আখৰৰ প্ৰতিবাদেৰে দুখীয়া পঁজাত
আইয়ে নীৰৱে চকুলো তুকিছে
মাজৰাতি কোনোবাই চিঞৰিছে
হিয়া ভগা-কাতৰ কান্দোন
হয়তো সীমান্তত মৃত্যু হোৱা সৈনিকৰ চিঞৰ।
আশাৰ পানচৈত বন্দী সোণৰ ঠাইখন
ধৰি ৰাখিব লাগিব
কেৱল চিঞৰিলেই নহ'ব
"আমি অসমীয়া নহঁও দুখীয়া"
কৰ্ম কৰিব লাগিব তেহে থাকিব বাক্য শাৰীৰ অস্তিত্ব।
পিন্ধিবৰ হ'ল যুঁজাৰুৰ বীৰ পোছাকযোৰ
শুকুৱাবৰ হ'ল আইহঁতৰ অশ্ৰুবোৰ।
জননীৰ সেউজীয়া পাহাৰবোৰ বিষাদেৰে ভৰা
হেৰৌ অসমীয়া,এলান্ধুবোৰ আঁতৰাই দিয়া।
সংগ্ৰামৰ সোৱাদেৰে আঁতৰ কৰিব লাগিব
এন্ধাৰৰ নীৰৱতাই গ্ৰাস কৰা সেই মৰ্মান্তিক ছবিখন,
উদাসীন সময়ৰ তাগিদাত নিজকে ফাঁকি নিদিবা
হেৰৌ অসমীয়া জাগা
এই সময় নহয় জিৰণি লোৱাৰ,ভোগ বিলাসৰ সৌন্দৰ্য্য চোৱাৰ
এই সময় নিজক পৰিচয় দিয়াৰ।
ধোঁৱাৰে ধূসৰিত এলাগী ঐক্যতানত
জ্বলোৱা তেজ শিখাৰ প্ৰদীপ
হাঁচতিত নীলা গজালি বান্ধি,
এঁকা-বেকা পথৰ মাজেদি
ফটা কামিজৰ কেঁচা ঘামৰ উত্তাপত সাহস পাবা
সেয়েহে উলাই আহা অসমীয়া।
🖋️পংখী মৰাণ
ৱিমেনচ্ কলেজ তিনিচুকীয়া
স্নাতক দ্বিতীয় ষান্মাষিক
নমস্কাৰ স্বাগতম জনাইছোঁ আপোনাক । লেখাটো বা সংখ্যাটো পঢ়ি কেনেকুৱা পাইছে তলত কমেন্ট বক্সত লিখি আমাক জনাবলৈ নাপাহৰিব । লগতে লেখাটোৰ তলত দিয়া হোৱাটচএপ, ফেচবুক বুটামত টিপি লেখাটো আপোনাৰ শুভাংকাশী সকলৰ সৈতে শ্বেয়াৰ কৰি দিব । ধন্যবাদ