।মোক জনাবনে সেই কাহিনী বোৰ খুৰী?" প্ৰানজিতে বহু আশাৰে মাধৱী বৰুৱাৰ ফালে চালে।
"আচলতে মই মোৰ স্বামী ৰবীনৰ লগত বৰখপুৰ গাঁৱলৈ বিয়া হৈ আহিছিলো।ৰবীন তেওঁৰ পৰিয়ালৰ চাৰিজন ককাই ভাইৰ ভিতৰত সৰুজন আছিল।দুজন ককায়েকে ঘৰৰ খেতি পথাৰ,বাগান চম্ভালি লোৱাৰ লগতে এজনে গাঁওৰ পোষ্ট অফিচত চাকৰি কৰিছিল।কিন্তু ৰবীন ঘৰৰ সৰু হোৱা বাবে আগৰে পৰা কামবোৰত সিমান মন দিয়া নাছিল। যদিও বিয়া পতাৰ পিছত সি ককায়েকহঁতৰ লগত খেতি পথাৰৰ কামত নিয়োজিত হৈছিল।প্ৰথমতে সকলোৱে মিলি একেলগতে আছিলো।কিন্তু লাহে লাহে বৌয়েকহঁতে শুনোৱা কটু কথাবোৰে আমাৰ পৰিয়ালত প্ৰায়েই অশান্তিৰ সৃষ্টি কৰিছিল।ৰবীনৰ নিজাকৈ একো নথকা বাবে তাক বহুবাৰ তিৰস্কাৰ কৰাও হৈছিল।এদিন এই সকলোবোৰে সহ্যৰ সীমা অতিক্ৰম কৰা বাবে বুকুত বহু সাহস গোটাই মই আৰু ৰবীনে কেইটামান সাঁচতীয়া টকা লৈ ঘৰ এৰি গুছি আহিছিলো। তাৰ পিছতেই আৰম্ভ হৈছিল আমাৰ এক নতুন জীৱন সংগ্ৰাম।আমি গুৱাহাটী আহি পোৱাৰ পিছত তাতে সি বহু কষ্টেৰে কোম্পানীৰ সৰু চাকৰি এটা গোটাই লৈছিল।ময়ো এখন চিলাইৰ দোকানত কাম কৰিবলৈ লৈছিলো। এনেদৰেই চলি গৈ আছিল আমাৰ জীৱন বোৰ।এই সংগ্ৰামৰ মাজতে ভগৱানে আমাৰ মাজলৈ উপহাৰ হিচাপে পঠাইছিল পৰ্ণা আৰু গৌৰীক।তাহাঁতক চাই আমি দুখৰ মাজতো হাঁহিবলৈ শিকিছিলো।অকণমানি ছোৱালী দুজনীক সাধ্যানুসৰি নতুন ৰঙেৰে সজাবলৈ শিকিছিলো।কিন্তু আমাৰ এই সুখকণো চাবলৈ চাগে কাৰোবাৰ সহ্য নহ'ল।সদায় সময়মতে ঘূৰি অহা ৰবীন সেইদিনা ঘূৰি অহা নাছিল।বহুত ফোন কৰিও তেওঁক পোৱা নাছিলো।পিছদিনা ৰাতিপুৱা অচিনাকী নম্বৰৰ পৰা এটা ফোন আহিছিল আৰু কৈছিল ,"ৰবীন নামৰ মানুহএজনক ৰাস্তাত মৃত অৱস্থাত পোৱা গৈছে।চিনাক্ত কৰিবলৈ আপুনি সোনকালে আহক।"সেইদিনাৰ স্মৃতি মই কেতিয়াও পাহৰিব নোৱাৰো।পৰ্ণা আৰু গৌৰীক লৈ মই কেৱল দৌৰিছিলো।ৰাজপথত পৰি ৰোৱা সেই ৰক্তাক্ত মৃতদেহৰ চিৰদিনৰ বাবে সাক্ষী হৈ ৰৈছিলো আমি তিনিও। মাথোঁ তিনিবছৰীয়া গৌৰী আৰু পৰ্ণাই কি বুজিছিল সেই সময়ত নাজানো;কিন্তু তাহাঁতক মৰম কৰা পিতৃযে সিহঁতৰ কাষলৈ কেতিয়াও ঘূৰি নাহে সেই কথা হয়তো বুজিবলৈ সিহঁতৰ সময় লাগিছিল।সিহঁতৰ মূৰত ধৰি আশীৰ্বাদ দিয়া আৰু মৰম কৰাৰ অধিকাৰকণ দেউতাকৰ পৰা অচিনাক্তলোকে কাঢ়ি লৈ গৈছিল। তাৰপিছত বহুলোকে আমাক আৰ্থিক সহায় প্ৰদান কৰিছিল।অপৰাধীক শাস্তিপ্ৰদান কৰিবলৈ ক'ৰ্ট কাছাৰী ঘূৰিবলৈও মোৰ হাতত সিমান টকা নাছিল যদিও বহুলোকে প্ৰতিবাদ কৰিছিল হত্যাকাৰীৰ বিৰুদ্ধে।চৰকাৰেও সহায় কৰিছিল;কিন্তু সেইবিলাকৰ মাজেৰেও এটা জীৱন হেৰাই যোৱাৰ দুখকণ আমি পাহৰিব পৰা নাছিলো।হত্যাকাৰীক শাস্তি দিবলৈও মানসিকভাৱে শক্তিশালী হৈ থকা নাছিলো আমি আৰু এদিন বৰখপুৰৰ পৰা আহি তেওঁৰ পৰিয়ালবৰ্গই আমাক লৈ গৈছিল আকৌ গাঁৱলৈ। তেতিয়ালৈকে মোৰ জীৱনত অন্য এক অধ্যায়ৰ আৰম্ভ হৈছিল-সেয়া বৈধৱ্য জীৱন সংগ্ৰামৰ অধ্যায়।
(আগলৈ....)
🖋️গৌৰাংগিনী নেওগ
নমস্কাৰ স্বাগতম জনাইছোঁ আপোনাক । লেখাটো বা সংখ্যাটো পঢ়ি কেনেকুৱা পাইছে তলত কমেন্ট বক্সত লিখি আমাক জনাবলৈ নাপাহৰিব । লগতে লেখাটোৰ তলত দিয়া হোৱাটচএপ, ফেচবুক বুটামত টিপি লেখাটো আপোনাৰ শুভাংকাশী সকলৰ সৈতে শ্বেয়াৰ কৰি দিব । ধন্যবাদ